সৌ এখন চিলা — অনিতা গগৈ


.
জেপ্ জেপীয়া বৰষুণজাকত
হৃদয় জুবুৰিয়াই ৰৈ আছে পলাশৰ থোপাবোৰ
.
সৰাপাতত খচ্মচনি তুলি পাৰ হৈ গ’ল
এজাক বতাহৰ-ঘোঁৰা
.
আঁহতৰ কুঁহিপাতে মচিছে
ফাগুনৰ ঠিকনা
.
ধূলিৰ আঙুলিৰে ভগ্নদুৰ্গৰ
দুচকু মুদাই সুধিছে চহৰখনে
.
কোৱাচোন কোনে মোৰ নামত
উৰুৱাইছে সৌ এখন চিলা ?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!