স্তুতি… (চন্দ্রমা কলিতা)

স্তুতি
চন্দ্রমা কলিতা


ডাৱৰবোৰ নামি আহক আজি ভিতৰে বাহিৰে
মৌনতাৰ কোলাহল ভাঙি
খিড়িকীৰ সিপাৰে অপেক্ষাৰত পৃথিৱী
এইপাৰে স্থৱিৰ অনুভবত তুমি।
খহি পৰা বাংময়তাখিনিৰ সৈতে
মই অলপপৰ তন্ময় হ’ম
মেলি ল’ম উদভ্রান্ত বিমোৰ আঁচল
হিয়াত ঘৰ পাতি লোৱা অস্থিৰতাখিনিক
আজি ধুৱাই নিয়াৰ কথা ক’ম।
ব’হাগৰ প্রত্যাশাত কেতেকীফুলৰ সুগন্ধ নিবিচাৰোঁ আৰু
ৰিক্ত সপোনবোৰ নিলগাই থৈ
চিকুণ বৰষাকে সাৱটি ল’ম
দুচকুৰ বিভোৰতাত সি গীতেৰে বিষাদ আঁকি গ’লেও
সুগন্ধি ফুলৰ আঁৰৰ কাঁইটৰ খোঁচ নাথাকিব তাত।
ডাৱৰবোৰ নামি আহক মৌনতাৰ কোলাহল ভাঙি
বুকুত শিপাই যোৱা বিষটো অকণ সাম কাটিবলৈ
বৰষুণ এজাকৰ বৰ প্রয়োজন আজি।
 

One thought on “স্তুতি… (চন্দ্রমা কলিতা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!