৪ টা স্তৱক (-বিশাল দেৱ ৰায় )

[১]
দুঃখ কৰিবলৈ
মইতো কেতিয়াও সুখী নাছিলো ।

[২]
শূন্যতাৰ মদিৰা পিবলৈ
বিষন্ন হোৱা নাছিলো কেতিয়াও
কেতিয়াও নাছিলো ….।

[৩]
জয়ী হ’বলৈ বেয়া পাওঁ
সেয়ে সদায়ে হাৰি থাকোঁ
জীৱনৰ স’তে …।

[৪]
অনাকাংক্ষীত শূন্যতা
অন্তঃপ্ৰায় শলিতা
দুঃখ, সুখৰ ছাঁ

জীৱন….
আধা অঁকা ছবি ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!