২৬জানুৱাৰী, ২০১২চন গণৰাজ্য দিবসৰ সোঁৱৰণত এখনি চিঠি (ডা০ভূপেন্দ্ৰ শইকীয়া)

২৬জানুৱাৰী, ২০১২চন গণৰাজ্য দিবসৰ সোঁৱৰণত এখনি চিঠি  (ডা০ভূপেন্দ্ৰ শইকীয়া)
 
বন্ধুবৰ মনোহৰ দত্ত
পত্ৰৰ দ্বাৰাই প্ৰীতি সম্ভাষণ জনালো ৷আজি গণৰাজ্য দিবসৰ শুভ মুহূৰ্তত ইয়াৰ লগত জড়িত কিছু স্মৃতি ৰোমন্থন কৰিব ওলাইছো৷গণতন্ত্ৰ দিবস আৰু স্বাধীনতা দিবসৰ বিষয়ে যেতিয়া কিছু বুজিব পৰা হৈছো , তেতিয়া মই ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ ছাত্ৰ ৷থাকো দেউতাৰ লগত ডিব্ৰুগড়ৰ খলিহামাৰীত৷শিক্ষয়ত্ৰীৰ চাকৰি কৰা মা থাকে শিৱসাগৰৰ আমাৰ গাঁৱৰ ঘৰত৷ডিব্ৰুগড় চৰকাৰী হাইস্কুল এতিয়া চৌকিডিঙিত৷তেতিয়া আছিল গ্ৰেহেম বজাৰত৷ বৰ্তমান তাত মেডিকেল কলেজৰ হোষ্টেল হ’ল৷সেই সময়ত স্কুলৰ হেডমাষ্টৰ আছিল ঁইন্দিবৰ গগৈ ৷চাৰৰ কলা ৰঙৰ “লেণ্ডমাষ্টাৰ” গাড়ীখন, আৰু একোছা পকোৱা মোছৰ সৈতে চাৰৰ মুখমণ্ডল – মোৰ এতিয়াও মনতআছে৷এবাৰ গণৰাজ্য দিবসত স্কুলৰ খেলপথাৰত ছাত্ৰ আৰু শিক্ষকৰ মাজত ফুটবল মেছ হৈছিল৷চাৰে আমাক সুধিছিল – তোমালোকে কোন জিকিলে ভাল পাবা ? আমাৰ মন্তব্য বেলেগ-বেলেগ আছিল৷কিন্তু চাৰৰ এটা কথা মনত ৰৈ গ’ল – যেয়ে ভাল খেলে, সিয়ে জিকিলে ভাল !
পতাকা উত্তোলনৰ বাবে আমি পুৱাই গা-পা ধুই পৰিস্কাৰ কাপোৰ পিন্ধি মনত পবিত্ৰ ভাবেৰে সময়মতে স্কুলত উপস্থিত হৈছিলো ৷স্কুলত আমাক চাৰসকলে স্বাধীনতা আন্দোলনৰ কাহিনী শুনাইছিল৷ ১১বজাত স্কুলৰ পৰা বাহিৰে বাহিৰে গৈছিলো – বিনামূলীয়া চিনেমা চাবলৈ ৰংঘৰ,অৰোৰা নাইবা টকী সাউচ চিনেমাঘৰলৈ৷দেড়ঘন্টা সময় ডকুমেন্টৰী চলিছিল- তাকে চাই ফূৰ্তি লভিছিলো৷
ষষ্ঠ শ্ৰেণীৰ পৰা মোৰ স্কুল সলনি হ’ল ৷ছাত্ৰ হলো বেনাৰচৰ ৰাজঘাট বেচেন্ট স্কুলৰ৷ইয়াতো অধিক উৎসাহেৰে গণৰাজ্য দিবস আৰু স্বাধীনতা দিবসৰ কাৰ্য্যসূচীত ভাগ ললো৷সেই দুটা বিশেষ দিনত স্কুলত খেল-ধেমালিৰ ওপৰিও সন্ধিয়া এচেম্বলীত সাংস্কৃতিক অনুস্থান হৈছিল৷ ভোজনালয়ত নানা সুস্বাদু খাদ্যৰ যোগান ধৰা হৈছিল৷
মেডিকেল পঢ়ি ডাক্তৰ হোৱাৰ সময়ত এটা সময়ত অসম আন্দোলন চলিল৷গণৰাজ্য দিবস আৰু স্বাধীনতা দিবস বৰ্জন আৰম্ভ হ’ল৷চৰকাৰীভাবে পালিত হলেও অসমৰ ৰাইজৰ সহাৰি নোহোৱা হ’ল৷উগ্ৰপন্থীৰ দ্বাৰা ১২বা ২৪ ঘন্টীয়া বন্ধৰ ঘোষণাৰ ফলত মানুহে ঘৰত সোমাই থকা হ’ল৷পতাকাৰ আদৰ কমি গ’ল৷আমি এই দুই ৰাষ্ট্ৰীয় দিবস পালন কৰাৰ কথা লৰা-ছোৱালীক শিকাবই নোৱাৰিলো৷
পৰিস্থিতি আৰু পৰিবেশৰ অসমত এতিয়াও বিশেষ সলনি হোৱা নাই৷ভাৰত চৰকাৰে অসমী আইক মাহীমাকৰ চকুৰে চোৱাতো সঁচা হলেও আমি যে ভাৰতৰে নাগৰিক সেই কথা উলাই কৰিব নোৱাৰি৷ তেনেদৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত কনকলতা, কুশল কোঁৱৰ, নবীন বৰদলৈ, গোপীনাথ বৰদলৈ আদিৰ অৱদানকো পাহৰিব নোৱাৰি৷
—- ভাৱৰ বুৰবুৰনি আজিলৈ ইমানতে সামৰিলো ৷আপোনাক গণৰাজ্য দিবসৰ শুভেচ্ছা জনালো এই কামনাৰে – অসমলৈ যেন শান্তিৰ পৰিবেশ আৰু পলম নকৰাকৈ ঘূৰি আহে৷ পৰস্পৰৰ মাজত উদ্ভৱ হোৱা হিংসা – বিভেদ ভাৱৰ যেন অন্ত পৰে৷ অসম যেন উন্নতি পথত অগ্ৰসৰ হব পাৰে !
জয় আই অসম৷ জয় হিন্দ ৷৷
ইতি
আপোনাৰ বন্ধু ডা০ভূপেন শইকীয়া (কাটাৰৰ ড’হাৰ পৰা)
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!