সোণৰ ব্যৱসায়ীৰ কাৰচাঁজি (নিৰঞ্জন হাজৰিকা)

(পিউৰ গ’ল্ড অথাৎ ২৪ কেৰেটৰ দাম সেইটো, আপুনি ২৪ কেৰেটৰ সোণেৰে তৈয়াৰ কৰিলে যদি আমাক নালাগে । কিয়নো ২৪ কেৰেটৰ সোণেৰে তৈয়াৰ কৰিলে ভাগি যাব আৰু ৰাস্তাত কৰবাত পৰি যাব । এইটো জনা উচিত যে Pure gold অথাৎ ২৪ কেৰেটৰ সোণেৰে অলঙ্কাৰ তৈয়াৰ কৰিব নোৱাৰি…)

এজন নিজৰ মানুহে মোক বজাৰলৈ যাবলৈ লগ ধৰিলে। কিবা এটা সোণৰ গহণা গঢ়াবলৈ দিছিল তাকে আনিবলৈ । যিজন সোণাৰিক বনাবলৈ দিছিল তেওঁৰ ওচৰত ক্ষন্তেক বহাৰ পাছতে ডাঙৰ চন্দুকটো খুলি এডাল সোণৰ চেইন দেখুৱালে আৰু ওজন কৰিব ধৰিলে । তেওঁ হিচাপটো এনে ধৰণেৰে দিলে—

“চেইনডালৰ ওজন হ’ল ২ তোলা ৩ ৰতি । তোলাত ৩৫  টকাকৈ সোণৰ দাম হ’ল ৮৭,৫০০.০০টকা।
গহণি অথাৎ বনোৱা মজুৰি হ’ল ৪,৮০০.০০ টকা । সক’লো মিলি হ’ল ৯২,৩০০.০০ টকা । আপুনিটো চিনাকী আৰু ঘৰৰ দৰে, গতিকে ১,০০০/-টকা কমাই দিলেও হ’ব ।
তেতিয়াহে মই মাত লগালো – সোণ কিমান লাগিল আৰু দাম কিমান ধৰিলে ?
সোণৰ দাম ৩৫,০০০ টকা ।
পিউৰ গ’ল্ড অথাৎ ২৪ কেৰেটৰ দাম সেইটো, আপুনি ২৪ কেৰেটৰ সোণেৰে তৈয়াৰ কৰিলে যদি আমাক নালাগে । কিয়নো ২৪ কেৰেটৰ সোণেৰে তৈয়াৰ কৰিলে ভাগি যাব আৰু ৰাস্তাত ক’ৰবাত পৰি যাব । এইটো জনা উচিত যে Pure gold অথাৎ ২৪ কেৰেটৰ সোণেৰে অলঙ্কাৰ তৈয়াৰ কৰিব নোৱাৰি, কেবল অসমীয়া গহণা যত লাৰে ভৰ্তি কৰা তাত হে এই সোণ লাগে । মই ক’লো – আপুনি ৩অনা মান তাম মিলাই ২২কেৰেটৰ সোণেৰে তৈয়াৰ কৰি দিব ।
সোণাৰিজনে সেমেনা সেমেনি কৰি উত্তৰ দিলে—‘অলপ মিলাইছো।’
তেন্তে সোণৰ ওজনৰ পৰা বাদ নিদিলে কিয় ? আপুনি যদি কমেও ২.২৫ অনা মিলাইছে তেন্তে কমেও ৫,৫০০ টকা দাম কমিব লাগে ।
সোণাৰিজন ঠাণ্ডাতো ঘামিবলৈ ধৰিলে । শেষত ৭,০০০টকা কমাই চেইনডাল দিলে।
ক’লো, এখন অলঙ্কাৰ বনোৱা দোকান খুলিয়ে কেনেকৈ এটা দালান বনায় আজিহে গম পালোঁ । আপোনালোকে গাৱঁৰ অজলা মানুহখিনিক যে কি কৰি আছে তাৰ হিচাপ ভগৱানেহে ৰাখিছে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!