সৰিয়হৰে ইলিচ মাছ- পূৰৱী পাঠক

উপকৰণ:

ইলিছ মাছ- ৩ টুকুৰা
সৰিয়হ- দুচামুচ (বটি লব পটাত)
শুকান জলকীয়া- পাঁচটা
আদা নহৰু বটা- একচামুচ
হালধি- আধা চামুচ
তেল- দুচামুচ
জলকীয়া গুড়ি- আধা চামুচ
পানী- এক কাপ
নিমখ- নিজৰ প্ৰয়োজন অনুসৰি দিব

প্ৰণালী:

প্ৰথমতে এখন কেৰাহীত তেল দি দুটা শুকান জলকীয়া ফুটাই ল’ব৷ তাৰপিছত বটি লোৱা সৰিয়হ, আদা, নহৰু, জলকীয়াৰ মিশ্ৰণখিনি দি দিব৷ দুই মিনিট ভজাৰ পিচত নিমখ, হালধি, জলকীয়াগুড়ি দি ভালকৈ কম জুইত ভাজি তেল বিৰিঙিলে আধাকাপ পানী দি উতলিব দিব৷ দুই মিনিট মান উতলিলে মাছ কেইডোখৰ দি সিজিব দিব৷ মাছৰ দুয়োফালে লুটিয়াই দি সিজিব দিব৷ জোল ডাঠ হ’লে নমাই পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!