“হেমলক চ’চাইটি” – বৰ্তমান আৰু এক ব্যতিক্ৰমী পদক্ষেপ : নয়ন শইকীয়া


আত্মহত্যা এক কলা৷ আত্মহত্যা কৰাসকল হৈছে একো একোজন আৰ্টিষ্ট৷ কিয়নো নিজৰ দুখ বেদনা আনৰ আগত ব্যক্ত নকৰি নিজেই সেইবোৰৰ মকটেইল বনাই পি যোৱাটোও এটা বিৰাট ডাঙৰ কলা৷হয়তো আত্মহত্যাৰ আগে আগে এনেবোৰ কথাই নিজৰ মনটোক আৰু সাহসী কৰি তোলে৷ উচিত অনুচিত বিচাৰ বিবেচনা নকৰি নিজকে হিৰ’ প্ৰমাণ কৰাৰ এক প্ৰচেষ্টা চলায় আত্মহত্যাকাৰীয়ে৷ কোনোবাই এবাৰ কোৱা মনত আছে “আত্মহত্যা কৰা সকলক বহুত আগতেই হত্যা কৰা হয়”৷ সত্য । কিন্তু কিমান দূৰ! আচলতে আত্মহত্যা কৰা সকলে নিজেই নিজকে ভুক্তভোগীৰ তুলিকাৰে চিত্ৰপটত আঁকি তোলে৷ বিদিশাই হওক বা লিনকিন পাৰ্কৰ চেষ্টাৰে বেনিংটনেই হওক আত্মহত্যাই এতিয়া এতিয়া চৰম ৰূপ পাইছে৷ আত্মহত্যাকাৰীসকলে আত্মহত্যাৰ পূৰ্বে নিজৰ দিক বিদিক হেৰুৱাই পেলায় ৷

তেনেধৰণৰ মানসিক চাপত পৰি প্ৰাণ ত্যাগ কৰিব খোজা ছোৱালী মেঘনা ( কোয়েল মল্লিক ) ই হৈছে সৃজিত মুখাৰ্জীৰ নিৰ্দেশনাত ২০১২ চনৰ 22 জুন তাৰিখে মুক্তিপ্ৰাপ্ত বেংগলী বোলছবি “হেমলক চ’চাইটি“ৰ মূল নায়িকা৷ ছবিখনৰ নিৰ্মাতা শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ ছোনী৷ পিতৃৰ দ্বিতীয় পত্নীৰ উপস্থিতি আৰু প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত মেঘনাই জীৱনৰ সকলো মায়া তথা দুখৰ পৰিত্ৰাণ পাবলৈ আত্মহত্যাৰ পথ বাছি লয়৷ মেঘনাক আত্মহত্যাৰ পৰা বচাই তাইৰ জীৱনলৈ আহে আনন্দ কৰ ( পৰমব্ৰত ) এক অদ্ভুত প্ৰস্তাৱৰ সৈতে৷ আনন্দই সহায় কৰিব মেঘনাৰ সফলতাপূৰ্বক আত্মহত্যা মিছনত৷ কিন্তু তাৰ বাবে মেঘনাই তিনিদিনীয়া আত্মহত্যাৰ এক বিশেষ কৰ্মশালাত অংশ লব লাগিব য’ত শিকোৱা হব আত্মহত্যাৰ বেলেগ বেলেগ প্ৰক্ৰিয়া৷ আত্মহত্যাৰ বাবে আগ্ৰহী মেঘনাই দুনাই নাভাবি ঘৰৰ বাবে এখন বিদায় চিঠি লিখি থৈ যায়৷

আনন্দই মেঘনাক লৈ ৰাওনা হয় এখন বেলেগ পৃথিৱীলৈ “হেমলক চ’চাইটি”৷ ট্ৰেইনলেট, ঝুলান, ধমনী, ৰক্তিম, শিখা হ’ল হেমলক চ’চাইটিৰ অভিজ্ঞতাসম্পন্ন বিভিন্ন আত্মহত্যাৰ প্ৰক্ৰিয়াৰ বিশেষজ্ঞ৷ তিনিদিনীয়া কৰ্মশালাত মেঘনাই মৃত্যুক একেবাৰে ওচৰৰ পৰা দেখে আৰু অনুভৱ কৰে যে তাইৰ দুখ তেনেই সাধাৰণ অন্যৰ তুলনাত৷ তাই অনুভৱ কৰি উঠে যে তাইৰ অভাৱে তাইৰ আত্মীয়-কুটুমক বহুত বেছি দুখ দিব৷ কৰ্মশালাৰ শেষৰ দিনা মেঘনাই মুক্তকণ্ঠে আত্মহত্যাৰ অনিচ্ছা ব্যক্ত কৰে আৰু আনন্দৰ বাবে প্ৰেম প্ৰকাশ কৰে৷ কিন্তু কাহিনীত এক নতুন গতি লয় যেতিয়া আনন্দই যেতিয়া জনায় যে সি “লিম্ফছাইটপেনীয়া“ নামৰ দুৰাৰোগ্য ব্যাধিৰে আক্ৰান্ত৷ খুব বেছি 2 বছৰ আয়ুসকালহে আছে আনন্দৰ হাতত৷ মেঘনাই আৰু কিছু কথা জানিব খোজাত পৰমে ফাদিল কৰে হেমলক চ’চাইটিৰ মূল উদ্দেশ্য আৰু লক্ষ্য৷ হেমলক চ’চাইটি এক এনে এটা অনুষ্ঠান যত আত্মহত্যা কৰিব খোজা ব্যক্তিবোৰক বুজোৱা হয় যে জীৱন কিমান মধুৰ, মৃত্যু কেতিয়াও দুখৰ সমাধান হব নোৱাৰে৷ জীৱন জীয়াই থকাৰ প্ৰবল হেঁপাহ থকা আনন্দই জীয়াই থাকিব খুজিলেও নোৱাৰে সেয়ে সি বিচাৰে যিয়ে জীয়াই থাকিব পাৰে তেওঁলোকক আত্মহত্যা কৰোৱাৰ পৰা বিৰত ৰাখিব খোজে কিয়নো জীৱনৰ মূল্য সিয়ে বুজি পায় যাৰ জীৱনটোৰ কোনো নিশ্চয়তা নাথাকে৷ সেয়ে এই ব্যতিক্ৰম যাত্ৰা আৰম্ভ কৰে আনন্দই নিজৰ প্ৰচেষ্টাত৷

মেঘনাই সকলো কথা বুজি পাই ঘৰলৈ গুচি যায় আৰু অনুভৱ কৰে যে তাইৰ জীৱন খুব সুন্দৰ৷ তাইৰ দেউতাকৰ দ্বিতীয় পত্নী (ৰূপালী গাঙ্গুলি) এতিয়া তাইৰ বান্ধৱী৷ জীৱনক নতুন ৰূপ দিয়া আনন্দ তাইৰ বন্ধু, তাই কৃতজ্ঞ হেমলক চোঁচাইটিৰ প্ৰতি৷

ছবিখনৰ চমু আলোচনা
————————–
বিষয়বস্তু: – চিনেমাখনৰ মূল বিষয়বস্তু অত্যন্ত ব্যতিক্ৰম আৰু কিছু জটিল৷ কিন্তু উপস্থাপন খুব সুন্দৰ৷

অভিনয়: – “কাহিনী“ৰ দৰে অন্যতম চিনেমাত নিজৰ কলাৰ পৰিচয় দিয়া পৰম ব্ৰতে চিনেমাখনৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ “বাবলি গাৰ্ল“ খ্যাত কোয়েল মল্লিকৰ চৰিত্ৰ অত্যন্তই কঠিন৷ মহাভাৰতৰ দ্ৰৌপদী হিচাপে আমাৰ সকলোৰে মাজত পৰিচিত ৰূপালী গাঙ্গুলিৰ চৰিত্ৰ তেনেই চমু৷ তেওঁৰ অভিনয় আৰু অলপ বেছি হোৱা হলে ভাল লাগিলহেতেন৷

স্ক্ৰীনপ্লে: – ধীৰ কিন্তু নিৰন্তৰতাৰ বাবে ব’ৰ হোৱা যেন অনুভৱ নহয়৷

গান: – শিলাজিতৰ “জল ফৰিং“ গানটো খুব সুন্দৰ আৰু হৃদয়স্পৰ্শী৷

IMDB ৰেটিং — ৭.৪/১০

সমাজত নতুন সমস্যা ৰূপে গা কৰি উঠা আত্মহত্যাৰ নিৰ্মূল এতিয়া অত্যন্ত আৱশ্যক৷ অনাহকত আত্মহত্যাক প্ৰাধান্য দিয়া ধুম-৩ আদি ছবিৰ তুলনাত হেমলক চ’চাইটিৰ দৰে ছবিৰ আমাৰ সমাজত নিতান্তই প্ৰয়োজনীয়৷ কাহিনীৰ উপস্থাপন আৰু প্ৰত্যেকটো চৰিত্ৰৰ দূৰ্দান্ত অভিনয়ে ছবিখনক আৰু বেছি আকৰ্ষণীয় কৰি তুলিছে৷ মনস্তাত্বিক দ্বিধাগ্ৰস্ততাৰে ভাৰাক্ৰান্ত ব্যক্তিক এক ব্যতিক্ৰমী ধাৰণাৰে আত্মহত্যাৰ দৰে ভুল পথ এটাৰ পৰা উদ্ধাৰৰ প্ৰচেষ্টাৰ যাত্ৰা দেখুওৱা “হেমলক চ’চাইটি“ সঁচাকৈয়ে এখন শলাগিবলগীয়া বোলছবি৷

■■

One thought on ““হেমলক চ’চাইটি” – বৰ্তমান আৰু এক ব্যতিক্ৰমী পদক্ষেপ : নয়ন শইকীয়া

  • August 19, 2017 at 10:30 pm
    Permalink

    সময়োপযোগী প্ৰবন্ধ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!