সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়া ৱিকিউৎসৰ সফলতা – ভাস্কৰ ভূঞা

ৱিকিউৎস প্ৰকল্পৰ সক্ৰিয়তা বঢ়াবৰ নিমিত্তে CIS-A2K সংস্থাই ভাৰতীয় ভাষাসমূহৰ ৱিকিউৎস প্ৰকল্পসমূহৰ মাজত ২০২০ চনৰ ১ মে’ৰ পৰা ১০ মে’লৈকে এক প্ৰুফৰিডথন (মুদ্ৰণ সংশোধন প্ৰতিযোগিতা) অনুষ্ঠিত কৰে৷ এই প্ৰতিযোগিতাত ১২টা ভাৰতীয় ভাষাৰ ৱিকিউৎস প্ৰকল্প‌ই যোগ দিয়ে৷ ১০ দিনৰ প্ৰতিযোগিতাৰ অন্তত অসমীয়া ৱিকিউৎসই তৃতীয় স্থান লাভ কৰে৷ মাৰাঠী ৱিকিউৎস আৰু তামিল ৱিকিউৎস‌ই ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে৷

এই প্ৰতিযোগিতাৰ বাবে ২৭খন কপিৰাইট-মুক্ত অসমীয়া গ্ৰন্থৰ তালিকা প্ৰস্তুত কৰা হৈছিল৷ ২৫ গৰাকী অসমীয়া প্ৰতিযোগীয়ে এইকেইদিনত গ্ৰন্থসমূহৰ ৪২৮৩টা পৃষ্ঠা সংশোধন (proofread) আৰু ৩৪১১টা পৃষ্ঠা বৈধ (validate) কৰে৷ ব্যক্তিগত স্তৰত অসমীয়া ৱিকিউৎসৰ অনামিকা বড়াই ভাৰতৰ ভিতৰতে তৃতীয় স্থান আৰু ঈশান জ্যোতি বৰাই দশম স্থান লাভ কৰে৷ প্ৰতিযোগিতাখনত অংশ লোৱা আন সদস্যসকল হ’ল- সৰ্বশ্ৰী ডা° গীতাৰ্থ বৰদলৈ, ভাস্কৰ ভূঞা, প্ৰিয়দৰ্শিকা মেধি, নিৰঞ্জন বড়া, চাণক্য কুমাৰ দাস, প্ৰদ্যুত প্ৰতীম দত্ত, দিব্য দত্ত, প্ৰাণজ্যোতি নাথ, বিশ্বজিৎ বৈশ্য, অনিমেষ বৰা, নয়ন জ্যোতি নাথ, হানিফ আলী, মৃদুল কুমাৰ শৰ্মা, মৌচুমী দাস, অনামিকা বৰুৱা, বিদ্যুৎ শৰ্মা, নিজৰা কোঁচ, অম্লান বসুমতাৰী, বাবুল বৈশ্য, জলী ৰুমী বৰা, নিতিশা বৰদলৈ, শশাংক বৰগোঁহাই, ড° গীতাৰ্থ কৌশিক বৰঠাকুৰ আদি৷ স্বেচ্ছাসেৱকসকলে দহ দিনত ডিজিটাইজ কৰি উলিওৱা কপিৰাইটমুক্ত গ্ৰন্থসমূহ হৈছে- ভোলানাথ দাসৰ “সীতা-হৰণ কাব্য“, ৰঘুনাথ দাস মহন্তৰ “অসমীয়া অদ্ভুত ৰামায়ণ“, বৃষকেতুৰ “ঊষা হৰণ“, ভট্টদেৱৰ “কথা-গীতা“, ৰাম সৰস্বতীৰ “কৰ্ণ পৰ্ব্ব“, ৰাম সৰস্বতী অনূদিত জয়দেৱৰ “গীতগোবিন্দ“, ঈশানন্দ ভঁড়ালীৰ “অসমীয়া ল’ৰাৰ প্ৰাকৃত-ভূগোল“, মফিজুদ্দিন আহমদ হাজৰিকাৰ “জ্ঞান-মালিনী“, গোবিন্দ মিশ্ৰৰ “শ্ৰীমদ্ভাগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা“ আদি৷

অন্যহাতে ৱিকিপিডিয়াত বিগত এপ্ৰিল, মে’ আৰু জুন মাহত প্ৰতিমাহেই সদস্যসকলৰ দ্বাৰা শতাধিক নতুন প্ৰবন্ধ সৃষ্টি কৰা হয়৷ শেহতীয়াকৈ ‘অসম সাহিত্য সভা’ৰ সৈতে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ সদস্যসকলে বহুকেইটা গুৰুত্বপূৰ্ণ কাম যুটীয়াভাৱে কৰাৰো সংকল্প গ্ৰহণ কৰে৷ লক্‌ডাউন শেষ হ’লেই অসমৰ বিভিন্ন জিলাত কৰ্মশালা অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথাও অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই অৱগত কৰে৷ এই মাহতে অনলাইন মাধ্যমত ৱিকিপিডিয়া আৰু ৱিকিউৎসত লিখা আৰু সম্পাদনা কৰাৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবেও সাহিত্য সভা আৰু অসমীয়া ৱিকিপিডিয়াৰ ফালৰপৰা ব্যৱস্থা গ্ৰহণ কৰিছে৷ সেইদৰে কমদিনৰ ভিতৰতে ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ এখন প্ৰতিযোগিতা আয়োজন কৰা হ’ব৷ নৰ্থ লখীমপুৰ কলেজেও এই প্ৰতিযোগিতাত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলক সম্পূৰ্ণ সহায়-সহযোগ কৰিব বুলি অধ্যাপক অৰবিন্দ ৰাজখোৱাই জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!