হিচাপ নিকাচ (কথাকবিতা) (শান্তনু চাংমাই)

লাহেকৈ নৰকৰ দুৱাৰ খোল খাইছে৷ সময় হৈছে হিচাপ নিকাচৰ৷ ফলাফল ঘোষণা কৰা হৈছে৷ আজুঁৰি অনা হৈছে এটি এটিকৈ পাপী আত্মাবোৰ কেইটিমান মেদবহুল শৰীৰৰ পৰা৷
কুকুৰবোৰে ভুকিছে৷ সিঁহতে অচিনাকি গোন্ধ পাইছে, যমৰ চন্তৰীৰ প্ৰতিটো খোজৰ লগে লগে সিঁহতবোৰৰ বাঢ়িছে উত্তেজনা৷
উত্তেজনাত অধীৰ হৈ উঠিছে ঘামৰ টোপাল৷ ঘামৰ মালিক হঠাতে সচকিত হৈ উঠিছে৷
খিৰিকীৰ কপাট খুলি সংশয়েৰে চাইছে- নাই, অহা নাই তেওঁৰ সন্তানৰ মাতৃ৷
পুনৰ তেওঁ মছগুল হৈ পৰিছে শৰীৰ এটিৰ মানচিত্ৰত- বিচাৰি এখনি খৰস্ৰোতা নদী৷
যমদূতবোৰে তেওঁক বিচাৰি পাইছে- নদীৰ বুকুৰ পৰা তেওঁৰ আত্মাক খান্দি বান্ধি লৈ যাবলৈ অগ্ৰসৰ হৈছে৷
ভাঁহি আহিছে এটি কণমাণিৰ মাত- ”নিনিবা তেওঁক৷ তেওঁ গুচি গ’লে কাকনো মাতিম “পিতা” বুলি?”
যমদূতৰ চকুৰে নিগৰিছে এটুপি চকুপানী…!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!