হাইকু (আদিত্য ৰঞ্জন দত্ত)

(১)
তিনিআলিৰ সিপাৰে তাই থাকে,
পুৱা উঠি বাহি গাৰে চোতাল সৰাৰ দৃশ্যত
খুলি পৰিব খোজে পদূলিৰ নঙলা।
(২)
ঘাম লগা বিৰিয়াপাতেৰে উজলি উঠিছে তাৰ গাটো,
ৰহিমলাৰ বুকু বিন্ধি পাৰ হৈ যায় যেন
বিৰিয়াপাটৰ একোটি খোঁচ।
(৩)
যোৱা বেলি ডিক্রঙে ভাঙিছিল তাইৰ ঘৰ,
এতিয়া তাই ভাঙে
ডিক্রঙৰ পাৰৰ হাজাৰখন হৃদয়।
(৪)
ক্রমাত নিলাজ হৈ পৰিছে আপোনাৰ আশাবোৰ,
সিদিনা সন্ধ্যা যে কৈছিল
ডিক্রঙে মঠাউৰি ভাঙি নিব খোজাৰ কথা!
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!