২০১১ বৰ্ষত অসমীয়া ইউনিকোড (বনজিৎ পাঠক)

২০১১ বৰ্ষত অসমীয়া ইউনিকোড (বনজিৎ পাঠক)

 

আমাৰ বহুতৰে অগোচৰে থকা বা উল্লেখনীয় বুলি গন্য নকৰিলেও অসমীয়া ভাষা/লিপি দিশৰ পৰা ২০১১চনটোত এটা উল্লেখনীয় বছৰ হৈ থাকিব। মোৰ দৃষ্টিৰে কেইটামান উল্লেখনীয় ঘটনা/পৰিঘটনা তলত উল্লেখ কৰিলো ।

১. অসমীয়া ইউনিকোডৰ প্ৰসাৰঃ অসমীয়া ইউনিকোডৰ প্ৰসাৰ এইবছৰত আগতকৈ যথেষ্ট বৃদ্ধি পায় | ইন্টাৰনেট, ফেচবুক/ইমেইল আদিৰ যোগেদি অসমীয়া ইউনিকোডৰ বিষয়ে আমাৰ অসমীয়া ৰাইজে বহুল ভাবে জানিবলৈ পায়। অসমৰ সংবাদ মাধ্যম বিশেষকৈ কেইবাখনোবাতৰি কাকত আৰু আলোচনীৰ নাম এইক্ষেত্ৰত উল্লেখনীয়।

২. অসমীয়া লিপিৰ নব্য-নামাকৰণক লৈ বিতৰ্কঃ এই বিতৰ্কটো মূলতঃ ইউনিকোডত অসমীয়া লিপিৰ বাবে সুকীয়া range নথকা কথাটোক কেন্দ্ৰ কৰি উত্পত্তি হয়।| অসমীয়া ভাষা বাঙালী rangeত ৰখা আছিল । ইউনিকোডৰ বাংলা আৰু অসমীয়া লিপিৰ বাবে এটা উমৈহতীয়া নামৰ কথা চিন্তা কৰি ‘অসম সাহিত্য সভা’ই অসমীয়া লিপিৰ নামটো নতুনকৈ “পূব নাগৰী” নামেৰে নামাকৰণৰ এটা খচৰা প্ৰস্তাব ২০১১ চনৰ জুন মাহত গ্ৰহণ কৰে।| এই “পূব-নাগৰী” নামটোক লৈ এটা বিতৰ্কৰ সূত্ৰপাত ঘটে।

৩. ইউনিকোডত অসমীয়া লিপিৰ নাম অন্তৰ্ভূক্তিঃ ২০১১ চনৰ ছেপ্টেম্বৰ মাহৰ ২২তাৰিখে (websiteৰ update মতে) unicode consortium-য়ে ইউনিকোডত “bengali” নামটোৰ সলনি “Bengali and Assamese” কৰে। উপৰুৱাকৈ চালে এইটো এটা উল্লেখনীয় দিশ নহয় যেন লাগে। কিন্তু প্ৰকৃততে এই সৰু সলনিটোৰ দ্বাৰা অসমীয়া লিপিয়ে বিশ্ব-দৰবাৰত চিৰদিনলৈ নিজা অস্তিত্ব দেখুৱালৈ সক্ষম হ’ল।

অৱশ্য সম্পূৰ্ণ সুকীয়া স্থান বা সম্পূৰ্ণ সন্মান সহকাৰে নিজা আসন দখল কৰিবলৈ এতিয়াও বাকী আছে, তথাপিও এই সলনিটো নিশ্চয় এটা উল্লেখনীয় দিশ ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!