হালধি পাতেৰে মেৰিয়াই ভাপত দিয়া মুৰ্গীৰ মাংস, পাচলিৰ সৈতে–চাৰু বৰা৷


ইয়াৰ বাবে লাগিব:
মুৰ্গীৰ মাংস, মঙহাল অংশ হলে ভাল হয়৷
মই চিকেন-ব্ৰেষ্ট লৈছোঁ, অলপ দকৈ কাচি লৈছোঁ৷
পাচলি: বন্ধাকবি, গাজৰ, লেচেৰা মাহ, আদা আৰু আলু৷ পাচলিখিনি অলপ সৰুকৈ কাটি লৈছোঁ৷

হালধি পাত
আদা-নহৰু পিহা
নেমু ৰস
নিমখ
অমৰা পাত
পিয়াঁজ
ধনীয়া পাত

প্ৰণালী

প্ৰথমে মাংসখিনি নেমু ৰস, আদা-নহৰু পিহা আৰু জোখমতে নিমখ দি ভালকৈ সানি 1ঘণ্টা ঢাকোন মাৰি থলোঁ৷
কুটা পাচলি খিনিও নিমখ সানি আধা ঘণ্টা থৈছোঁ৷

হালধি পাতকেইখিলা ছবিত দেখুৱাৰ দৰে পাৰি ললোঁ তাতে প্ৰথমে পাচলিখিনি দিছোঁ৷ তাৰ ওপৰত মাংস কেইডোখৰ দি তাৰ ওপৰত অমৰা পাত কেইখিলা হাতেৰে ফালি মাংসখিনি ঢাকি দিছোঁ৷
এতিয়া টোপোলা এটা কৰি খৰিকাৰে বান্ধি দিছোঁ৷
কেৰাহীত পানী উটলিবদি খৰাহিত টোপোলাটো থৈ ভাপত দিলোঁ৷ মাংস আৰু পাচলিখিনি সিজোতে কমেও ডেৰ ঘণ্টা সময় লাগে৷
পৰিবেশনৰ সময়ত মিহিকৈ কুটা পিয়াঁজ আৰু ধনীয়া চটিয়াই দিছোঁ৷ ইচ্ছা কৰিলে জালুকৰ গুড়িও দিব পাৰে৷
অমৰা পাতৰ গোন্ধ আৰু টেঙা মিঠা সোৱাদ আৰু লগতে হালধি পাতৰ গোন্ধয়েও ব্যঞ্জন বিধক অতুলনীয় কৰি তুলিলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!