কবিতাৰ কলা – প্ৰদীপ খাটনিয়াৰ

স্পেনিছ কবি Vicente Huidobroৰ (১৮৯৩ – ১৯৪৮) ‘Ars Poetica’ শীৰ্ষক কবিতাটোৰ অনুবাদ৷ ভাঙনি কৰা হৈছে David Gussৰ ইংৰাজী অনুবাদৰ পৰা৷

কবিতাৰ কলা

কবিতা হওক হাজাৰ দুৱাৰ খোলা
এপাট চাবিৰ দৰে৷
এখিলা পাত সৰে; কিবা এটা উৰি যায়;
দৃশ্যমান সকলো সৃষ্ট হওক
আৰু শ্ৰোতাৰ আত্মা কঁপি উঠক৷

নতুন জগতবোৰ আৱিষ্কাৰ কৰা
আৰু নজৰ দিয়া তোমাৰ শব্দক,
বিশেষণক, যি জীৱনদায়িনী নহলে
হ’ব জীৱন বিনাশকাৰী৷

আমি বাস কৰিছোঁ স্নায়ুৰ যুগত৷
মিউজিয়ামত স্মৃতিৰ দৰে
ওলমি ৰয় মাংসপেশী;
কিন্তু তাৰ বাবে আমি হোৱা নাই দুৰ্বলঃ
যথাৰ্থ শক্তিয়ে বাস কৰে মস্তিস্কত৷

হে কবিসকল, গোলাপক লৈ গান গোৱা কিয়!
গোলাপবোৰ ফুলি উঠক তোমালোকৰ কবিতাত;

আমাৰ বাবেই
সূৰ্যৰ পোহৰ পৰা এই জগতত
সকলোৰে জীৱন৷

কবি এজন ক্ষুদ্ৰ ঈশ্বৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!