সোণোৱাল কছাৰী সকল(ৰাজু সোনোৱাল)

সোণোৱাল কছাৰী সকল(ৰাজু সোনোৱাল)

সোণোৱাল কছাৰী সকল উজনি অসমৰ এক ভূমিপুত্ৰ জনজাতি। সোণোৱাল কছাৰীসকল তিব্বত-বৰ্মী ভাষাভাষী বড়ো-কছাৰী মূলৰ এটা ঠাল আৰু অসমৰ ধেমাজি, লক্ষীমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিস্তাৰিতভাৱে বসবাস কৰে । শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, শোণিতপুৰ আৰু পূৰ্বভাৰতৰ নগাভূমি আৰু অৰুনাচল প্ৰদেশৰ কিছুমান ঠাইতো বিক্ষিপ্তভাবে বসবাস কৰা দেখা যায় ।

আহোম সকলৰ ৰাজত্ব কালত এইসকল কছাৰীয়ে নদীৰ বালিৰ পৰা সোণ বুটলা কামত নিযুক্তি পাইছিল কাৰণেই এওঁলোকে সোণোৱালকছাৰী নাম পোৱা বুলি কিছুমানে ক’ব খোজে[citation needed]। সোণোৱালসকলৰ মাজত মুখ বাগৰি অহা এক লোক কথাৰ মতে, আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত উজনি অসমত থকা কেইঘৰমান সোণোৱালকছাৰীয়ে আউনিআটীয় গোসাঁই কেশৱ দেৱগোস্বামীক অলৌকিক গুণসম্পন্ন লোক জ্ঞান কৰি বাঁহ চুঙাৰে এচুঙা সোণ দক্ষিণা দি তেওঁৰ ওচৰত শৰণ লোৱা বাবে এই সকল কছাৰী সোণোৱালকছাৰী হ’ল বুলি কিছুমানে ক’ব বিচাৰে । বৰ্তমান এওঁলোকৰ জনসংখ্যা প্ৰায় আঢ়ৈ লাখৰ (২,৫০,০০০) ওচৰাওচৰি ।

 

সোণোৱাল কছাৰী সকলে নিজকে মহাবীৰ বলীৰজা, প্ৰহ্লাদ, ভগদত্ত, বাণৰজা, নৰকাসুৰ আৰু ভাস্কৰ বৰ্মন আদিৰ উত্তৰ পুৰুষ বুলি ভাবে। বলীৰজা, বিষ্ণুপুৰাণৰ মতে যাক ভগৱান বিষ্ণুৱে পাতাল পুৰীলৈ নিৰ্বাসণ দিছিল, তেওঁকেই সোণোৱাল কছাৰী সকলে তেওঁলোকৰ আদিৰজা বুলি গন্য কৰে। (সোণোৱাল কছাৰী সকলৰ হাইদাং হুচৰি গীতত এই কথাৰ উল্লেখ পোৱা যায় )। চুতিয়া সকলৰ আগেয়ে শদিয়া অঞ্চলত যে কোনো এক সময়ত সোণোৱাল কছাৰী সকলৰ ৰাজ্য আছিল সেই কথা তাম্ৰেশ্বৰী মন্দিৰ, কেঁচাইখাতী থান আৰু নদ-নদী বিলাকৰ নাম বিলাকে প্ৰমান কৰে। ডঃ লীলা গগৈৰ মতে ১১ আৰু ১২ শতাব্দীৰ ভিতৰত মানিক নামৰ সোণোৱাল কছাৰী সকলৰ ৰজা এজনে শদিয়া ৰাজ্যত ৰাজত্ব কৰিছিল। প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মতে শদিয়াৰ কৌণ্ডিল্য বা কুণ্ডিলক সোণোৱাল কছাৰী সকলে ‘হালালী’ বুলিছিল।

 

যদিও সকলো কছাৰীৰে মূল একেটাই যদিও কছাৰীৰ কেইটামান ঠাল হৈছে –

 

বড়চা

ধ্যান বা দেহান

লাথচা

থাওথেনচা

হাফলংচা আৰু

হাম্মুচা।

সোণোৱাল কছাৰীসকল হাম্মুচা ঠালৰ উত্তৰ পুৰুষ।

 

সোণোৱাল কছাৰী সকলৰ মাজত প্ৰচলিত লোককথাত এনেধৰণৰ বিৱৰণ পোৱা যায়ঃ

 

সোণোৱাল কছাৰী সকলৰ আৰাধ্য দেৱতা খ্ৰীং ৰাজাৰ আশীৰ্বাদত মানিকৰ স্ত্ৰীৰ গৰ্ভত এটা মেকুৰীৰ জন্ম হয়। মেকুৰীটো সৰিয়হৰ দুলিত থোৱাত আচৰ্য্যকৰ ভাৱে ই সোণালী ৰঙৰ হৈ পৰে। খ্ৰীং ৰজাৰ পৰা এনে স্বৰ্গীয় উপহাৰ লাভ কৰি মানিক হালালীৰ ৰজা হ’বলৈ সক্ষম হয়। কালক্ৰমে ৰজা মানিকৰ নাতিয়েক মুকুতা হালালী ৰাজ্যৰ ৰজা হয়। এইটো নিশ্চিত যে উত্তৰ আৰু উত্তৰপূব দিশৰ পৰা অতি কমেও দুটা জনপ্ৰবাস ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। এটা জনপ্ৰবাস তিস্তা, ধৰলা আৰু সোণকোষ নদীৰ উপত্যকায়েদি বেঙ্গল আৰু অসমত প্ৰৱেশ কৰিছিল আৰু আনটোৱে উজনী অসমৰ সোৱণশিৰি, দিবাং আৰু দিহং নদীৰ উপত্যকায়েদি অসমত উপত্যকাত প্ৰৱেশ কৰিছিল আৰু সোণোৱাল সকল সম্ভৱতঃ দ্বিতীয়টো জনশ্ৰোততহে অসমত সোমায়।

বংশ বৃক্ষঃ-

সোণোৱাল কছাৰী সকলৰ হাইদাং হুচৰীৰ মতে সোণোৱাল সকলৰ প্ৰধানকৈ সাত খেল চৌধ বংশ আৰু ছাপন্নটা সঁচ বা পৰিয়াল হ’ব লাগে। ১/ উজনীকুচীয়া, ২/ নামনীকুচীয়া, ৩/ অমৰাবমীয়া, ৪/ তিপমীয়া, ৫/ ধুলীয়াল, ৬/ চিৰিপুৰীয়া আৰু ৭/ বালিখিতিয়াৰী। এই সাত খেলৰ অন্তৰ্গত বংশ বিলাক – ১/ মদনীয়াল, ২/ মানিকীয়াল, ৩/ হুগ্ৰাল, ৪/ মুক্তাল, ৫/ এজমাল, ৬/ ফৰমাল, ৭/ সৰু-সাজোৱাল, ৮/ বৰ-হাজোৱাল, ৯/ লথিয়াল, ১০/ চতীয়াল, ১১/ কুমৰাল, ১২/ বৰমাল, ১৩/ দংৰাল আৰু ১৪/ ডিঙীয়াল।

মিৰি, ডফলা, বড়ো, ৰাভা, ডিমাচা, নগা, শ্যাম, কোঁচ আৰু আহোম আদি মূলৰ পৰা সোণোৱাল কছাৰীত অন্তৰ্ভুক্তি হোৱা আৰু নটা বংশ পোৱা যায়। সেই কেইটা হ’ল- ১/ মুখৰাল ২/ হুকৰাল ৩/ ডেকৰাল ৪/ চুঙীয়াল ৫/ চুনীয়াল ৬/ ধনশিৰীয়াল ৭/ হাকোৱাল ৮/ ধাদুমীয়াল আৰু ৯/ দলংগ্ৰীয়াল

ওপৰত উল্লেখ কৰা বংশ বিলাকক সৰ্বমুঠ ১০৮ টা সঁচ বা পৰিয়ালত বিভক্ত হৈছে। পৰিয়াল বিলাকৰ নাম তলত উল্লেখ কৰা হ’ল। ১/ গুঁইৰী, ২/ পিঠাৰ্‌ ৩/ ধকোৱালী, ৪/ বাগলাৰী, ৫/ লক্ষণাৰী, ঘৰপুৰাৰী বা ফেটাৰী, ৬/ গাওঁখোৱাৰী, ৭/ বালিখেতীয়াৰী, ৮/ বাইথৰী, ৯/ আঁখুৱাৰী, ১০/ ডেকাৰী, ১১/ উঝাৰী, ১২/ খনীৰী, ১৩/ লগুৱাৰী, ১৪/ গেলেপী, ১৫/ শুকুলী, ১৬/ মুক্তালী, ১৭/ মাক্ৰাৰী, ১৮/ গেজেপী, ১৯/ শগুণ মূৰাৰী, ২০/ ধাকনাৰী, ২১/ এজলাৰী, ২২/ লাঙিৰী, ২৩/ তুহুৰী, ২৪/ তেপাৰী, ২৫/ লাপিটী, ২৬/ মুকুডুমী বা কেনাৰী, ২৭/ চৰুৰী, ২৮/ বৰমাঝিৰী, মিচনাৰী, নঘৰাৰী বা উদিৰী ২৯/ খাটোৱালী, ৩০/ জাৰলগাৰী, ৩১/ মানাৰী বা মাৰাৰী, ৩২/ খটাৰী, ৩৩/ নেজকাটাৰী, ৩৪/ ফাটোৱালী, ৩৫/ ফালাৰী, ৩৬/ লালোৱাৰী, ৩৭/ ঠাকুলী বা ঠাকুৰী, ৩৮/ পেদাৰী, ৩৯/ চেলেঙী, ৪০/ তাঙিৰী, ৪১/ শগুণমাৰাৰী, ৪২/ তাৰাৰী, ৪৩/ কেদালী, ৪৪/ হাটখোৱাৰী, ৪৫/ বৰঘিয়াৰী বা বৰঘৰাৰী, ৪৬/ বেতাৰী, ৪৭/ কোমৰাৰী বা কুমাৰী, ৪৮/ ধৱলী বা ধুৱঁলী, ৪৯/ পিঙাৰী, ৫০/ ডুলিৰী, ৫১/ লেৰাঙী, ৫২/ ঝিঙিৰী, ৫৩/ অকলশৰীয়াৰ, ৫৪/ চৈতাৰী, ৫৫/ বুঢ়ামুদৰী, ৫৬/ মুদৰী, ৫৭/ মেগ লাৰী, ৫৮/ আঁঠুৱালী, ৫৯/ ডাফলাৰী, ৬০/ কেওঁতাৰী, ৬১/ বাগগিৰী, ৬২/ লিকামিৰি, ৬৩/ হাগুমিৰী, ৬৪/ কলাৰী বা কপৌহিৰী, ৬৫/ তুৰুকী, ৬৬/ বাওলাৰী, ৬৭/ তিতাৰী, ৬৮/ গাঁঠিৰী, ৬৯/ দেমাৰী বা দৈমাৰী, ৭০/ খাৰঘিয়াৰী বা খাৰঘৰাৰ, ৭১/ বৰগিয়াৰী বা বৰগঁয়াৰী, ৭২/ কেঁকোৱাৰী, ৭৩/ সৰুমাঝিৰী, ৭৪/ ঢেঁকীয়ালী, ৭৫/ মুখৰাৰী, ৭৬/ খেপৰাৰী, ৭৭/ পিকৰাৰী বা পিকাৰী, ৭৮/ ঘোঁতাৰী, ৭৯/ লোকিৰী বা কান্ধভঙাৰী, ৮০/ ঘুঙিয়াৰী, ৮১/ গেবৰাৰী, ৮২/ ধকোৱালী, ৮৩/ কলাখোৱাৰী, ৮৪/ নাকৰী, ৮৫/ ডেকানোৱাৰী, ৮৬/ জপৰাৰী বা ঝপৰাৰী, ৮৭/ আগাৰী, ৮৮/ তিপামিয়াৰী, ৮৯/ বুনিৰী, ৯০/ বাইলুং বা বাইলুঙিৰী, ৯১/ বেচনাৰী বা চাংপেতাৰী, ৯২/ ঘেৰাৰী, ৯৩/ পলাশী, ৯৪/ ধেমখাৰী বা ধামখাৰী, ৯৫/ শদিয়াৰী, ৯৬/ আহুৱাৰী, ৯৭/ লোহাৰী, ৯৮/ মটিয়াৰ বা মাটিয়াৰ, ৯৯/ গহপুৰিয়াৰী, ১০০/ ধাদুমিয়াৰী, ১০১/ লোণপুৰিয়াৰী, ১০২/ ধাদুমিয়াল, ১০৩/ হাজাৰী, ১০৪/ কেনাৰী, ১০৫/ লেধাৰী, ১০৬/ তেজাৰী বা তেজিয়াৰী, ১০৭/ ঘুণিয়াৰী আৰু ১০৮/ ফুটকাৰী।

 

বংশ আৰু সঁচ বিলাকৰ মাজত তেজৰ সম্বন্ধ থকা গতিকে সোণোৱাল সকলৰ মাজত একে সঁচ আৰু বংশৰ মাজত বিবাহ নিসিদ্ধ। একবিবাহ প্ৰথাই সোণোৱাল সমাজত প্ৰচলিত নিয়ম যদিও একাধিক বিবাহ নিসিদ্ধ নহয়। দুয়ো পক্ষৰ সন্মতি মৰ্মে বিপত্নীক বা বিধবা সকলে পুণৰ্বিবাহ কৰাত বাধা নাই। সোণোৱাল কছাৰী সকলে তেওঁলোকৰ নামৰ পাচত সঁচৰ নাম প্ৰতিসৰ্গ হিচাবে ব্যৱহাৰ কৰাৰ উপৰি শইকীয়া, বৰশইকীয়া, হাজৰিকা, বড়া, বৰুৱা, ডেকাবৰুৱা, দাস আদি উপাধীও ব্যৱহাৰ কৰে। সোণোৱাল কছাৰী সকলৰ বৰ্তমান নিজ ভাষা নেথাকিলেও তেওঁলোকৰ মাজত কথিত উপভাষা প্ৰচলিত দেখা যায়। সোণোৱাল কছাৰী সকলে প্ৰধানকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলেও তেওঁলোকে ব্যৱহাৰ কৰা উপভাষাৰ ভালেমান শব্দ অভিধানত পোৱা নেযায়।

খাদ্যাভ্যাসঃ

সোণোৱাল কছাৰী সকলৰ খাদ্যাভ্যাসত সিদ্ধ ভাত, তৰকাৰী, মাছ, মাংস আদিয়েই প্ৰধান। সোণোৱাল কছাৰী সকল সাধাৰণতে আমিষ ভোজী আৰু কুকুৰ আৰু গোমাংসৰ বাহিৰে প্ৰায় সকলোবিলাক জীৱ-জন্তুৰেই মাংস আহাৰ হিচাবে গ্ৰহন কৰে। তেওঁলোকৰ দৈনন্দিন আহাৰত ক্ষুদ্ৰ পৰিমানৰ মচলা আৰু জাল ব্যৱহাৰ কৰে। সোণোৱাল কছাৰী সকলৰ খাদ্যাভ্যাসত জনজাতিয় অতুলনীয় সাংস্কৃতিক পৰম্পৰাগত বৈশিষ্ট বিদ্যমান। তেওঁলোকে জীৱ-জন্তুৰ কোনো অঙ্গকেই পেলনীয়া হিচাবে নলৈ সুস্বাদু আঞ্জা তৈয়াৰ কৰি লয়। ধৰ্মীয় বিশ্বাসৰ বাবে সোণোৱাল কছাৰী সকলে কিছুমান জীৱ-জন্তুৰ মাংস অখাদ্য হিচাবে জ্ঞান কৰে। মহিলা আৰু বৃদ্ধ-বৃদ্ধাৰ ক্ষেত্ৰত খাদ্যৰ বাধা অধিক পৰিলক্ষিত হয়। সোণোৱাল কছাৰী সকলে অধিক মচলাযুক্ত আহাৰ পচন্দ নকৰে। মাছ সোণোৱাল কছাৰী সকলৰ অতি প্ৰিয় খাদ্য। তেওঁলোকে দাতি-কাষৰীয় নৈ-বিলৰ পৰা মাছ ধৰি আনি বিধে বিধে তৃপ্তিকৰ আঞ্জা তৈয়াৰ কৰি লয়। সোণোৱাল কছাৰী সকলে নানাবিধ পোক পৰুৱাও হাবিৰ পৰা সংগ্ৰহ কৰি আনি খাদ্য হিচাবে গ্ৰহন কৰে। কোমল চাউল, চিৰা, পিঠা, চেৱা দিয়া বৰা ভাত, চাউলচুঙা (চুঙাত দিয়া ভাত), টোপোলা ভাত ইত্যাদি জল পান হিচাবে ব্যৱহাৰ কৰে। সোণোৱাল কছাৰী সকলে চাউল আৰু ফলৰ পৰা নানাবিধ পানীয় তৈয়াৰ কৰি লয়। সোণোৱাল কছাৰী সকলৰ কেইবিধমান স্বকীয় পানীয় হ’ল- মদ, ৰহি মদ আৰু গুৰৰ লালিৰ পৰা তৈয়াৰ কৰা চেৰাপ। সোণোৱাল কছাৰী সকলে পুৰুষ-নাৰী, ল’ৰা-বুঢ়া সকলোৱে মিলি একেলগে পানীয় গ্ৰহন কৰাত কোনো বাধা নাই।

বস্ত্ৰ আৰু সাজপাৰঃ-

গাওঁত থকা সোণোৱালকছাৰী সকলে নানা বৰণীয়া আটক ধুনীয়া সাজপাৰ পৰিধান কৰে । সম্ভ্ৰান্ত পুৰষ সকলে সাধাৰণতে ধুতী আৰু কামিজ পিন্ধি কান্ধত চেলেং চাঁদৰ লয় । সাধাৰণ চহালোকে আঁঠুৰ মূৰলৈকে চুৰীয়া পিন্ধি গাত গামুচা লয় । সোণোৱালকছাৰী সকলৰ বয়ন শিল্প এক পৰম্পৰাগত ৰিতী-নীতি । ঘৰতে সাজি লোৱা তাঁতৰ শালত সোণোৱালকছাৰী সকলৰ তিৰুতা সকল কাপোৰ বোৱাত বৰ পাকৈত । ছোৱালী বিয়া দিওঁতে ছোৱালীক তাঁতৰ শাল এযোৰ যৌতুক দিয়াতো প্ৰায় বাধ্যতামূলক । সোণোৱালকছাৰী শিপিনী সকলে ঘৰতে বৈ লোৱা এড়ীচাঁদৰ, বৰকাপোৰ আদি গৰম কাপোৰ আৰু ৰংচঙীয়া ফুল বচা মুগাচাঁদৰ, মুগাৰ মেখেলা, কপাহি মেখেলা, কপাহি চাঁদৰ, ৰিহাঁ, ধুতী, গামুচা, তিয়নি, একাঠীয়া, চেলেং কাপোৰ আদি সোণোৱালকছাৰী শিপিনী সকলৰ শিল্পীসূলভ প্ৰতীক । সোণোৱালকছাৰী মহিলা সকলে মূৰ ঢাকিবলৈ সদায় টকয়া ব্যৱহাৰ কৰে । সোণোৱালকছাৰী সকলৰ সৰহ সংক্ষকেই খেতী-বাতি আৰু কৃষি কাৰ্যত আত্মনিয়োজিত । গাম খাৰু বা হাঁচৰমৰা খাৰু, কেৰু, জাংফাই কেৰু, ঠুৰিয়া, বিৰী, জোনবিৰী, কংকন, ডুগডুগি, লাটুমনি, মাদুলি আদি পৰম্পৰাগত আ-অলঙ্কাৰ সোণোৱালকছাৰী মহিলা সকলে ব্যৱহাৰ কৰাত ৰুচি দেখুৱায় ।

ধৰ্মঃ-

সোণোৱালকছাৰী সকলৰ পৰম্পৰাগত ধৰ্ম হ’লেও সৰ্বশক্তিমান একঈশ্বৰ আৰু পৰজন্মত বিশ্বাস কৰে । সোণোৱালকছাৰী সকলৰ এটা ভাগে এতিয়াও চৈতন্যবাদ আৰু জড়োপাসনাত বিশ্বাস ৰাখে । তেওঁলোকৰ মতে বিপদৰ সময়ত পূৰ্বপুৰুষ সকলৰ আত্মাই সহায় কৰে আৰু সেই বিশ্বাসতেই পূৰ্বপুৰুষ সকলৰ আত্মাৰ সন্তুষ্টিৰ অৰ্থে পূজা-পাতল কৰে । সোণোৱালকছাৰী সকলৰ মাজত সত্ৰসংগতি সোমোৱাৰ আগেয়ে পূৰ্বপুৰুষ সকলৰ আত্মাৰ পূজা-পাতলতেই বিশ্বাস ৰাখিছিল । সোতৰ শতিকাৰ মাজ ভাগত সত্ৰাধিকাৰীৰ প্ৰভাৱত সোণোৱালকছাৰী সকলৰ মাজত বৈষ্ণৱ ধৰ্ম প্ৰচলন হয় আৰু বৰ্তমান সোণোৱালকছাৰী সকলৰ সৰহ সংক্ষকেই বৈষ্ণৱ । সোণোৱালকছাৰী সকলৰ সকলো গাওঁতে একোটা স্বকীয় নামঘৰ দেখা যায় যিয়ে তেওঁলোকৰ ধৰ্মীয় আৰু সংস্কৃতিৰ পৰম্পৰা বহন কৰি আহিছে । সোণোৱালকছাৰী সকলৰ অন্য দেৱ-দেৱীক নমনা বৈষ্ণৱ ধৰ্মৰ প্ৰতি বিশ্বাস থাকিলেও তেওঁলোকে এতিয়াও পুৰণীকলিয়া ধৰ্মাচাৰ পদ্ধতিক সম্পূৰ্ণৰূপে এৰি পেলাব পৰা নাই । তেওঁলোকে এতিয়াও তেওঁলোকৰ পৰম্পৰাগত উপাস্য দেৱ-দেৱীক পূজাপাতল কৰি আহিছে । তেওঁলোকৰ পৰম্পৰাগত বিশ্বাস মতে এতিয়াও সমাজৰ হিতাৰ্থে বিভিন্ন জীৱ-জন্তু আৰু গছ-গছনিক উপাসনা কৰে ।

সোণোৱালকছাৰী সকলৰ পূজা-পাৰ্বণ দুই ধৰণৰ ; সামোহিক আৰু পৰিয়াল কেন্দ্ৰিক । একোটা পৰিয়ালৰ সুখ-শান্তিৰ বাবে ঘৰুৱা দেৱ-দেৱীক আৰু সমোহ ৰাইজৰ বাবে বিশেষ বিশেষ দেৱ-দেৱীক সমজোৱাভাবে পূজা-পাতল কৰে । বাইথ’ পূজা, বাঘদেউ পূজা, গাতিগীৰি সবাহ, গজাই ভোজ, সৰগদেউ পূজা, গোকালিকা পূজা, জলখাই পূজা, ক’লাচামোন পূজা, ৰঙাচামোন পূজা, বৰচামোন পূজা, ক্ষেত্ৰ পূজা, কেঁচাইখাতী গোঁহানী পূজা, আচাৰকটা পূজা, তাপচিলিং পূজা, বুঢ়াবুঢ়ী থানৰ পূজা, বলিয়াবাবা থানৰ পূজা, ভূৰুলী-হাবুকী থানৰ পূজা, কলীআই থানৰ পূজা, লখিমী তোলা সবাহ, ভুৰ উটোৱা সবাহ, বালি সবাহ, চেঙেলী মাছৰ সবাহ, নৰাচিঙা সবাহ, বাটৰ সবাহ, ফ ল-মূলৰ সবাহ, মিঠৈ বটা সবাহ, বৰ সবাহ আদি সোণোৱালকছাৰী সকলৰ সামোহিক পূজা পাতল । খিন ভঙা, বুঢ়া পোহা, চাউল খুউৱা, মৰাক দিয়া, পিৰি দিয়া, ন-পুৰষৰ সকাম, লখিমী মতা, বাৰিচুকৰ সকাম‌, আয়ুস তোলা সকাম, আই মতা, আপেশ্বৰী সবাহ, বাটৰুৱা সকাম, গৰখীয়া সবাহ, গা-চলনি দিয়া, উজান মাছ ধৰা পূজা, ডাঙৰ গছ ক টা পূজে, হাবি জুই জলোৱা পূজা, চিটিকা পতা পূজা, কাছ-ঘাঁহ কটা পূজা, চুমনী পূজা, কচুকুৱঁৰী পূজা, ডাঙৰীয়া পূজা আদি সোণোৱালকছাৰী সকলৰ ব্যক্তিগত ঘৰুৱা পূজা পাতল ।

জাতিয় উৎসৱঃ-

সোণোৱালকছাৰী সকলে বৰ উৎসাহ আৰু উদ্দীপনাৰে তেওঁলোকৰ স্বকীয় জাতিয় উৎসৱ উদযাপন কৰে । অন্নান্য অসমীয়া সমাজৰ দৰেই সোণোৱালকছাৰী সকলৰো বিহু কেইটাই তেওঁলোকৰ জাতিয় উৎসৱ । বহাগ বা ৰঙালী বিহু, মাঘ বা ভোগালী বিহু আৰু কাতি বা কঙালী বিহু সোণোৱালকছাৰী সকলে বৰ ৰং-ৰসস্য আৰু উল্লাহেৰে পালন কৰে । উৎসৱ, বিয়া, সশ্যচপোৱা আদি যিকোনো আনন্দৰ মূহুৰ্তত সোণোৱালকছাৰী সকলে নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে ।

বৈৱাহিক প্ৰথাঃ-

আগেয়েই উল্লেখ কৰা যে একবিবাহ প্ৰথাই সোণোৱাল সমাজত প্ৰচলিত নিয়ম যদিও একাধিক বিবাহ নিসিদ্ধ নহয় আৰু দুয়ো পক্ষৰ সন্মতি মৰ্মে বিপত্নীক বা বিধবা সকলেও পুণৰ্বিবাহ কৰাত বাধা নাই । কোনো বিশেষ কাৰণত প্ৰথমা পত্নীৰ অনুমতি সাপেক্ষে পুৰুষে দ্বিতীয় পত্নী গ্ৰহন কৰাতো বাধা নাই । সোণোৱালকছাৰী সমাজত অসবৰ্ণ বিবাহো বিড়ল নহয় । সোণোৱালকছাৰী সমাজত অভিভাৱক সকলে অসবৰ্ণ বিবাহক মানি লবলৈ টান পায় যদিও সেইয়া ধৰা-বন্ধা নিয়ম নহয় । সোণোৱালকছাৰী সমাজে কন্যামূল্য গ্ৰহন নকৰে । বৰ্তমান সোণোৱালকছাৰী সমাজত পাঁচ বিধ বৈৱাহিক প্ৰথা পৰিলক্ষিত হয় । এই বিলাকৰ ভিতৰত ১/ শান্তিবিয়া বা নোৱাই তোলনী বিয়া, ২/ নোৱা-ধুৱা বা বৰবিয়া, ৩/ হোম দিয়া বিয়া, ৪/ গন্ধৰ্ববিয়া আৰু ৰভা সৰকাই দিয়া বিয়াই প্ৰধান । সোণোৱাল সমাজত প্ৰচলিত নিয়ম অনুসৰি একে বংশ বা পৰিয়ালৰ মাজত বিবাহ সম্পুর্ণৰূপে নিসিদ্ধ । তেনে বিবাহ সংঘটিত হ’লে তেওঁলোকৰ উত্তৰ পুৰুষে তিনিখন মেখেলা পাৰ নোহোৱালৈকে তেওঁলোকক বংশৰ পৰা বহিস্কৃত কৰি ৰখাৰ নিয়ম ।

সমাজ নেতৃত্বঃ

উত্তৰ পূব ভাৰতৰ অন্নান্য গাঁৱলীয়া জনসমাজ গাঠনিৰ সৈতে সোণোৱালকছাৰী সকলৰ জনসমাজ গাঠনিও প্ৰায় একে । গাওঁ একোখনৰ প্ৰসাশনিক মোক্ষ হিচাবে গাওঁবুঢ়াকে ধৰি আন কিছুমান বিষয় ববীয়াক লৈ গাওঁখনৰ প্ৰসাশন যন্ত্ৰ গঠিত হয় । অন্নান্য বিষয় ববীয়া সকল এনে ধৰণৰ – ৰাজাগুৰু, পূজাৰী, দেউৰী, টিকাধৰা, মূৰাধৰা, মজিন্দাৰ, বাৰিক, ভৰালী, তামুলী, বিলনীয়া, ৰান্ধনী, বাঢ়নী, গীতঘাই, মেধী, বায়ন, পাঠেকি, আশীৰ্বদীয়া ইত্যাদি । ইজনে সিজনৰ প্ৰতি থ’কা পাৰস্পৰিক সহায় আৰু সহযোগিতাৰ বাবে কোনো পাৰিশ্ৰমিক নোলোৱাকৈ শ্ৰমদান কৰা অনুস্থান ‘হাৰি’ বা ‘হাউৰি’ সোণোৱালকছাৰী সকলৰ সমাজত মিলাপ্ৰিতিৰ এক উৎকৃষ্ট নমুনা । এই অনুস্থানত গহস্থই অৱশ্যে আমন্ত্ৰিত সকলক খাদ্য আৰু পানীয়ৰ যোগান ধৰিব লগা হয় ।

(ৱিকিপিদিয়াত আছে প্ৰবন্ধটো)

 

 

One thought on “সোণোৱাল কছাৰী সকল(ৰাজু সোনোৱাল)

  • August 15, 2020 at 11:02 pm
    Permalink

    কোনতো বংসৰ কি কি পৰিয়াল জানিব বিচাৰো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!