ৰক্তহীনতা বা এনিমিয়াৰ বিষয়ে জানিবলগীয়া কথা – ডা° ভূপেন শইকীয়া

বিশ্বত পুষ্টিহীনতাৰ ফলত ভোগা ৰোগৰ অন্যতম হ’ল ৰক্তহীনতা বা এনিমিয়া৷ বিশ্বৰ জনসংখ্যাৰ প্ৰায় ২৫ শতাংশ লোক (অৰ্থাৎ ১.৬২ বিলিয়ন লোক) এনিমিয়াৰ ভুক্তভোগী৷ আকৌ আমাৰ দেশ ভাৰতবৰ্ষত ৫০শতাংশ লোকেই এনিমিয়াগ্ৰস্ত৷ এক ৰাষ্ট্ৰীয় সমীক্ষামতে প্ৰতি দুগৰাকীৰ ভিতৰৰ এগৰাকী মহিলা হ’ল এনিমিয়াৰ ভুক্তভোগী৷ সকলো বয়সৰ শিশু,অবিবাহিত মহিলা, গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলা, বৃদ্ধা, সকলো বয়সৰ পুৰুষ আদি সকলোৱেই এনিমিয়াৰ ভুক্তভোগী হব পাৰে৷ অসমত ৭২শতাংশ, হৰিয়ানাত ৬৯শতাংশ আৰু ঝাৰখণ্ডত ৬৮শতাংশ মহিলা হ’ল ৰক্তহীনতাৰ ৰোগী৷ প্ৰতি ৫টি প্ৰসৱকালীন মৃত্যুৰ এটিৰ কাৰণ হ’ল এনিমিয়া৷ ৮গ্ৰাম%ৰ তলৰ হিমগ্লবিন থকা মহিলাৰ মৃত্যুৰ সম্ভাৱনা বেছি দেখা যায়৷ অসমত এতিয়াও নিৰ্মূল নোহোৱা মেলেৰিয়া ৰোগো এনিমিয়া সৃষ্টি কৰাৰ এটি কাৰক৷ আমাৰ দেশৰ আৰু বিশেষকৈ অসমৰ এনে ভয়ংকৰ ছবিৰ বিপৰীতে স্বাস্থ্য সজাগতাৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হয়৷ মোৰ এই প্ৰবন্ধৰ উদ্দেশ্য হ’ল আমাৰ মানুহৰ মাজত সচেতনাৰ সৃষ্টি কৰি এনিমিয়াক প্ৰতিৰোধ কৰাৰ প্ৰয়াস কৰাৰ৷ কিয়নো বহুতো সহজলব্ধ খাদ্যৰ উচিত প্ৰয়োগে এনিমিয়া প্ৰতিহত কৰিব পাৰে৷

       হিমগ্লবিন কি আৰু ইয়াৰ ভূমিকা : - হিম+গ্লবিন = হিমগ্লবিন : ইয়াৰ অৰ্থ হিম মানে ৰক্ত আৰু গ্লবিন হ'ল প্ৰটিন৷  হিম শব্দ মূল গ্ৰীক ভাষাৰ পৰা আহিছে৷ গতিকে হিমগ্লবিন হ'ল মানৱ দেহত পোৱা এবিধ প্ৰটিন৷ যাৰ কাম হ'ল হাওফাওৰ পৰা শৰীৰৰ বিভিন্ন কোশিকালৈ অক্সিজেন কঢ়িয়াই নিয়া আৰু দেহৰ সকলো অংশৰ পৰা কাৰ্বন ডাইঅক্সাইড হাওফাওলৈ পৰিবহন কৰি লৈ অহা৷ তাৰ পিছত  নিশ্বাসত কাৰ্বন ডাইঅক্সাইড শৰীৰৰ পৰা নিৰ্গত হয়৷
         এতিয়া বুৰঞ্জীৰ কেইখিলামান পাত লুটিয়াই চাও আহক৷ ১৮২৫চনত J.F. Engelhard নামৰ বিজ্ঞানীয়ে তেজৰ হিমগ্লবিনত আইৰণ আৰু প্ৰটীন থকাৰ কথা জনায়৷ ১৮৪০চনত জাৰ্মানীৰ বায়কেমিষ্ট Friedrich Ludwig Hunefeldএ তেজৰ হিমগ্লবিনে অক্সিজেন কঢ়িয়াই নিয়া কথাটো বিশ্বক অৱগত কৰে৷ তাৰ পিছত ১৮৫১চনত জাৰ্মানীৰ শৰীৰ বিজ্ঞানী Ottoএ হিমগ্লবিনৰ গুণাৱলী অনুসন্ধান কৰি এলানি প্ৰবন্ধ প্ৰকাশ কৰে৷ ১৯২৫চনত ব্ৰিটেইনৰ Gilbert Smithon Adair নামৰ বিজ্ঞানীয়ে হিমগ্লবিনত আইৰণ, প্ৰটীন আৰু অক্সিজেন বাহন ক্ষমতা থকাৰ কথা পুনৰ বিস্তাৰিতভাবে প্ৰমাণিত কৰে৷ ১৯৬২চনত Max Perutz আৰু John Kendrewক ৰসায়ন শাস্ত্ৰৰ নবেল বঁটা দিয়া হয় হিমগ্লবিনৰ  ৰাসায়নিক আকৃতি আবিস্কৃত কৰাৰ বাবে৷

তেজৰ ৰঙা ৰক্ত কণিকাই (Red Blood Cell) হিমগ্লবিন কঢ়িয়াই লৈ ফুৰে৷ হিমগ্লবিনৰ বৰণ হ’ল ৰঙা৷ আইৰণৰ উপস্থিতিৰ বাবেই তেজৰ বৰণ ৰঙা৷ হিমগ্লবিনৰ বাবেই তেজৰ ৰঙা ৰক্ত কণিকাৰ স্বাভাৱিক আকৃতি থাকে৷ ই হ’ল ঘূৰণীয়া যাৰ মাজ অংশ সামান্য পাতল৷ হিমগ্লবিন অস্বাভাৱিক হ’লে ৰক্ত কোষিকাৰ আকৃতি সলনি হয়, যাৰ বাবে ৰক্ত নলীয়েদি তেজ চলাচলত বিজুতি হব পাৰে৷ ইয়াৰ এটা উদাহৰণ হ’ল চিকল চেল এনিমিয়া৷

      কিমান পৰিমানৰ হিমগ্লবিন দেহত স্বাভাৱিক অৱস্থাত থাকিব লাগে ? - পুৰুষৰ ১৩.৫গ্ৰামৰ পৰা ১৭.৫গ্ৰাম প্ৰতি ডেচিলিটাৰত আৰু মহিলাৰ ১২গ্ৰামৰ পৰা ১৫.৫গ্ৰাম প্ৰতি ডেচিলিটাৰত ৷ শিশুৰ হিমগ্লবিন ১১গ্ৰামৰ পৰা ১৩গ্ৰাম প্ৰতি ডেচিলিটাৰত৷

      মানৱ দেহত হিমগ্লবিন কম হোৱাৰ লক্ষণ কি কি ? - ক্লান্তিবোধ বা অলপ শ্ৰমতে ভাগৰুৱা হোৱা, শাৰীৰিক দূৰ্বলতা,মাংসপেশীৰ অলসতা, মূৰঘূৰণি,মূৰৰ বিষ,চেতনা হেৰুৱা,হৃদগতি ক্ষিপ্ৰ বা অনিমীয়া হোৱা, উশাহ ছুটি হোৱা,চুলি সৰা, কাণৰ গুমগুমণি অনুভৱ হোৱা,হাত-ভৰি চেঁচা পৰি যোৱা, মুখ-ভৰি ফুলি উঠা, ছাল-নখ-দাঁতৰ আলু-চকুৰ পতা বগা পৰা,গা ‘বেয়া লগা’, অকাৰণে দুশ্চিন্তাত ভোগা, নখ ভংগুৰ হোৱা আদিয়েই প্ৰধান৷ 

      এনিমিয়া হোৱাৰ কাৰণ সমূহ - এনিমিয়াক এটা ৰোগ নুবুলি শৰীৰৰ এনে এটা অৱস্থা বুলি গণ্য কৰিব লাগে য'ত শৰীৰৰ হিমগ্লবিন স্বাভাৱিকতকৈ কম পৰিমানত থাকে৷

       এনিমিয়া হোৱাৰ কিছুমান সাধাৰণ (Common) কাৰণ হ'ল- 
  *ৰক্তক্ষৰণ (অপাৰেচন, আঘাত,দূৰ্ঘটনা, পাকস্থলীৰ ঘাঁৰ ৰক্তক্ষয়)
 *পৰিপুষ্টিৰ অভাৱ (আইৰণ,ফলিক এচিড, ভিটামিন-বি ১২ৰ অভাৱ)
 *গৰ্ভাৱস্থা
 *গেষ্ট্ৰিক বাইপাচ চাৰ্জাৰী
 *লিভাৰৰ,কিডনিৰ,হাওফাও আদিৰ অসুখ
  *কৰ্কট ৰোগ – লিউকেমিয়া,লিম্ফোমা,মায়েলমা
  *এপ্লাষ্টিক এনিমিয়া
  *হিমলাইটিক এনিমিয়া
  *হাইপোথাইৰয়েডিজম
  *অগ্নিদগ্ধ হোৱা
  * অতিমাত্ৰা ৰক্তদান -এজন স্বাস্থ্যবান পুৰুষে বছৰত ৩বাৰ আৰু এগৰাকী স্বাস্থ্যবান মহিলাই বছৰত  ২বাৰ ৰক্তদান কৰিব পাৰে৷ ৰক্তদান কৰা লোকৰ হিমগ্লবিন সকলো সময়তে ১০গ্ৰাম%ৰ ওপৰত থকাটো বাঞ্চনীয়৷ 
 * বংশগত ৰোগ - থেলাচেমিয়া
 * জেনেটিক ৰোগ- চিকল চেল এনিমিয়া
 * দৰবে কৰা অপকাৰৰ ফলত - কেমথেৰাপি,এইচ আই ভিত প্ৰয়োগ কৰা দৰব
  * অতিমাত্ৰা ধূম্ৰপান
   * ক্ৰনিক ইনফেকচন
   * অটো-ইমিউন ডিজিজ
   * ইনফ্লেমেটৰী বাৱেল ডিজিজ
   * হাকুটা পেলুৱে কৰা এনিমিয়া (Hook worm Anaemia) - এতিয়াও চেনিটেৰী লেট্ৰিনৰ অভাৱত অসমৰ চাহ বাগান আৰু গ্ৰামাঞ্চলত দেখা যায়৷
  * সঘনাই কম ব্যৱধানত কেইবাটিও সন্তানৰ মাতৃত্বৰ ফলত হোৱা এনিমিয়া

     পলিচাইথেমিয়া কি ?  - ৰক্তহীনতাৰ বিপৰীতে কিছুমান মানুহৰ হিমগ্লবিন উচ্চ স্তৰত থাকে৷ অতি উচ্চতাত বাস কৰা লোকৰ, তেজ বৃদ্ধিৰ বাবে দৰব  'এৰিথ্ৰপ'য়েটিন', আৰু এনাবলিক ষ্টেৰ'য়েড আদি বেচিকৈ ব্যৱহাৰ কৰিলে আৰু কিছুমান টিউমাৰে হিমগ্লবিন বেচি কৰে - এনে অৱস্থাক পলিচাইথেমিয়া বুলে৷ তেজৰ কৰ্কট ৰোগ পলিচাইথেমিয়া ভেৰা- য'ত হাঁড়ৰ মজ্জাত অধিক পৰিমানত নতুন ৰক্ত কণিকা নিৰ্মাণ হয়,যাৰ ফলত তেজ ডাঠ হৈ ষ্ট্ৰোক উৎপন্ন কৰাৰ সম্ভাৱনা বৃদ্ধি পায়৷

    এতিয়া এনিমিয়া নিয়ন্ত্ৰণত খাদ্যৰ ভূমিকা চকু ফুৰাও আহক:

লৌহ পদাৰ্থ (আইৰণযুক্ত খাদ্য)ৰ উৎসসমূহ – মাংস,মাছ,কণী
চয়া প্ৰটিন (Plant protein)-চয়াবীন, কটাৰী ডবোৱা মাহ, চয়া গাখীৰ আৰু চয়া গাখীৰৰ পৰা বনোৱা টফু (Tofu block)
সকলো ধৰণৰ শুকান ফলমূল
কিছুমান গুটি যেনে তিল, ৰঙালাউ, সূৰ্য্যমুখী, অলসী(Flax seed)
সেউজীয়া শাকপচলি, সেউজীয়া বীন, ব্ৰ’কলি
ফলিক এচিড (বা ফ’লেট)যুক্ত খাদ্য – পালেং,চালাড পাত, ৰাজমাহ, বাদাম, মটৰ, এভ’কেডো
ভিটামিন-বি১২, ভিটামিন-চি আৰু ভিটামিন-এৰ ভূমিকা – ভিটামিন-বি১২ থকা খাদ্যৰ (গাখীৰ,কণী,মাংস,দৈ,পনীৰ,টুনা মাছ আদি) অভাৱ হলে হোৱা এনিমিয়াক যাক Pernicious Anemia বুলে৷ পাকস্থলীত থকা এবিধ তত্বই (intrinsic factor) ভিটামিন-বি১২ শোষনত সহায় কৰে৷ ক্ৰনজ ডিজিজ, এইচ আই ভি, অটো ইমিউন ৰোগত ভিটামিন-বি১২ শোষন বাধাপ্ৰাপ্ত হয় আৰু ফলত এনে এনিমিয়া হয়৷

লৌহকণিকাৰ শোষন আৰু ৰক্তকণিকাৰ নিৰ্মাণত ভিটামিন-চিৰ ভূমিকা হ’ল গুৰুত্বপূৰ্ণ৷ ভিটামিন-চিযুক্ত খাদ্য হ’ল নেমু,কমলা,আমলখি,মধুৰী,আঙুৰ,ব্ৰ’কলি, ফুলকবি, কেপচিকাম আদি৷

    ভিটামিন-এ থকা খাদ্যই পাক প্ৰণালীৰ পৰা আইৰণৰ শোষনত সহায় কৰে৷ গাজৰ,ব্ৰ'কলি,পালেং,মিঠাআলু,কড লিভাৰ অইল,আম আদিত ভিটামিন-এ পোৱা যায়৷

   ৰক্তগ্ৰহণ (Blood transfusion) কেতিয়া দিয়া হয় ? - এনিমিয়া,চিকল চেল ক্ৰাইচিচ,অস্ত্ৰোপচাৰ,প্ৰচুৰ ৰক্তক্ষৰণ,কৰ্কট ৰোগ,অগ্নিদগ্ধ হোৱা নিৰ্বাচিত ৰোগীক প্ৰয়োজন অনুসৰি ৰক্তপ্ৰদান কৰা হয়৷ বহু ৰোগীক খাদ্যৰ পৰামৰ্শ আৰু দৰব (আইৰণ,ফলিকএচিড,ভিটামিন-বি১২আৰু মাল্টিভিটামিন) আদিৰ যোগেদি চিকিৎসা দিও শাৰীৰিক অৱস্থাৰ বা লক্ষণসমূহৰ উন্নতি ঘটাব নোৱাৰিলে তেনে ৰোগীক ৰক্তদান কৰা হয়৷ 

   চিকিৎসকৰ কাষ চপাৰ প্ৰয়োজনীয়তা - নিজৰ এনিমিয়া অৱস্থা ধৰা পৰাৰ পিছত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি লাগতিয়াল৷ কিয়নো চিকিৎসকে যাবতীয় পৰীক্ষা-নিৰীক্ষা কৰিহে ৰোগৰ প্ৰকৃত কাৰণটো উদ্ধাৰ কৰিব পাৰিব৷ কাৰণ নজনাকৈ কৰা স্ব-চিকিৎসাই বহু সময়ত সময়ৰ অপব্যয় কৰি ভয়ংকৰ বিপদক মাতি আনিব পাৰে৷  Complete blood count (CBC),ব্লাড স্মিয়েৰ (Peripheral blood smear),আইৰণৰ অধ্যয়ন,হিমগ্লবিন ইলেকট্ৰফৰেচিচ আদি হ'ল কেইটামান আটাইতকৈ দৰকাৰী লেবৰেটৰী পৰীক্ষা৷ প্ৰসংগক্ৰমে উল্লেখ কৰা ভাল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত ব্যাপ্ত এবিধ বংশানুক্ৰমে চলি অহা হিমগ্লবিনৰ বিজুতি (Haemoglobinopathy)হ'ল থেলাচেমিয়া ৰোগ৷ এনিমিয়া চিনাক্ত হ'লে সেয়া অন্তৰ্নিহিত কৰ্কট ৰোগৰ লক্ষণযে নহয় তাক জানিবলৈ অভিজ্ঞ চিকিৎসকৰ কাষ চপাটো অতিশয় জৰুৰী৷

       ঘৰুৱা দিহা কেইটিমান – মোখনিত ইমানেই কম যে আমি খাদ্যাভাসৰ ওপৰত মনোযোগ সহকাৰে চকু দিয়াৰ প্ৰয়োজন৷ ৰক্তহীনতা আতৰ কৰিবলৈ তলৰ সহজলব্ধ প্ৰকৃতিয়ে দিয়া খাদ্যসমূহ নিয়মীয়াকৈ গ্ৰহণ কৰা উচিত৷ পালেংশাক,ৰাজমাহ,বিলাহী,কণী,মাছ,পনীৰ,গাখীৰ,শুকান ফলমূল,আপেল, অমিতা,আঙুৰ,ডালিমৰ ৰস,বীট+গাজৰ+নেমুৰ ৰস ইত্যাদি৷

       আয়ুৰ্বেদে কোৱামতে দৈনিক দুচামুচ পৰিমানৰ কিচমিচ, সমপৰিমাণৰ আখৰোট,এচামুচ মিচিৰি মিহলাই এপিয়লা গাখীৰত উতলাই সেৱন কৰিলে সোনকালে ৰক্ত কণিকাৰ বৃদ্ধি হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!