ৰঙালাউৰ পাত আৰু কঁঠাল গুটিৰ খাৰ –ডেইজী শৰ্মা

এই বতৰত ঘৰতে পোৱা ৰঙালাউৰ পাত আৰু কঁঠালৰ গুটিৰেও এখন ৰুচিপূৰ্ণ ব্য‍ঞ্জন অতি কম সময়ৰ ভিতৰতে ৰান্ধিব পাৰি৷

সামগ্ৰী-
ৰঙালাউ গছৰ আগ পাত দুমুঠি মান,
কঁঠাল গুটি কেইটামান,
নিমখ-হালধি আন্দাজমতে,
এক চামুচ কলাখাৰ,
এক চামুচ চাউলৰ গুৰি,
অলপ পিহি লোৱা আদা আৰু কেঁচা জলকীয়া দুটা

ৰন্ধন প্ৰণালী-
ৰঙালাউ গছৰ পাতখিনি মিহিকৈ কাটি ল‍লোঁ৷ কঁঠালৰ গুটিকেইটা বাকলি এৰুৱাই দীঘলীয়া আৰু পাতলকৈ কাটি ল‍লোঁ৷ গৰম হৈ অহা কেৰাহীত এচামোচ তেল দি, তেলখিনি গৰম হোৱাৰ পাছত ৰঙালাউ আৰু কঁঠালৰ গুটিখিনি একেলগে বহাই দিলোঁ৷ অলপ সময় লৰাই দি তাত নিমখ, হালধি দি লগত এক চামুচ কলাখাৰ আৰু জলকীয়া দুটা ফালি দিলোঁ৷ পাতৰ পৰা পানী ওলোৱা শেষ হ’লে দুই কাপ পানী দি ঢাকোন মাৰি ভালকৈ উতলিবলৈ দিলোঁ৷ উতলি ঘন হৈ অহাত এক চামুচ চাউলৰ গুৰি পানীত গুলি লৈ তাৰ ওপৰত দি দিলোঁ৷ তাৰ পিছত অকণমান আদা পিহি লৈ তাতে দি নমাই থ’লোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!