স্বাস্থ্য কথা – প্ৰিয়জনৰ ভৰি গোন্ধায়? প্ৰতিকাৰ আপোনাৰ হাতত!( ডা০ ভূপেন শইকীয়া)

‘ভৰিৰ দূৰ্গন্ধৰ পৰা সকাহ পোৱাৰ উপায়’ – এনে এটা বিষয়ৰ প্ৰৱন্ধ এটা লিখিবলৈ লওতে মনত পৰিছে কলেজৰ হোষ্টেলীয়া দিনত ভৰিৰ মোজা গোন্ধোৱা লগৰ সমনীয়াক এনেদৰে জোকাইছিলোঁ – অই অমুক, বৰ মহ ওলাইছে’ মহ খেদা ধূপ শেষ হ’ল৷ তোৰ মোজাজোৰকে জোতাৰ বাহিৰলৈ উলিয়াই দেচোন৷ কিন্তু দৰাচলতে আমি জানোঁ – মোজাৰ দূৰ্গন্ধই মহ খেদিব নোৱাৰে, মানুহহে খেদিব পাৰিব৷
চিকিৎসকৰ চেম্বাৰলৈ অহা ৰোগীসকলৰ বহুতৰ ভৰি, বহুতৰ মুখ অতি বেয়া গোন্ধায়৷ তেওঁলোক চিকিৎসকৰ ওচৰলৈ আন আন সমস্যাৰহে সমাধানৰ পৰামৰ্শ বিচাৰি আহে৷ মূখৰ দূৰ্গন্ধ (হেলিটচচ) আৰু ভৰিৰ দূৰ্গন্ধক সহজভাবে “এক এৰাব নোৱৰা পৰিঘটনা” বুলি বহুতেই স্বীকাৰ কৰি লয়৷ অনেকেই এই দুই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ সমূলি প্ৰয়াসেই নকৰে৷ নিজৰ বা পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সচেতন লোকসকলে যতন ললে প্ৰকৃততে কিদৰে উপকৃত হব পাৰে তাকে বাখ্যা কৰাৰ উদ্দেশ্যে এই সহজ লিখনি৷ হেলিটচচৰ নিৰাময়ৰ বিষয়ে মই লিখা প্ৰৱন্ধ পঢ়ি উপকৃত হোৱা বুলি ইতিমধ্যে মই বহুজনৰ পৰা বাৰ্তা পাই সুখী হৈছোঁ৷

অতি প্ৰাচীনকালৰ পৰাই মানুহে ভৰিৰ সুৰক্ষাৰ হেতু নানা ধৰণৰ পাদূকা বা জোতা সদৃশ্য পৰিধান ব্যৱহাৰ কৰি আহিছে৷ বুৰঞ্জীৰ সমলসমূহৰ পৰা খৃষ্টপূৰ্ব ৮০০০ বছৰৰ পৰাই ভৰিত কাঠৰ বা চামৰাৰ জোতা পিন্ধাৰ প্ৰমাণ পোৱা গৈছে৷ হিন্দু, গ্ৰীক আৰু মিচৰ দেশৰ সভ্যতাত মানুহে গৃহৰ বাহিৰ হলেহে ভৰিৰ সুৰক্ষাৰ বাবে জোতাৰ ব্যৱহাৰ হোৱা বুলি অনুমান কৰা যায়৷ অৰ্থাৎ সেই সময়ত ঘৰৰ ভিতৰত মানুহে সুদা ভৰিৰেই থকাটো পচন্দ কৰিছিল৷ বুৰঞ্জীত পোৱা যায় প্ৰাচীন কালত কোনো কোনো দেশৰ যোদ্ধাসকলে, ৰাচিয়ান সৈনিকসকলে ভৰি নোগোন্ধাবলৈ জোতাৰ ভিতৰত সুগন্ধি গছৰ পাত, এঙাৰ আদি ব্যৱহাৰ কৰিছিল৷
ভৰিৰ নানা ৰোগ যেনে, কৰ্ণ(Corn), ছাল ডাঠ হোৱা (Callus) আদিৰ বিৱৰণ হিপক্ৰেটিচৰ দিনৰ পৰাই পোৱা যায়৷ আৰু আজি আমি দেখা পাওঁ যে কুৰি শতিকাৰ আৰম্ভণিত চিকিৎসা বিজ্ঞানত নবতম সংযোজন হ’ল – Podiatry (podiatric medicine) – অৰ্থাৎ ভৰিৰ ৰোগসমূহৰ মেডিকেল, চাৰ্জিকেল চিকিৎসাৰ বিভাগ৷
মানৱ সভ্যতাৰ অগ্ৰসৰ হোৱাৰ লগে লগে নানাধৰণৰ সামগ্ৰীৰে তৈয়াৰী নানাবিধ ভৰিত পিন্ধা জোতা, চেণ্ডেলজাতীয় সামগ্ৰী মানুহে ব্যৱহাৰ কৰিব ধৰিলে৷ জোতা পিন্ধা আৰামদায়ক অনুভৱ কৰাবলৈ মোজাৰ আবিস্কাৰ হ’ল৷ ১৯৭০চনৰ পৰা ঘাম শোহা আৰু ভৰিৰ দূৰ্গন্ধৰোধক মোজা, জোতা জাতীয় পৰিধান জনচন আৰু আন কোম্পানীয়ে নিৰ্মাণ কৰি ৱালমাৰ্ট জাতীয় চুপাৰ মাৰ্কেটত বিক্ৰীৰ বাবে উপলব্ধ কৰি দিছে৷

ভৰি কিয় গোন্ধায় ?

শৰীৰৰ ছালৰ অন্য অংশৰ তুলনাত বেচিকৈ, আমাৰ প্ৰতিটো ভৰিত আছে আঢ়ৈ লাখকৈ ঘাম ওলোৱা গ্ৰন্ঠি (Sweat gland)৷ ঘামৰ নিজস্ব কোনো গোন্ধ নাই৷ কিন্তু ঘামৰ গোন্ধৰ পৰিৱৰ্তন ঘটে – ধূম্ৰপাণ, মদ্যপাণ, ‘ড্ৰাগছ’ বা ঔষধিৰ সেৱনৰ দ্বাৰা নাইবা শৰীৰত নিয়মীয়া হৰমোনৰ লেভেলৰ তাৰতম্য হলে৷ কিডনি আৰু লিভাৰৰ বিকাৰ ঘটা অসুখবিলাকতো ঘামৰ একোটা নিৰ্দিষ্ট গোন্ধ ওলায়৷
কিন্তু সাধাৰণতে কোনো গোন্ধ নথকা ঘাম কিয় বেয়াকৈ গোন্ধাবলৈ লয় তাৰ কাৰণ বুজিবলৈ মুঠেই কঠিন নহয়৷ ঘামে বেক্টেৰিয়াৰ সংস্পৰ্শত আহিলেহে দূৰ্গন্ধৰ উৎপত্তি হয়৷ সেই দূৰ্গন্ধৰ প্ৰকোপ আৰু চাৰ হয় যদি তাত ভেঁকুৰো (Fungus ) মিহলি হয়৷ সাধাৰণতে ছালত উপস্থিত থকা ব্ৰেভিবেক্টেৰিয়া (Brevibacteria) আৰু প্ৰপায়নিবেক্টেৰিয়া (Proprionibacteria) -ই ছালৰ প্ৰথম তৰপটো (Stratum corneum) খাই পেলায় আৰু ফলত সংঘটিত হোৱা ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা উৎপন্ন পদাৰ্থই এমোনিয়া জাতীয় উগ্ৰ গোন্ধৰ সৃষ্টি কৰে৷
• ভৰিৰ দূৰ্গন্ধ আতৰোৱাৰ কিটিপ আৰু সহজ পদ্ধতিসমূহ :

হাইজিন:- পৰিষ্কাৰ-পৰিচ্ছন্নতা হ’ল আটাইতকৈ জৰুৰী প্ৰাথমিক কথা৷ নখ বেচি দীঘল হবলৈ নৌ পাওতেই কাটিব৷ চেভলন বা ডেটল জাতীয় বীজাণু প্ৰতিৰোধক চাবোনেৰে খচি-খচি ভৰি ধুব৷ কেবল ফেন ওলোৱাটোৱেই যথেষ্ট নহয়৷ জিকা, ভোলৰ ছাল বা আন কোনো ব্ৰাছেৰে ভৰিৰ তলুৱা, আঙুলিৰ ফাঁক আৰু গোৰোহা ঘঁহি-পিহি চাফা কৰিব যাতে ছালৰ মৰা কোষৰ অৱশিষ্ট ভৰিৰ কোনো ঠাইত ৰৈ নাযায়৷ ভৰি এনেদৰে পৰিষ্কাৰ কৰি ধোৱা হ’লে সম্পূৰ্ণ শুকুৱাইহে মোজা পিন্ধিব লাগে৷

মোজা :- ৰাবাৰ, নাইলন বা আন চিন্থেটিক মোজা বাদ দি কপাহী বা ঊণৰ মোজা পৰাপক্ষত ব্যৱহাৰ কৰিব কাৰণ এনে মোজা ঘাম শোহাত সহায়ক হয়৷ মোজা দৈনিক সলনি কৰিব আৰু সদায় শুকান মোজাহে পিন্ধিব৷ একেযোৰ মোজা দ্বিতীয়বাৰৰ বাবে পিন্ধোতে মোজাযোৰ ওলোটা কৰি কিহবাত কোবাই জোকাৰি লব যাতে মোজাৰ ভিতৰত ছালৰ কোনো মৃত কোষ ৰৈ নাযায়৷ যাৰ ভৰি গোন্ধায় তেওঁ কামৰ মাজত সংক্ষিপ্ত ছুটি পালে নিজৰ ঘমাৰ্ত মোজাযোৰ সলনি কৰি আন শুকান এযোৰ পিন্ধি লব পাৰে৷

জোতা : – সকলো ধৰণৰ চিন্থেটিক জোতা বাদ দিব পাৰিলে ভাল৷ কপাহী বা চামৰাৰ জোতা পিন্ধাই ভাল৷ সম্ভৱপৰ ক্ষেত্ৰত জোতাযোৰ চাৰিওফালে বন্ধ নোহোৱা হলে ভাল, তেনেহলে কমেও বায়ু চলাচল আৰু ঘাম শুকোৱাত সহায়ক হব৷ অৱশ্যে ইউনিফৰ্মৰ জোতাৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ নহব পাৰে৷ কমেও দুযোৰ জোতা দৈনিক সলনাসলনি কৰি পিন্ধিব পাৰিলে ভাল৷ দূৰ্গন্ধ উৎপন্নকাৰী বেক্টেৰিয়াসমূহ সূৰ্যৰ ৰশ্মিত থকা আলট্ৰা ভায়লেট কিৰণৰ দ্বাৰা সহজতে বিনষ্ট হয়৷ গতিকে জোতা সময়ে সময়ে ৰ’দত দিব৷ ৰ’দত দিওতে জোতাৰ জিভা বোলা অংশটো জোতাৰ বাহিৰত উলিয়াই দিব লাগে৷

এতিয়া কেইটিমান ব্যৱহাৰিক ঘৰুৱা কিটিপৰ বিষয়ে কওঁ৷

চাহপাত, নিমখ, চ’ডা, ভিনেগাৰ, কৰ্ণফ্লাৱাৰ, বেবী পাউদাৰ, চেণ্ট, স্পিৰিট, কেষ্টৰ অইল, লং প্ৰায় প্ৰত্যেকৰ ঘৰতেই ওলাব৷ কিবা প্ৰয়োগ কৰিবলৈ টান অনুভৱ কৰাসকলে চুপাৰ মাৰ্কেটৰ পৰা নানা ধৰণৰ ফুট পাউদাৰ, ফুট স্প্ৰে, ফুট ক্ৰিম কিনি আনি ভৰিত বা জোতাত বা দুয়োটাতে প্ৰয়োগ কৰি উপকৃত হব পাৰে৷ এইবিলাকৰ ব্যৱহাৰৰ উদ্দেশ্যটো হ’ল ভৰিত বেক্টেৰিয়া আৰু ভেঁকুৰক ঘামৰ সৈতে ক্ৰিয়া কৰিবলৈ নিদিয়াকৈ ৰখা৷ স্পিৰিট, চেণ্ট, ভিনেগাৰ আদিয়ে বেক্টেৰিয়াৰ বিনাশ কৰে৷ চ’ডা অৰ্থাৎ চ’ডি বাইকাৰ্বোনেটৰ খাৰুৱা মাধ্যমত বেক্টেৰিয়া সহজে বাঢ়িব নোৱাৰে৷ এটি বা দুটি লং দুয়োপাত জোতাত দি পিন্ধিলেও বেয়া গোন্ধৰ পৰা হাত সাৰিব পাৰিব৷
অভিজ্ঞ লোকসকলে কয় দৈনিক আধা ঘন্টা সময় কুহুমীয়া গৰম নিমখীয়া পানীত নাইবা চাহপাতৰ পানীত এসপ্তাহ দৈনিক কিছুসময়ৰ বাবে ভৰি ডুবাই ৰাখিলে ভৰিৰ দূৰ্গন্ধৰ নিৰাময় হয়৷ চাহপাতত থকা টেনিক এচিড চৰ্মৰ বাবে উপকাৰী বুলি প্ৰমাণিত৷ ভিনেগাৰত সম পৰিমাণৰ স্পিৰিট (বেজী দিবলৈ ব্যৱহাৰ কৰা) মিহলাই সেই মিশ্ৰণেৰে কিছুদিন ভৰি ধুলেও দূৰ্গন্ধ আঁতৰ হব৷ কৰ্ণফ্লাৱাৰ, বেবীপাউদাৰ ঘৰত নাথাকিলে আন পাউদাৰো ভৰিত ঘঁহি, জোতাৰ ভিতৰত দি উপকৃত হব পাৰে৷ স্বাস্থ্য দূৰ্বল লোকসকলে জিংক থকা মাল্টি ভিটামিন খোৱা বাঞ্চনীয়৷ সেউজীয়া শাকপাচলি আৰু ফলমূলত জিংক থাকে৷ জিংকৰ আছে এণ্টিঅক্সিডেণ্ট তত্ব যাৰ দ্বাৰা আমাৰ শৰীৰৰ সকলো ধৰণৰ ৰোগ প্ৰতিৰোধত ই সহায়ক হয়৷ জিংকৰ অভাৱত ভৰিৰ উপৰিও সৰ্বশৰীৰৰ পৰা বেয়া গোন্ধ ওলাব পাৰে৷ ভৰিৰ দূৰ্গন্ধত ভোগা লোক সকলে সকলো ধৰণৰ শাৰীৰিক-মানসিক চাপ (Stress) পৰিহাৰ কৰি চলিব পাৰিলে বেচি ঘমাৰ্ত হোৱাৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰিব৷
বেচি ঘাম ওলোৱাৰ পৰা ৰক্ষা পৰিবলৈ কদাচিত নাৰ্ভ-ডিচেকচন চাৰ্জাৰীৰো প্ৰয়োজন হব পাৰে৷

মোখনিত ইমানেই কম যে ভুক্তভোগী পাঠকৰ কোনোৱেই হতাশাত ভুগিব নালাগে কাৰণ প্ৰতিকাৰৰ অনেক সহজ উপায় এতিয়া আপোনাৰ হাতত৷ পাঠকৰ সঁহাৰি পালে পৰৱৰ্তী সময়ত প্ৰয়োজন হলে আৰু কথা যোগ দিম৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!