হেঁপাহ- হৰিভক্ত কটুৱাল (অনুবাদ : ৰাজু কাশ্যপ)

অনুবাদ : ৰাজু কাশ্যপ
————–
দেউতা, পাঠশালা নাযাওঁ মই
ইতিহাস পঢ়োৱা হয় তাত মৰা দিনবোৰৰ !
মামৰে ধৰা মেচিনৰ অংশবোৰৰ দৰে
গণিতৰ সূত্ৰবোৰও বহুত পুৰণা হৈ গ’ল ;
হেঁপাহ নাই মোক জীয়াই থাকিবলৈ
কেৱল ইতিহাসৰ পৃষ্ঠাবোৰত
মইতো জীয়াই থাকিব লাগিব অহা দিনবোৰত
ইতিহাসৰ গতিক জিকি
ইতিহাসতকৈ বেছি আৰু কিবা হৈ ।
সেইবাবে দেউতা, পাঠশালা নাযাওঁ মই
ইতিহাস পঢ়োৱা হয় তাত মৰা দিনবোৰৰ !

ফ্ৰেম লগাই ৰখা আদৰ্শতকৈ
ভোগ কৰিব পৰা আদৰ্শ মোক ভাল লাগে
আনে বনোৱা ৰাস্তাত খোজ কাঢ়ি যোৱাতকৈ
ৰাস্তা নিজে বনাই খোজ কাঢ়িবলৈ হেঁপাহ জাগে ।

ইতিহাসৰ বান্দোল নহয়
কোৰ এটা লাগে মোৰ বাহুক
যোজনা নহয় – –
ভৰিৰ তলুৱাৰে জোখিব আছে মই প্ৰতিটো উখ শৃংগক ;
আৰু কৰিব আছে পৰিশোধ সকলো
পৃথিৱীয়ে লগোৱা ঋণবোৰৰ….
দেউতা, পাঠশালা নাযাওঁ মই
ইতিহাস পঢ়োৱা হয় তাত মৰা দিনবোৰৰ !!

✓কবিৰ চমু পৰিচয় :
চন ১৯৩৫, জুলাই ২ তাৰিখে ডিব্ৰুগড় জিলাৰ খোৱাং, বৰবিলত জন্ম গ্ৰহণ কৰা সাহিত্যিক হৰিভক্ত কটুৱাল হৈছে ভাৰতীয় গোৰ্খা সাহিত্যৰ এক প্ৰতিষ্ঠিত কবি, গীতিকাৰ । তেওঁ সাতখন কবিতা/গীতৰ পুথি ৰচনা কৰি ভাৰতীয় গোৰ্খাভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । ইয়াৰ উপৰিও তেওঁ গোৰ্খাভাষাৰ বিভিন্ন আলোচনীৰ লগতে অসমীয়া ভাষাৰ ”ৰ’দালী” (অসম সাহিত্য সভা, ডিগবৈ অধিবেশনৰ স্মৃতি গ্ৰন্থ) নামৰ গ্ৰন্থও সম্পাদনা কৰিছিল । গোৰ্খা আৰু অসমীয়া ভাষাত সমানে কলম চলাব পৰা এইজনা কবিয়ে ১৯৮০ চনৰ ১০ ছেপ্তেম্বৰ তাৰিখে ডিব্ৰুগড় মেডিকেল কলেজত মৃত্যুক আকোঁৱালি লয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!