হালধীয়া (ধনজিত্‍ কলিতা)

হালধীয়া

মোৰ বুকুৰ সৰিয়হডৰাৰ হালধীয়াক
তুমি হালধীয়া বুলি নক’বা;
পৃথিৱীৰ সমস্ত সেউজীয়াৰ
সম্ভাৱনীয়তাক লৈ
বাঢ়ি আহিছে ই লহপহকৈ।

নিশ্বাসৰ যন্ত্ৰণাতো সেউজীয়া গোন্ধ;
বুকুৰ ঠিক মাজবাটেৰেই বাঢ়িছে
এডৰা হালধীয়াৰ সেউজীয়া !

(ধনজিত্‍ কলিতা, [email protected], ১১/০৭/১১)

Don`t copy text!