স্বাস্থ্যবীমাৰ বিষয়ে কিছু কথা-প্ৰাণজিত লহকৰ

বৰ্তমান সময়ত প্ৰদূষণ, বিষাক্ত খাদ্য গ্ৰহণ, দুশ্চিন্তা বা যিয়েই কাৰণ নহওক দিনক দিনে মানুহৰ বেমাৰ বাঢ়ি গৈছে৷ ককা-আইতাহঁতে কোৱা শুনো, আগতে পুখুৰীৰ পানী, পঁইতা ভাত খাইয়ে মানুহ নিৰোগী আছিল৷ এতিয়া বিধে বিধে ফিল্টাৰ ব্যৱহাৰ কৰিও, বিধে বিধে স্বাস্থ্যকৰ খাদ্য খায়ো মানুহ বেমাৰী৷

স্বাস্থ্যকৰ খাদ্য বা স্বাস্থ্যকৰ জীৱনৰ বাবে যিমানেই চেষ্টা নকৰোঁ কিয় আমি, কি বেমাৰে কেতিয়া দেহত বাস কৰিব লয়, আমি ক’বই নোৱাৰো৷

বছৰি ২২-২৫% হাৰত উন্নতি কৰি আছে ভাৰতৰ স্বাস্থ্যখণ্ডই৷ অৰ্থাৎ বেমাৰী মানুহৰ সংখ্যা বৃদ্ধি হৈয়ে আছে৷ আজিকালি সৰু-সুৰা বেমাৰৰ নামতে কিমান কি পৰীক্ষা কৰিব দিয়ে আৰু তাৰ বাবদ খৰচ কিমান হয়, সেইয়া সকলোৱে গম পায়৷ ঔষধ-পাতিৰ খৰচ বা ডাঙৰ বেমাৰৰ কথা নকলোৱে যেনিবা!

সেইবাবে স্বাস্থ্যবীমা বৰ্তমান যুগত বহু গুৰুত্বপূৰ্ণ৷ হেমকোষ অভিধানৰ মতে বীমাৰ অৰ্থ হ’ল- “ভৱিষ্যতে টকা পাবৰ আশাৰে হানি নহ’বলৈ কৰা জীৱন চুক্তি বা ক্ষতিপূৰণ চুক্তি৷ “ সাধাৰণ অৰ্থত, বীমা মানে ভৱিষ্যতে আহিব পৰা কোনো হানি বিঘিনিৰ বাবে বৰ্তমান সময়ত লোৱা ব্যৱস্থা৷ জীৱন বীমা সকলোৱে কৰে বা জীৱন বীমাৰ লগত আমি কম-বেছি পৰিমাণে পৰিচিত৷ কিন্তু স্বাস্থ্যবীমাৰ বিষয়ে এতিয়াও মানুহ সজাগ নহয়৷

কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ ফালৰ পৰা কিছুমান স্বাস্থ্যবীমা আঁচনি আছে, ঠিক সেইদৰে কৰ্মচাৰী ৰাজ্য বীমা নিগম (Employees’ State Insurance Corporation)ও আছে, য’ৰ পৰা স্বাস্থ্যবীমাৰ সুবিধা কেন্দ্ৰীয়, ৰাজ্যিক আৰু কিছুমান ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে লাভ কৰে৷ তদুপৰি ব্যক্তিগত বীমা কম্পেনিবোৰেও জীৱন বীমাৰ দৰে স্বাস্থ্যবীমা আগবঢ়ায়৷ নিজৰ আৰু নিজৰ পৰিয়ালৰ সদস্যৰ বাবে বীমা কম্পেনিবোৰৰ স্বাস্থ্যবীমাৰ বহু আঁচনি আছে৷ নিজৰ প্ৰয়োজন অনুসৰি সেইবোৰৰ সুবিধা আমি ল’ব পাৰোঁ৷
সীমিত মূলধন বিনিয়োগ কৰিয়েই আপুনি স্বাস্থ্য বীমাৰ এই আঁচনিবোৰ কিনি সৰু-ডাঙৰ বেছিভাগ বেমাৰৰ চিকিৎসা ভাৰতৰ আগশাৰীৰ চিকিৎসালয়ত কৰোৱাৰ সুবিধা আদায় কৰিব পাৰে৷ অৱশ্যে কম্পেনি অনুযায়ী সুবিধা বেলেগ বেলেগ। ভালকৈ জানি বুজি নিজৰ বাবে সঠিক আঁচনিখন বাছনি কৰি লোৱা দায়িত্ব নিজৰ৷ বেছিভাগ আঁচনিয়ে নগদবিহীন(Cashless), অৰ্থাৎ আপুনি ন্যূনতম টকা পৰিশোধ কৰিয়েই চিকিৎসা গ্ৰহণ কৰিব পাৰিব৷ গাড়ীৰ বীমা আৰু স্বাস্থ্যবীমা প্ৰায় একেধৰণৰ৷ যেনেদৰে গাড়ীৰ দুৰ্ঘটনা হ’লে বীমাৰ জৰিয়তে আপুনি ন্যূনতম মূল্য পৰিশোধ কৰি গাড়ীখন ঠিক কৰি ল’ব পাৰে, ঠিক একেদৰে স্বাস্থ্যবীমাৰ জৰিয়তে আপুনি ন্যূনতম খৰচ বহন কৰি নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ চিকিৎসা কৰাব পাৰে৷ জীৱন বীমা আৰু স্বাস্থ্যবীমা একেলগ কৰি ভুল নকৰিব৷

টোকা- মই কোনো বীমাৰ কম্পেনীৰ লগত জড়িত নহয়, গুৰুত্বপূৰ্ণ বুলি ভাবিহে কথাখিনি জনালোঁ৷

One thought on “স্বাস্থ্যবীমাৰ বিষয়ে কিছু কথা-প্ৰাণজিত লহকৰ

  • July 21, 2019 at 10:03 pm
    Permalink

    বহুত প্ৰয়োজনীয় কথা লিখিছে ৷ বহুত বহুত ধন্যবাদ ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!