হিৱড়ে বাজাৰ (ৰাজশ্ৰী বৰ্মন)

মহাৰাষ্ট্ৰৰ আহমদ নগৰ জিলাৰ এখন গাঁৱৰ নাম হিৱড়ে বাজাৰ৷ এই গাওঁখনৰ বিষয়ে হয়তো বহুতেই শুনিছে৷ হয়, এই গাঁও খন হৈছে ভাৰতবৰ্ষৰ সকলোতকৈ ধনী গাঁও৷ ইয়াৰ প্ৰত্যেকজন মানুহৰ জনমূৰি আয় ভাৰতবৰ্ষৰ আন গাঁৱৰ মানুহৰ জনমূৰি আয়ৰ তুলনাত দুগুণ৷ আৰু দেশৰ সকলো গাঁৱৰ ভিতৰত এই গাঁওখনৰ মুঠ ঘৰুৱা উৎপাদন বেছি৷ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত দেশৰ সমগ্ৰ গাঁওবোৰৰ ভিতৰত প্ৰথম স্থানত আছে৷
৭০ৰ দশকত গাঁওখনৰ মানুহে বহু আহুকালৰ সন্মুখীন হ’বলগা হৈছিল৷ মহাৰাষ্ট্ৰৰ গাঁওসমূহত খৰাং বতৰ এটা প্ৰধান সমস্যা৷ এই গাঁওখনো ইয়াৰ ব্যতিক্ৰম নাছিল৷ খৰাং আৰু খহনীয়াৰ বাবে মানুহবোৰ সীমাহীন যন্ত্ৰণাত ককবকাব লগা হৈছিল৷ ৮০ ৰ দশকত পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাইছিল৷ বছৰটোৰ মাত্ৰ কেইটামান মাহৰ বাবেহে খেতি খোলা কৰিব পাৰিছিল৷ ফলত বহু মানুহে কামৰ সন্ধানত আন ঠাইলৈ যাবলগীয়া হৈছিল৷ আয় নাইকিয়া হোৱাৰ বাবে কৰ্মহীন সময়বোৰত মদ-জুৱাৰ আড্ডা বহিছিল৷ মানুহবোৰে অপৰাধমূলক কাম কৰিবলৈ লৈছিল যাৰ ফলত গাঁৱৰ পৰিবেশ বিনষ্ট হৈছিল৷
পোপটৰাও বাগুজী পৱাৰ এইখন গাঁৱৰেই মানুহ আছিল যদিও কৰ্মসুত্ৰে তেঁও আহমদাবাদ চহৰৰ বাসিন্দা হৈছিলগৈ৷ কিন্তু গাঁওখনৰ প্ৰতি কিবা এটা কৰাৰ তেঁওৰ প্ৰবল টান এটা আছিল৷ মনতে ভাবিছিল যে গাঁওখনে এই পৰিস্থিতিৰপৰা পৰিত্ৰাণ পাব লাগে বা এই পৰিবেশৰ ওৰ পৰিব লাগে৷ গাঁৱলৈ আহি ১৯৯০ চনত গাঁওসভাৰ নিৰ্বাচনত জিকি সৰপঞ্চ হৈ সংকল্প ল’লে যে তেঁও গাঁওখনৰ উন্নতিৰ বাবে কাম কৰি যাব৷ তেতিয়াৰ পৰাই আৰম্ভ হ’ল হিৱড়ে বাজাৰৰ বিৱৰ্তন৷
আৰ্থ- সামাজিক পৰিকাঠামো পুনঃ নিৰ্মাণৰ বাবে পৱাৰৰ নিৰ্দেশনাত ৫ টা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ সেয়া আছিল,
১)শ্ৰমিকসকলে বিনা পাৰিশ্ৰমিকত কাম কৰিব লাগিব
২)কোনেও গাঁৱৰ এজোপাও গছ কাটিব নোৱাৰিব৷
৩)ঘাঁহ-বনৰ সংৰক্ষণ হ’ব লাগিব
৪) কোনেও মদ খাব বা তৈয়াৰ কৰিব নোৱাৰিব৷
৫)প্ৰতি পৰিয়ালত মাত্ৰ এটা হে সন্তান জন্ম হ’ব লাগিব।
গছ কটা বন্ধ কৰা আৰু ঘাঁহ বনৰ সংৰক্ষণৰ ফলত নতুন গছ গছনিৰে গাঁওখন ভৰি পৰিল৷ পৰিয়াল পৰিকল্পনাৰ ফলত জন্মৰ হাৰ হ্ৰাস পালে৷ পানী বেছিকৈ প্ৰয়োজন হোৱা গছ যেনে কল কুহিঁয়াৰ আদিৰ খেতি নকৰাৰ ফলত পানীৰ অভাৱ হোৱা সমস্যাটোৰো ওৰ পৰিল৷ এনেকৈ সকলো সমস্যা শেষ হৈ আহিবলৈ ধৰিলে৷ আজিৰ তাৰিখত গাঁওখনৰ নদন-বদন অৱস্থা৷ ঐক্যবদ্ধ ভাবে কাম কৰি এইসকল লোকে বিভিন্ন কো অপাৰেটিভ চছাইটী, আত্ম সহায়ক গোট, গাখীৰৰ ডাইৰী, টকা-পইছা জমা কৰা চছাইটী, যুৱক সংঘ, ৰাজহুৱা শ্মশান আদি গঢ়ি তুলিছে৷ এনে নদন-বদন অৱস্থা দেখি গাঁও এৰি আন ঠাইলৈ যোৱা প্ৰায় ৩০ টাতকৈও অধিক পৰিয়া্ল গাঁৱলৈ ঘূৰি আহে৷ সামাজিক ঐক্যৰ বাবে আজি গাঁওখনৰ নাম মানুহৰ মুখে মুখে৷ বহু উচ্চশিক্ষাৰ ডিগ্ৰীধাৰীৰ গৱেষণাৰ বিষয়৷ বহু মেনেজমেণ্টৰ ছাত্ৰৰ কেছ ষ্টাদীৰ বিষয়৷ গাঁওখনৰ মানুহে হিৱড়ে বজাৰ নামেৰে গাঁৱত উৎপাদিত দ্ৰব্যৰ এটা ব্ৰ্যাণ্ড গঢ়ি তুলিছে৷ এই ব্ৰ্যাণ্ডৰ নামেৰে গাঁৱৰ মানুহবোৰে উৎপাদিত দ্ৰৱ্যবোৰ বিক্ৰী কৰিছে৷
এই গাওঁখনে মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা “আদৰ্শ গাঁও”ৰ পুৰস্কাৰ লাভ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!