সৰাপাতৰ কোলাহল (জোনা নায়ক)

সৰাপাতৰ কোলাহল

অইন দিনাৰ দৰে সিদিনাও গাড়ীখন লৈ ওলাই গ’ল অতনু। পূৰ্ণিমাৰ ৰাতি জোনটো ক’লা পাহাৰখনৰ দাঁতিয়েদি যেতিয়া ভুমুকি মাৰেহি, তাৰ ঠিক আগে আগে সি Canon DSLR-টো লৈ অকণমান ওলাই যায়, এনেয়ে। মাহটোৰ এই সময়খিনি তাৰ অতিকৈ আপোন আপোন যেন লাগে। কি যে ক’তো নোপোৱা কিবা এটা বিচাৰি পায় সি এই মুহূৰ্তকেইটাত। যেন সেই একমাত্ৰ ভাল লগা সময়খিনিৰ বাবেই সি আজিও জীয়াই আছে, কেতিয়াবা তেনে লাগে তাৰ। অৱশ্যে অইন সময়ত যে কথাবোৰ মনলৈ নাহে তেনে নহয়। সেই সময়বোৰত ব্যস্ততা যেন তাৰ বাবে এটা অনিবাৰ্য পৰিত্ৰাণ।
“তাই থকা হ’লে কাষৰ ছীটখনত!” গাড়ীখনত বহাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে মনলৈ অহা এই ভাৱটো পাহৰাৰ অজুহাত উলিয়াবলৈ এৰি দিছে সি। আজিকালি তাত তাৰ মৰমৰ গীটাৰখন থাকে। আচলতে প্ৰতি পলেই সি অনুভৱ কৰে তাইৰ উপস্থিতি। অহৰহ তাৰ বুকুত বৈ থকা জুৰি এখনৰ দৰে। যেন সেই তাহানিতে খ্ৰীষ্টানবস্তিত থকা জেঠাকৰ ঘৰলৈ যাওঁতে দেখা পাহাৰখনৰ বুকুৱেদি আপোনমনে বৈ থকা জুৰিখন। কিমান দিন সি ৰৈ যায় তাৰ পাৰত। বহুত সময় কটায় তাত অকলে, ভৰিখন পানীতে জুবুৰিয়াই। কুলু কুলু শব্দটো বৰ আপোন তাৰ।
পাহাৰৰ নামি যোৱা ৰাস্তাটোৰে লাহে লাহে সি গাড়ীখন চলাই যায়। তাই যে জোনাক ইমান ভাল পাইছিল। তাই কোৱা কথাবোৰ মনত পৰে তাৰ।
“অতনুদা, পূৰ্ণিমাৰ জোনটো দেখিলে মোৰ যে কি হৈ যায়! উদাসীন ভাৱটোৱে হেঁচা মাৰি ধৰে মনটো। নিজকে এখন বেলেগ জগতত থকা যেন লাগে। মনটোৰ ওপৰত দেখোন সকলো নিয়ন্ত্ৰণ হেৰাই যায়, ৱেৰউল্ফ এটাৰ দৰে।”
গাড়ীখন ৰাস্তাৰ দাঁতিতে পাৰ্ক কৰি ওলাই আহিল অতনু। কেমেৰাটোৰ টেলিফটো লেন্সখন ঠিকমতে ফ’কাচ কৰি লৈ সৰল গছজোপাৰ পাতবোৰৰ ফাঁকেদি ওলাই অহা জোনটোৰ ফটো এখন তুলি ললে সি। আৰু এটা মাহ যোগ হ’ল তাৰ তাইবিহীন পূৰ্ণিমাৰ কেলেণ্ডাৰখনত।
সিদিনাও সি ঠিক সেইখিনিতেই গাড়ীখন ৰখাইছিল। পাহাৰটোৰ নামনিত শাৰী শাৰী সৰল গছেৰে এই আৱাসিক অঞ্চলটো তাইৰ খুব প্ৰিয় আছিল। জোনটোৰ ফালে তাই চাই ৰৈছিল বহুপৰ।
“জানা অতনুদা, জোনটো দূৰত আছে বাবেই সদায় ইমান ভাল লাগে। আৰু জানা প্ৰেম, কনফিউজন আৰু মগজু- এই তিনিটাৰ অকল মাজৰটোহে ভেন ডায়েগ্ৰামটোৰ শ্বেয়াৰ্দ অংশটোত থাকে।”
তাৰ আৰু বেছি দেৰি তাত ৰ’বলৈ মন নগ’ল। গাড়ীখন ঘূৰাই লৈ অহা বাটে উভটি গ’ল সি । অলপ দূৰ গৈ হাইৱেটো ল’লে। আজি তাৰ খুব মনত পৰিছে তাইৰ স’তে কটোৱা সেই বিশেষ মুহূৰ্তবোৰ। মোচৰ খাই যোৱা যেন লাগিছে জলফাইৰঙী কলিজাখন, আকৌ এবাৰ। ক’ৰবাত কিবা এটা যেন ভুল হৈ গ’ল। উপলব্ধি নকৰাকৈয়ে তাইৰ প্ৰিয় বিচ্ছটোলৈ যোৱাৰ এক্জিটটো ল’লে সি, পুৰণি অভ্যাসটো এতিয়াও যেন মগজুৱে এৰিব পৰা নাই। ৰাস্তাৰ দাঁতিত গাড়ীখন পাৰ্ক কৰি ধীৰে ধীৰে শিলকেইটাৰ খটখটীৰে নামি গ’ল সি।
সেইদিনাও সিহঁত ওলাই গৈছিল সন্ধিয়া সাগৰৰ পাৰলৈ। দেওবাৰে পাৰিলে প্ৰায়ে তেনেকৈ কেনিবা ওলাই যায় দুয়োটাই। লাহে লাহে চিনাকি হৈ পৰা সাগৰখনৰ পাৰৰ বালিত দুয়ো খোজ কাঢ়িছিল সিদিনা। অইন দিনাৰ দৰে বিচ্ছটো প্ৰায় ভৰি আছিল বিভিন্ন বয়সৰ লোকেৰে। সোমবাৰৰ ব্যস্ততাৰ মাজত সোমাই পৰাৰ আগতে যেন সকলোৱে প্ৰাণ ভৰি উদযাপন কৰিব এই আবেলিটো। কোনোবাই যদি সাঁতুৰিছে, কোনোবাই আকৌ চাৰ্ফিং বা স্ন’ৰ্কেলিং কৰিছে। সৰু সৰু ল’ৰা ছোৱালীবোৰে দৌৰিছে, বল খেলিছে। কোনোবাই আকৌ বাৰ্বিকিউ কৰিছে। ছাতিৰ তলত বহি একেলগে খাইছে। এটা ভাল লগা সন্ধিয়াত প্ৰিয়জনৰ লগত একেলগে সময় কটাইছে।
“জোতাযোৰ খুলি লোৱাচোন, খালি ভৰিৰে অনুভৱ কৰা ভিজা বালিৰ স্পৰ্শ।”
অতনুৱে জোতাযোৰ খুলি কাষতে থৈ দিলে। পেণ্টটো কোঁচাই চকু দুটা মুদি দিলে সি। আৰু ক’ব নোৱাৰাকৈ নিমিষতে উৰি গ’ল তাৰ মনটো সেই অমানিশালৈ…
“অতনুদা, দৌৰোঁ ব’লা।” সঁহাৰিলৈ অপেক্ষা নকৰি তাৰ হাতখন ধৰি তাই দৌৰিবলৈ আৰম্ভ কৰিলে।
সেইদিনাও সি দৌৰিছিল। পিচে সিদিনা সি অকলে আছিল, তাৰ চিনাকি ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত সেই নিশা অন্ধকাৰ আকাশখনৰ তলত তাৰ হাতত ধৰিবলৈ ওচৰত কোনো নাছিল। নিসংগতাই কুৰুকি কুৰুকি খোৱা হৃদয়খনত জোনাকৰ পোহৰ নাছিল। দৌৰিছিল, মাথোঁ দৌৰিছিল সি। এবাৰো ঘূৰি চাব নোখোজা অতীতক পিচ পেলাই থৈ অহাৰ আপ্ৰাণ চেষ্টাত সি দৌৰিছিল উভতি নোচোৱাকৈ।
গুছি আহিছিল সি মৰমৰ লুইতখন এৰি। আৰু বহুত কিবা কিবি এৰি থৈ উকি মাৰি যাব ধৰা জীৱনৰ নামনিমুৱা ৰেলখনৰ জেনেৰেল বগি এটাত উঠি দিছিল সি, টিকেট নকটাকৈয়ে। ইমান ভিৰৰ মাজতো কেনেবাকৈ খিৰিকিৰ কাষৰ চিট এটা পাই অলপ হ’লেও ভাল লাগিছিল মনটো। আকাশখন গোমা আছিল সেই নিশা। বাহিৰলৈ চাই চাই আহি থাকোতে কেতিয়ানো তাৰ ভাগৰুৱা দুচকু মুদ খাই গৈছিল সি গমেই পোৱা নাছিল।
“কি হ’ল অতনুদা দৌৰিয়ে থাকিবা নেকি আজি?”
আকুৰ মাততহে তাৰ সম্বিৎ ঘূৰি আহিল। কেতিয়া যে আকাংক্ষা এৰি আকু বুলি মাতিবলৈ ল’লে সি, এতিয়া আৰু মনত পেলাব নোৱাৰে।
“ভাগৰ লাগিছে?”
“অ’ আকৌ। ব’লানা সেই শিলচটাতে বহোঁ। কি যে ভাল লাগে সাগৰৰ পাৰত বহি। সব পাহৰি থাকো মই। পিছে কেতিয়াবা টানটো বৰ বেছি হয় বুলিহে ভয় লাগে জানা। তেনেকুৱা মুহূৰ্তত একদম খোজ পোনাই গৈ থাকিব মন যায়, যেন বিলীন হৈ যাম সাগৰৰ বুকুত।”
“ইস! মোৰ বুকুখন থাকোঁতেনো সাগৰৰ বুকুলৈ কেলৈ যাব লাগিছে?” ধেমালি কৰে সি।
খিলখিলাই হাঁহে তাই । কি যে এটা আত্মীয়তা আছে তাইৰ সান্নিধ্যত। ভাবি থাকে সি, কিহৰ বাবে এক বুজাব নোৱাৰা আকৰ্ষণ অনুভৱ কৰে তাইৰ প্ৰতি। যদিও, তাৰ পৰা অকণমান একচেটিয়া সময়ৰ বাহিৰে আৰু একো নিবিচাৰে তাই। তাইৰ স’তে সময়বোৰ বুটলি তাৰো বৰ ভাল লাগে। অৱশ্যে তাইৰ কথা-কাণ্ডবোৰে তাক কেতিয়াবা বিমোৰত পেলায়। বুজিবলৈ চেষ্টা কৰিম বুলি ভাবে কিন্তু অলপ দূৰ গৈয়েই থমকি ৰয়, একো আঁতি-গুৰি বিচাৰি নাপায়। তায়েই কনফিউজদ নে সি, সেইটোহে গম নাপায়।
শিলচটাত বহি সাগৰখনৰ মাজলৈ চাই ক’লৈ জানো উৰা মাৰিছিল তাই। পশ্চিমত হেৰাই যাব ধৰা বেলিটোৱে যেন তাইৰ গাল দুখন আৰু ৰঙচুৱা কৰি তুলিছিল। ডাঠ বেঙুনীয়া টপটোৰে অলপ বেছি ধুনীয়া লাগিছিল তাইক সিদিনা। সাগৰৰ পাৰৰ বতাহৰ আমনিত চকুৱে মুখে পৰা মুগা বৰণীয়া চুলিখিনি দুহাতেৰে গুচাই টোল পৰা গালখনত চুমা এটা দিব খুব মন গৈছিল তাৰ। নোসোধোঁ বুলি ভাবিও এনেয়ে সুধিছিল সি, “কি হ’ল আকু? কি ভাবি আছা ইমানকৈ?”
“অতীত খুঁচৰি আছোঁ অতনুদা।”
“হেৰোৱা ছবি বিচাৰি জানো কিবা লাভ?”
“বিচৰা নাই, ভুমুকিহে মাৰিছোঁ। দুৱাৰখন দেখোন কেতিয়াও বন্ধ নহয় যিমান চেষ্টা নকৰোঁ কিয়!”
“তেন্তে পুনৰ সোমাব নোৱাৰিনে?”
“নোৱাৰোঁ অতনুদা। কি জানা, আচলতে প্ৰতিশ্ৰুতি অথবা চুক্তিৰে কাৰো আত্মাৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰি। আত্মা সদায়ে মুক্ত। সৌ নীলা আকাশখনত আপোনমনে উৰি ফুৰা চৰাইজনীৰ দৰে। কেৱল মাথোঁ নিস্বাৰ্থ চেনেহৰ বান্ধোনেৰেহে তাক ওচৰত ৰাখিব পাৰি। যিকোনো চুক্তিৰ মায়াজালৰ ভিতৰত ই বৰ কষ্ট পায়। আৰু সেই কাৰণে গুছি আহিছিলোঁ মই।”
তুমি যে এদিন সুধিছিলা মই কিয় তেনেকৈ সকলো এৰি থৈ আহিছিলোঁ, একমাত্ৰ সেইটো কাৰণত। আৰু সেই একেটা কাৰণতেই কেতিয়াও ঘূৰি যাব নোখোজোঁ।
বহাৰ পৰা উঠি শিলকেইটা বগাই গাড়ীখনলৈ বুলি খোজ ল’লে সি। আন এদিনৰ প্ৰিয় দৃশ্য এটা তাৰ মনৰ ৰূপালী পৰ্দাখনত ধীৰ গতিৰে পাৰ হৈ গ’ল।
“অতনুদা, গীটাৰখন লৈ আহিবানা আজি, মনটো বেয়া লাগি আছে।”
গৈছিল সি, তাই মাতিলে নোযোৱাকৈ থাকিব নোৱাৰিছিল।
“বজোৱানা এইটো গান।”
বজাইছিল সি, এবাৰ নহয় বহুবাৰ। তাৰ মুখামুখিকৈ বহি লৈ সুৰৰ আঁত ধৰি তাই গুণগুণাইছিল। সি কিন্তু খুব গহীন হৈ আছিল।
“অতনুদা, কি ভাবি থাকা তুমি?”
গীটাৰখন থৈ তাইৰ হাত দুখন তাৰ দুহাতৰ মাজত সুমুৱাই লৈছিল সি। তাৰ চলচলীয়া দুচকুত যেন বহুতো অবুজ শব্দই উকমুকাইছিল। মৌন ওঁঠ আৰু বহু কিবা কিবি ক’ব খোজা দুচকুৰে বহাৰ পৰা উঠি তাৰ ডিঙিত ধৰিছিল তাই দুয়ো হাতেৰে।  আৰু তেনেকৈয়ে সেই নিশা বিলীন হৈ গৈছিল দুয়ো, দুয়োৰে মনৰ দিগন্তত।
এতিয়াও ভাবি নাপায় সি কিয় যে ক’ব নোৱাৰিলে মনৰ কথাখিনি আনকি সিদিনাও তাৰ মৰমৰ আকুজনীক, কিজানি ৰৈ গ’লহেঁতেন তাই!
গাড়ীখন ষ্টাৰ্ট দিব খুজিও অতনুৱে ষ্টিয়াৰিঙত হাত দি চাই থাকিল বাৰে বাৰে পাৰ খুন্দিওৱা ঢৌবোৰ। ক’ব নোৱাৰাকৈয়ে আনখন হাতৰ আঙুলিকেইটাই গীটাৰৰ তাঁৰকেইডাল লিৰিকি বিদাৰি থাকিল বহুপৰ।
অহাৰ দৰে উভটি আঁতৰি গ’লা..
বাটে বাটে ফুল সিঁচি থৈ..
খুব প্ৰিয় আছিল এই গানটো তাইৰ। লহে লাহে দেখোন তাৰো ভাল লগা হৈ পৰিছে একেটা গান। ভাৱৰ সাগৰখনত নিয়ন্ত্ৰণহীনভাৱে আকৌ হেৰাই গ’ল সি…
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!