স্কিজ’ফ্ৰিনিয়া – আৰাধনা বৰুৱা

ঘৰৰ ছালখনৰ ওপৰত খোজৰ শব্দবোৰ লাহে লাহে বাঢ়ি আহিছে৷ ঠিক যেন কোনোবা টিঙৰ ছালখনৰ ওপৰত বগুৱা বাই ফুৰিছে৷ মৌচুমীয়ে ভয়তে বিচনা চাদৰখনেৰে ঘামি জেপজেপীয়া হোৱা গাটো মূৰলৈকে ঢাকি দিলে৷ তাই স্পষ্টকৈ শুনা পালে কোনোবাই তাইৰ কাষলৈ আহি কাণৰ কাষত ফুচফুচাই কৈছে “তোৰ মাৰজনীয়েই তোৰ শত্ৰু৷ তায়েই তোক মাৰিবলৈ বুদ্ধি কৰিছে”৷ বিচনা চাদৰখন দলিয়াই তাই দৌৰি বাহিৰলৈ ওলাই আহিল৷ আহাৰ মহীয়া দুপৰীয়া৷ ৰ’দৰ খাওঁ খাওঁ মূৰ্তি৷ মানুহবোৰ ভাতসাঁজ খাই জিৰণি লৈছে৷ হঠাৎ তাই দেখিলে এজুম মানুহ হাতত যাঠি-জোং লৈ তাইৰ ফাললৈকে খেদি আহিছে৷ সেই অশৰীৰী মাতটোৱে তাইক আকৌ ক’লে, “চা মই কৈছিলোঁ নহয়! তোৰ মাৰে তোক মাৰিবলৈকে এইজাক মানুহ পঠিয়াইছে৷” তাই ভয়তে দৌৰি দৌৰি ঘৰৰ ভিতৰ সোমাই দুৱাৰখন বন্ধ কৰি চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিলে৷ হয়তো তাই নজনাকৈ তাইৰ মাকেই তাইৰ বিৰুদ্ধে এইবোৰ ষড়যন্ত্ৰ কৰিছে৷ মাকৰ ওপৰত প্ৰচণ্ড খং এটা উঠি আহিল আৰু আঠুৱাৰ ষ্টেণ্ডডাল খুলি তাই এফালৰ পৰা কোঠাটোৰ বস্তুবোৰ ভাঙিবলৈ আৰম্ভ কৰিলে৷
ঘটনাটোৰ পিছত তাইক ততাতৈয়াকৈ হস্পিতাললৈ লৈ যোৱাত চিকিৎসকে তাইৰ আচৰণত দেখা দিয়া লক্ষণসমূহৰ ভিত্তিত জনালে যে মৌচুমী স্কিজ’ফ্ৰিনিয়া নামৰ ৰোগটোত আক্ৰান্ত হৈছে৷
স্কিজ’ফ্ৰিনিয়া হৈছে এক জটিল মানসিক ৰোগ৷ ২০১৩ চনৰ বিশ্ব মানসিক স্বাস্থ্য (World Mental Health)ৰ তথ্য অনুসৰি বিশ্বৰ প্রায় ২৪ মিলিয়ন ব্যক্তি ৰোগাক্রান্ত হৈছিল৷ বৰ্তমান এই সংখ্যা কিমান বৃদ্ধি হৈছে সেয়া সহজেই অনুমেয়৷
স্কিজ’ফ্ৰিনিয়া ৰোগৰ বিশেষত্বসমূহ হৈছে চিন্তা বা ভাৱ তথা কথা-বতৰাত খেলিমেলি, কোনো বস্তু বা বিষয়ৰ ওপৰত বিসংগতিপূৰ্ণ ধাৰণা, নিয়ন্ত্রণহীন আৱেগ-অনুভুতি তথা অসংলগ্নতা, শাৰীৰিক আচৰনত বিসংগতি, বাহ্যিক পৃথিৱীৰ লগত সম্পৰ্কত বিসংগতি আদি৷ সহজ ভাষাত ক’বলৈ হ’লে পৃথিৱীখনত আমাৰ মন-মগজু আৰু জ্ঞানেন্দ্ৰিয়সমূহে যেনেদৰে পৰিৱেশৰ উদ্দীপকসমূহ সংগ্ৰহ, বিশ্লেষণ কৰি স্বাভাৱিকভাৱে কাৰ্য কৰে, জটিলতাত ভোগা ৰোগীসকলৰ এই সন্তুলিত কাৰ্যপ্ৰণালী বিভিন্ন কাৰণে বাধাগ্ৰস্ত হয়৷ সেয়ে হাঁহি, কান্দোন, খং, ৰাগ আদি আৱেগিক প্ৰকাশসমূহ খেলি-মেলি হয়, ভ্ৰান্ত ধাৰণা, ভ্ৰান্ত প্ৰত্যক্ষ, স্থান-কাল-পাত্ৰৰ উমান নোহোৱা হোৱা আদি পৰিলক্ষিত হয়৷ স্কিজ’ফ্ৰিনিয়া ৰোগ চিনাক্তকৰণৰ বাবে পৰীক্ষাগাৰত কোনো ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰা নহয়৷ এই ৰোগ নিৰ্ণয়ৰ বাবে ডায়গনষ্টিক এণ্ড ষ্টেটিষ্টিকেল মেনুৱেল (Diagnostic and Statistical Manual ,DSM) আৰু ইণ্টাৰনেশ্যনেল ক্লাচিফিকেশ্যন অব ডিজিজেছ (International Classification of Diseases,ICD) ব্যৱহাৰ কৰা হয় আৰু সেই অনুসৰি ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ধাৰণ কৰা হয়৷ ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া লক্ষণসমূহ এনে ধৰণৰ,
•বিশ্বাস, চিন্তা বা ভাৱ তথা কথা-বতৰাত খেলিমেলি (Disturbances in thought & verbal behaviour) :
স্কিজ’ফ্ৰিনিয়া ৰোগীৰ এক গুৰুত্বপূৰ্ণ বিশেষত্ব হৈছে কোনো বিষয়ৰ ওপৰত নিজে সৃষ্টি কৰি লোৱা দৃঢ় বিশ্বাস, যাক সলনি কৰাটো অসম্ভৱপ্রায় (delusion)৷ সাধাৰণতে পৰিলক্ষিত হোৱা এনে এক ভিত্তিহীন বিশ্বাস হ’ল, উৎপীড়নৰ সন্মুখীন হোৱাৰ সন্দেহপ্রৱনতা(delusion of persecution); যাৰ ফলত চিনাকি বা অচিনাকি কোনোবাই তেওঁৰ অপকাৰ কৰিব বুলি ৰোগী সন্দেহপ্ৰৱণ হৈ পৰে বা তেওঁলোকক শত্ৰু বুলি ভাৱে৷
মানুহৰ মাজত নিজৰ প্রসংগকলৈ ভ্রান্ত ধাৰণা(delusion of reference)৷ ৰোগীয়ে চৌপাশৰ মানুহে তেওঁৰ মনৰ ভাৱবোৰ গম পাই যোৱা বা তেওঁৰ কথাই পাতি আছে যেন বোধ কৰে৷
মহানতাৰ ভ্রম (delusion of grandeur)৷ এনে ক্ষেত্ৰত ৰোগীয়ে নিজকে বহুত মহান ব্যক্তি বা মহাপুৰুষ যেন জ্ঞান কৰে৷
জ্ঞাত বা অজ্ঞাত উৎসৰদ্বাৰা নিয়ন্ত্রণৰ ভ্রম (delusion of control)৷ ৰোগীয়ে তেওঁৰ কাম-কাজবিলাক সকলো সময়তে কাৰোবাৰ নিৰ্দেশত নিয়ন্ত্ৰিত হৈ থকা যেন অনুভৱ কৰে৷ যেনে, “মোক চুবুৰীয়াজনে নিয়ন্ত্রণ কৰে”৷
শাৰীৰিক ভ্রম (somatic delusion); বহুসময়ত ৰোগীয়ে নিজৰ শাৰীৰিক বিসংগতি থকা বুলি ভিত্তিহীনভাৱে ভাবি লয়৷ যেনে ,”হাত এখন নাই” আদি৷
অ’টিষ্টিক ভাবনা (autistic thinking) হৈছে স্কিজ’ফ্রেনিয়া ৰোগৰ আন এক অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য৷ এই ক্ষেত্রত ব্যক্তিজনৰ ভাবসমূহ ব্যক্তিগত অযুক্তিকৰ নিয়মেৰে পৰিচালিত হয়৷ ৰোগীজনে কিছুমান মিল থকা দুটা বস্তু একে বুলি ভাবি ল’ব পাৰে (Von Domarus law )৷ উদাহৰণস্বৰূপে, ভগবান শিৱৰ জঁটা আছে, মোৰো জঁটা আছে, গতিকে মই ভগবান শিৱ৷ ইত্যাদি৷
কিছুমান ৰোগীয়ে তেওঁৰ মনৰ ভিতৰত চলি থকা ভাৱনাবোৰ নিজে নিজে বাহিৰৰ পৃথিৱীখনে গম পাই যায় বা সংবাদ মাধ্যম আদিতো প্ৰকাশ পাই যোৱা বুলি ভাৱে(thought broadcasting)৷
অসংলগ্ন কথা-বতৰা এই ৰোগৰ আন এক বৈশিষ্ট্য৷ এনে ক্ষেত্রত ৰোগীয়ে কোৱা কথাবোৰৰ মাজত সংযোগ হেৰুওৱা দেখা যায়(loosening of association)৷ কিছুমান সময়ত কোনো ৰোগীৰ চিন্তাবিলাকৰ আঁত হেৰাই যায়৷ ব্যক্তিজনে কথা কৈ থাকোঁতে মুহূৰ্ততে তেওঁ কি কৈ আছিলে সম্পূৰ্ণকৈ পাহৰি যায় (thought blocking)৷ কিছুমান ৰোগীয়ে আকৌ কোনো কোনো বস্তু বুজাবলৈ নিজাকৈ শব্দ সৃষ্টি কৰি লয়; কিন্তু ই অৰ্থযু্ক্ত হয়, যেনে-‘পেট’ৰ সলনি “খোৱা বস্তু থোৱা কলহ” বুলি ক’ব পাৰে৷ বহু সময়ত কিছুমান ৰোগী একেবাৰে নীৰৱ হৈ থাকে, কিছুমানে একেবাৰে কম কথা পাতে, কিছুমানে জোখৰ কথাই কয় কিন্তু নিচেই কম অৰ্থপূ্ৰ্ণ তথ্যবিশিষ্ট হয়, কিছুমানে তেওঁৰ লগত কথা পতা ব্যক্তিজনৰ কিছুমান শব্দ বা বাক্য পুনৰাবৃত্তি কৰে, কিছুমান ৰোগীয়ে সংগতি নোহোৱা কিছুমান শব্দ পুনৰাবৃত্তি কৰি থাকে, আন কিছুমানে একেৰাহে বাৰে বাৰে অৰ্থ নোহোৱা কিছুমান শব্দ কৈ থকা দেখা যায়৷
স্কিজ’ফ্রিনিয়া ৰোগত দেখা পোৱা আন কিছুমান ভাৱনাত্মক বিসংগতি হৈছে, কথা-বতৰাত অধিক পৰিমানে অপ্রাসংগিক বিষয়ৰ অন্তৰ্ভূক্তি, সাধাৰণীকৰণত ব্যৰ্থতা, স্থুলতা, কিংকৰ্তব্যবিমূঢ়তা, অনিশ্চয়তা ইত্যাদি৷
•উপলদ্ধি বা বোধশক্তিত বিসংগতি(disorders of perception):
উপলব্ধি বা বোধশক্তিৰ বিসংগতি স্কিজ’ফ্ৰিনিয়াৰ আন এক প্ৰধান লক্ষণ৷ ৰোগীয়ে কোনো উদ্দীপক অবিহনে জ্ঞানেন্দ্ৰিয়ৰে কিছুমান অনুভৱ কৰা দেখা যায়৷ যাক কোৱা হয় অমূল প্ৰত্যক্ষ৷ এই অমূল প্রত্যক্ষসমূহ যেনে,
শ্রৱণ অমূল প্রত্যক্ষ (Auditory Hallucinations): কিছুমান ৰোগীয়ে কাণৰে কিছুমান শব্দ শুনা যেন পায়, কিছুমানে মনত ভাৱি থকা কথাবোৰ শব্দৰ নিচিনাকৈ শুনা পায়, কিছুমানে তৃতীয় ব্যক্তিয়ে কথা পাতি থকা যেন শুনে আৰু কিছুমান ৰোগীয়ে তেওঁ কৰি থকা কামৰ চলন্ত বিৱৰণী শুনা পায়৷
দৰ্শন অমূল প্রত্যক্ষ(Visual Hallucinations): এই ক্ষেত্ৰত ৰোগীয়ে উপস্থিতিশূন্য কিছুমান বস্তু দেখা পায়৷ যেনে, কিবা বস্তু, ব্যক্তি, ভগৱান, ভূত আদি দেখা পায়, যাৰ কোনো ভিত্তি নাই৷
স্পৰ্শ অমূল প্রত্যক্ষ (Tactile Hallucinations): এই ক্ষেত্ৰত ৰোগীয়ে শৰীৰত কিবা বগাই থকা যেন অনুভৱ কৰে, প্ৰকৃতাৰ্থত যাৰ কোনো ভিত্তি নাই৷
স্বাদ অমূল প্রত্যক্ষ (Gustatory Hallucinations)ত ৰোগীয়ে জিভাত বিশেষ ধৰণৰ স্বাদ অনুভৱ কৰে, যাৰ কোনো ভিত্তি নাই৷
ঘ্রাণ অমূল প্রত্যক্ষ (Olfactory Hallucinations)ত ৰোগীয়ে প্ৰকৃততে কোনো গোন্ধৰ উৎস নথকাকৈয়ে বিশেষ কিবা গোন্ধ পায়৷

•আৱেগ-অনুভূতিত বিসংগতি (DISORDERS IN AFFECT):
অনীহা, আৱেগশূন্যতা, অগভীৰ আৱেগ, জীৱনটো সুন্দৰকৈ যাপন কৰাৰ ইচ্ছাহীনতা, আৱেগৰ অনুপযুক্ত প্রকাশ ইত্যাদি সততে স্কিজ’ফ্রনিয়া ৰোগীৰ ক্ষেত্রত দেখা যায়৷
•শাৰীৰিক আচৰণত বিসংগতি(DISORDERS OF MOTOR BEHAVIOUR):
ৰোগীৰ ক্ষেত্রত উত্তেজনা, খং, অধৈৰ্য আচৰণ, মানুহৰ প্রতি ব্যৱহাৰত বিসংগতি, নিজৰ যত্ন নোলোৱা হোৱা, অংগ-প্রত্যংগসমূহৰ অদ্ভুত ব্যৱহাৰ; যেনে-হাত এখন একেৰাহে দাঙি থকা আদি দেখা যায়৷

•অন্যান্য লক্ষণ:
ৰোগৰ অন্যান্য বৈশিষ্ট্যসমূহ যেনে, স্থান-কাল-পাত্রৰ উমান নোপোৱা, নিজৰ ৰোগৰ বিষয়ে অজ্ঞতা বা মানি নোলোৱা, মানুহৰ লগত চকুত চকু ৰাখি কথা নপতা, মনোযোগত ব্যাঘাত, স্মৃতিশক্তি দুৰ্বল হোৱা, জ্ঞানবোধ আদিত বিসংগতি, বিভিন্ন শাৰীৰিক অভিযোগ, সুসম্পৰ্ক ৰক্ষাত ব্যৰ্থতা, সমাজৰ পৰা আঁতৰি থকা ইত্যাদি৷
লক্ষণৰ ওপৰত ভিত্তি কৰি এইৰোগক কেইবাটাও ভাগত ভাগ কৰা হৈছে৷ যেনে,পেৰানইড’ডিছ অৰগেনাইজড বা হেবিফ্ৰেনিক, কেটাটনিক, ৰেছিড্যুৱেল আৰু আনডিফাৰেন্সিয়েটেড৷ এই ৰোগ সাধাৰণতে বংশানুক্ৰমিক হ’ব পাৰে যদিও বহু সময়ত বংশত কাৰো নাথাকিলেও হ’ব পাৰে৷

জটিল মানসিকৰোগত অস্বাভাৱিক আৰু খঙাল আচৰণ কিয় কৰে? এয়া স্বাভাৱিকতে সকলোৰে মনত উদয় হোৱা প্ৰশ্ন৷ ওপৰত আলোচনা কৰা লক্ষণসমূহেই ইয়াৰ প্ৰধান কাৰণ৷ যিহেতু এই সকলোবোৰ ৰোগীৰ ক্ষেত্ৰত অতি পৰিষ্কাৰ কৈ ঘটে সেয়ে তেওঁলোকে নিজৰ লগতে কথা পতা, হঁহা-কন্দা, খংউঠা, ভয় খোৱা আদি দেখা যায় আৰু বাস্তৱ পৃথিৱীৰ লগত আঁত হেৰুৱাই পেলায়৷
নিদান:
স্কিজ’ফ্ৰিনিয়া ৰোগৰ লক্ষণসমূহ দেখা দিয়াৰ লগে লগে মানসিক ৰোগ বিশেষজ্ঞ চিকিৎসকৰ কাষ চপা উচিত৷ উপযুক্ত নিয়মীয়া চিকিৎসাৰদ্বাৰা এই ৰোগৰ লক্ষণসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি৷ বহু সময়ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হ’ব পাৰে৷ ঔষধৰ সমান্তৰালভাৱে প্ৰদান কৰা চাইক’থেৰাপিয়ে ৰোগীৰ আৰোগ্য সুনিশ্চিত কৰাত সহায় কৰে৷ তদুপৰি ৰোগীয়ে দৈনন্দিন সাধাৰণ কাম-কাজবোৰ কৰি থাকিব পৰাকৈ প্ৰশিক্ষণ দিয়া আৰু অভ্যাস কৰাবলৈ ৰিহেবিলিটেচন চেণ্টাৰত প্ৰশিক্ষণৰ সুবিধা ল’ব পাৰি৷ কিন্তু সমগ্ৰ চিকিৎসা বিষয়টো আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰিয়ালৰ লোকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ৷ ৰোগীক এলাগী কৰাৰ সলনি সময়ত চিকিৎসকৰ কাষ চপা আৰু নিয়মীয়াকৈ ঔষধ পথ্যৰ যোগান ধৰা, স্বাভাৱিক অভ্যাস গঠনত সহায় কৰা আদি আত্মীয়ৰ কৰ্তব্য৷
জানিব লগা কিছু কথা আৰু কৰণীয়:
মানসিক ৰোগ আৰু চিকিৎসাৰ বিষয়ে আমাৰ সমাজত সজাগতা এতিয়াও বহুত কম৷ এই জটিল ৰোগসমূহ সম্পূৰ্ণ নিৰাময় নহ’লেও নিয়মীয়া চিকিৎসা আৰু ঔষধ সেৱনৰদ্বাৰা নিয়ন্ত্ৰণত ৰাখিব পৰা যায়৷
বৰ্তমান Mental Health Actৰ জৰিয়তে ৰোগীৰ স্বাভাৱিক জীৱন-যাপন আৰু স্বাস্থ্য ৰক্ষাৰ অধিকাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়৷ এতিয়া Mentally ill শব্দটোৰ সলনি আমি Person with mental illness ব্যৱহাৰ কৰোঁ৷ তেনেকৈ Mental asylum বা Mental Hospital বুলি কোনো শব্দ নাই, তাৰ পৰিৱৰ্তে মানসিক স্বাস্থ্য কেন্দ্ৰ বা প্ৰতিষ্ঠান বুলিহে কোৱা আৰু লিখা হয়৷ এই চিকিৎসা কেন্দ্ৰবোৰত ৰোগীক বান্ধি ৰখা নহয়৷ আন সাধাৰণ চিকিৎসালয়ৰ দৰেই মুক্তভাৱে সকলো যাৱতীয় সুবিধা প্ৰদান কৰি ৰখা হয়৷ বিভিন্ন চিনেমা আদিত দেখুওৱাৰ দৰে শ্বক দিয়া নহয়, তাৰ পৰিৱৰ্তে অতি কম ৰোগীৰ ক্ষেত্ৰত এনাস্থেচিয়াৰ প্ৰয়োগ কৰি সংজ্ঞাহীন কৰিহে ই চি টি ( Electroconvulsive Therapy) দিয়া হয়৷ ভাৰতৰ আটাইকেইখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠানতে আধুনিক অতি উন্নত মানৰ শাৰীৰিক পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসাৰ বিনামূলীয়া ব্যৱস্থা আছে৷ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ ভিতৰত খেলা-ধুলা, পুথিভঁৰাল, দূৰদৰ্শন আদি মনোৰঞ্জনৰ সুব্যৱস্থা আছে৷ তদুপৰি মানসিক চিকিৎসা প্ৰতিষ্ঠানসমূহৰ ৰিহেবিলিটেচন কেন্দ্ৰবোৰত ট’কেন ইক’নমি অৰ্থাৎ বিশেষ পুৰস্কাৰ প্ৰদানৰ কৌশল প্ৰয়োগ কৰি ৰোগীসকলৰ দ্বাৰা সুন্দৰ হাতৰ কাম আদি কৰোঁৱাই স্বাভাৱিক কৰ্মস্পৃহা ঘূৰাই অনাৰ চেষ্টা কৰা হয়৷
সেয়ে এনে ৰোগত ভুগী থকা ব্যক্তি চকুত পৰিলে সদায় চিকিৎসাৰ বাবে উৎসাহিত কৰা উচিত৷ সামাজিক দায়বদ্ধতা হিচাপেও বহুসময়ত প্ৰশাসনৰ সহায়ত ঠিকনাহীন ৰোগীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব পৰা যায়৷
তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মানসিক স্বাস্থ্যৰ চৰকাৰী চিকিৎসা কেন্দ্ৰ৷
মানসিক ৰোগীৰ ক্ষেত্ৰত আমি হাঁহি, টিটকাৰি মাৰি জোকোৱাটো আমাৰ সুস্থ মানসিকতাৰ পৰিচয় কেতিয়াও হ’ব নোৱাৰে৷ আটাইতকৈ ডাঙৰ ভুলটো বহুতে কৰে ৰোগীৰ ক্ষেত্ৰত ‘পাগল’ বা ‘বলিয়া’ শব্দৰ ব্যৱহাৰ কৰি৷ চিনেমা, ধাৰাবাহিক, নাটক আদিতো ‘পাগলখানা’ শব্দটো ব্যৱহাৰ কৰা দেখা যায়৷ বৰ্তমান এয়া আইন মতেও অসংগত৷ গতিকে শব্দৰ ব্যৱহাৰ সম্পৰ্কে সচেতন হওঁক৷ এয়া কেৱল মানসিক স্বাস্থ্যকৰ্মীৰে দ্বায়িত্ব নহয়৷ ৰোগৰ পৰিৱৰ্তে ৰোগীৰ ওপৰত গুৰুত্ব দিয়ক৷ কাৰণ তেৱোঁ আপোনাৰ বা মোৰ দৰে এজন ব্যক্তি৷ আৰু হয়তো কাইলৈ মই বা আপুনিও এনে ৰোগী হৈ পৰিব পাৰোঁ৷ কিয়নো সকলো মানসিক ৰোগ হ’বৰ বাবে নিৰ্দিষ্ট বয়স, বংশগতি, পৰিৱেশ-পৰিস্থিতি বা আন বিশেষ কাৰণ বাধ্যতামূলক নহয়৷ তেওঁলোকৰ স্থানত নিজক ৰাখি চালেহে এই আচৰণসমূহৰ অৰ্থ প্ৰকৃততে অনুভৱ কৰিব পৰা যায়৷
প্ৰকৃতাৰ্থত স্কিজ’ফ্রিনিয়া এক বহল বিষয়৷ এই ৰোগৰ বিষয়ে চিকিৎসাবিজ্ঞানীসকলে গবেষণা কৰি আছে যদিও এই ৰোগৰ বিষয়ে বহু কথা এতিয়াও আন্ধাৰতে আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!