সৰিয়হেৰে চিটলমাছ (ৰুবী বৰদলৈ)

মাছবোৰ যিমানেই কাইঁটীয়া হয় খাবলৈ হেনো সিমানেই মিঠা হয় । তাতে চিটলৰ কথাই নাই । ইয়াৰ কোলঠিৰ দীঘল দীঘল কাঁইটবোৰৰ মাজে মাজে সোমাই থকা মচলা বা টেঙা জাতীয় জোলকণ চুপি চুপি খোৱাৰ মজাই বেলেগ ।

এবিধ তেনেই সহজ চিটলৰ ৰেচিপি আপোনালোকলৈ :

:

মাছৰ কোলঠি : দুচকল
সৰিয়হ : আধাকাপ (পটাত বটি লব)
ডাঙৰ পিঁয়াজ : দুটা (মিহি কৈ কাটি লব )
নহৰু বটা : আধা চামুচ
কেঁচা জলকীয়া : ৪-৫ টা (ফালি লব )
নিমখ -হালধী : সোৱাদ অনুসৰি
মিঠাতেল : ৬০মি. লি .
ধনিয়া /মানধনিয়া : কেইখিলামান (মিহিকৈ কাটি লব )
পানী : দুকাপ

মাছখিনি ভালদৰে ধুই নিমখ হালধী সানি লব । এতিয়া এটা কেৰাহীত তেলখিনি গৰম হবলৈ দিয়ক । গৰম হলে মাছখিনি দি ৰঙচুৱাকৈ ভাজি লব । বাকী থকা তেলখিনিতে পিঁয়াজখিনি দি বাদামী হোৱাকৈ ভাজক । তাৰপাছত ক্ৰমে সৰিয়হ বটা , নহৰু বটা আৰু জলকীয়া কেইটা দি কমজুইত অলপ সময় ভাজক । এতিয়া পানী খিনি দি জুইকুৰা বঢ়াই দিয়ক আৰু নিমখ হালধী দি উতলিবলৈ দিয়ক । উতল আহিলে মাছ দুচকল দিয়ক । সদৌশেষত ধনিয়াখিনি দিব আৰু পাগ আহিলে নমাই থব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!