ৰথৰ চকৰি ঘূৰে (অনামিকা বৰুৱা)

## ৰথৰ চকৰি ঘূৰে ##

উপন্যাস: ৰথৰ চকৰি ঘূৰে।

লেখক: চৈয়দ আব্দুল মালিক।

প্ৰথম প্ৰকাশ: মাৰ্চ, ১৯৫৮।

তৃতীয় সংস্কৰণ: ফেব্ৰুৱাৰী, ২০১১।

প্ৰকাশক: ষ্টুডেণ্টচ ষ্ট’ৰচ, গুৱাহাটী।

মূল্য: ১০০ টকা।

উপন্যাসখনৰ পাতনিতে লেখকে লিখিছে-“ৰথৰ চকৰি ঘূৰে নামৰ এই উপন্যাসখন মই ২৬/২/৫০ ৰ পৰা ১৩/৪/৫০ ৰ ভিতৰত লিখি উলিয়াইছিলোঁ। প্ৰথম তাঙৰণ ছপা কৰি উলিওৱা হৈছিল ১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে। প্ৰকাশক আছিল ডিব্ৰুগড়ৰ বাণী মন্দিৰৰ গৰাকী জীৱেশ্বৰ হাজৰিকা। প্ৰায় ৪৭ বছৰৰ আগতে ৰচনা কৰা আৰু প্ৰায় ৪০ বছৰ আগতে প্ৰথম প্ৰকাশ হোৱা এই উপন্যাসখন ভাৰতবৰ্ষ স্বাধীন হোৱাৰ অলপ দিনৰ পিছতে লিখা। তেতিয়াও নাগালেণ্ড নামৰ এখন সুকীয়া ৰাজ্য হোৱা নাছিল, নগাপাহাৰ জিলা অসমৰ ভিতৰৰে এখন জিলা আছিল। দ্বিতীয় মহাসমৰৰ দিনৰ পৰা কমিউনিষ্ট আন্দোলনৰ যোগেদি যি সাম্যবাদী বিপ্লৱ গঢ়ি তুলিবৰ কাৰণে যুৱক-যুৱতীসকলৰ মাজত এক বাতাৱৰণ গঢ়ি উঠিছিল, তাৰেই পটভূমিত এই উপন্যাসখন লিখা হৈছিল। ময়ো আছিলোঁ এই সাম্যবাদী আদৰ্শৰ এক সক্ৰিয় সমৰ্থক আৰু কৰ্মী।

….ৰথৰ চকৰি ঘূৰে নামৰ এই উপন্যাসখনত সেইসময়ৰ অসমৰ শিক্ষিত-অৰ্দ্ধশিক্ষিত যুৱক-যুৱতী, কৃষক-শ্ৰমিকৰ মনত উদয় হোৱা চিন্তা-কল্পনা, তেওঁলোকে সন্মুখীন হোৱা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক পৰিৱে‍শ আদি এই উপন্যাসখনৰ প্ৰধান বিষয়-বস্তু আছিল। পাঠকে সেইসময়ৰ এটা চিত্ৰ ইয়াত পাব”

…..মূল চৰিত্ৰ কমলৰ গাত ভেজা দি কাহিনীয়ে গতি কৰিছে। নৃতত্ত্বৰ ছাত্ৰ কমল। এম.এ পাছ কৰি ৰিচাৰ্চ কৰিব খোজে। ইফালে আকৌ কমলৰ দেউতাক জীৱন কেৰাণীয়ে বিচাৰে চাকৰি এটা বিচাৰি কমলে সোনকালে বিয়াখন পাতি পেলাব লাগে হৃদয়ানন্দ বৰুৱাৰ বৰ জীয়ৰী বীণাৰ লগত। হৃদয়া বৰুৱা জয়পুৰ বাগিছাৰ মেনেজাৰ। কমলক উচ্চ শিক্ষা দিয়াবলৈ গৈয়ে কমলৰ দেউতাকে হৃদয়া বৰুৱাৰ ওচৰত প্ৰায় ১২০০ টকাৰ ধাৰত পৰি আছে। হৃদয়া বৰুৱাৰো ইচ্ছা বীণাক সোনকালে বিয়া দিয়া। দেউতাকৰ অগোচৰে বীণাই বিপ্লৱ কৰে। শোষিত-নিষ্পেষিত সকলে সমঅধিকাৰ পোৱাত বীণাই অহোপুৰুষাৰ্থ কৰে। বীণাৰ বিপ্লৱৰ সহযাত্ৰী অনেক। দুখীয়া-নিচলা, চাহ-শ্ৰমিক সকলোৱে বীণাক মানি চলে। বীণাক দেৱীৰ দৰে জ্ঞান কৰে। আছৰফ, অপৰা, মাধৱ ফুকন, শ্ৰীনাথ, হেমকান্ত, সকলো বিপ্লৱৰ একো একোজন হোতা।

…..মন্দিৰা কৈৱৰ্ত ছোৱালী। কিন্তু বুকুত অলেখ সপোন। সমাজখনৰ এটা পৰিৱৰ্তন বিচাৰে। উচ্চ-নীচ ভেদাভেদৰ দেৱালখন খহাই পেলাব বিচাৰে। বিদ্ৰোহ কৰিব বিচাৰে সমাজখনৰ বিৰুদ্ধে। কিয় এই ভেদাভেদ? নীহকুলীয়া হোৱাত মন্দিৰাৰেইবা দোষ কি? মাধৱ ফুকনৰ ককাদেউতাকৰ অন্যায় অত্যাচাৰৰ বলি উপমা। ককাদেউতাকৰ অত্যাচাৰৰ দায়িত্ব মূৰ পাতি লৈ মাধৱে উপমাক লৈ আহে নিজৰ ঘৰলৈ, আশ্ৰয় দিবলৈ; প্ৰতিপাল কৰিবলৈ। মন্দিৰা-উপমাৰ মনতো বিপ্লৱৰ বা লাগে। সিহঁতেও বুজি উঠে নিৰ্বিবাদে সহি থকাটোও এক ধৰণৰ অপৰাধেই। ৰাজদোষত দোষী আছৰফৰ বুকুত ঘৰ সাজে যক্ষ্মাই। বেমাৰে কোঙা কৰি পেলোৱা আছৰফৰ এটাই অপৰাধ দলিত শ্ৰেণীৰ মানুহৰ বাবে মাত মতা। পুলিচৰ চকুত ধূলি দি আছৰফক জীয়াই ৰাখে বীণা, শ্ৰীনাথ, মাধৱহঁতে। আছৰফৰ বাবেই এটুকুৰা নিৰাপদ আশ্ৰয়ৰ আশ্বাস দিয়ে বাগানৰ বনুৱা গোপাল আৰু চমৰীয়ে। সম্ভৱপৰ সকলো চেষ্টাই কৰে সকলোৱে মৃত্যুমুখী আছৰফক জীয়াই ৰখাৰ বাবে।

…..ৰিচাৰ্চ কৰিবৰ বাবে কমল মোককচাঙলৈ যায়। তাত গৈ লগ পায় লীনা-মেৰীহঁতক। বীণাৰ দদায়েক-খুৰীয়েকক। শাৰীৰিক অসুস্থতাৰ পৰিৱৰ্তন বিচাৰি বীণাৰ ভনীয়েক ৰেবাও তালৈ যায়। ৰেবাই কমলৰ মৰম-ভালপোৱা বিচাৰে। কমলে প্ৰকৃততে কি বিচাৰে সি নিজেই নাজানে। অতীতৰ বুকুত, ইতিহাসৰ বুকুত জীৱনৰ সন্ধান কৰে কমলে। মৃত ব্যক্তিৰ পম খেদে অথচ জীৱন্ত মানুহৰ হৃদয়ৰ খবৰ নাৰাখে। ৰেবাক ভালপাব নোৱাৰে। সহজ সৰল লীনাজনীৰ মনৰ সতেজতাও ধৰি ৰাখিব নোৱাৰে। বীণাৰ সৈতে বিপ্লৱ কৰিব পৰাৰ সাহসো নাই কমলৰ। বিয়া পাতি সংসাৰী হ’বও নোখোজে। চাকৰিও নাই ভাগ্যত। কমলৰ বাবে জনতা মাত্ৰ এটা এবষ্ট্ৰেক্ট কথা। দিন যায় ৰাতি আহে। কোনো আহুকাল নোহোৱাকৈ দিনবোৰ পাৰ কৰিব খোজে কমলে। অথচ সেই কমলৰেই দেউতাকেও শেহত বাগানৰ ধৰ্মঘটক সমৰ্থন কৰাৰ পক্ষত স্বাক্ষৰ প্ৰদান কৰে। লীনাৰ চিঠিৰ জৰিয়তে দেবব্ৰতে বীণাক ভালপাই বিয়া পতাৰ মনস্থ কৰাৰ কথা জানিব পাৰি কমলৰ পুৰুষত্বত আঘাত লাগে। যেন এটা অঘোষিত প্ৰতিযোগিতাত হাৰি যায় কমল। বীণাক হেৰুৱালেই যেন কমলৰ পৰাজয় নিশ্চিত। সেয়ে ততাতয়াকৈ কমলে বীণাক বিচাৰি যায়। কিন্তু কমলে মনৰ কথা বীণাক জনাবলৈ পোৱাৰ আগতেই বীণাই আছৰফক পুলিচৰ চকুৰ পৰা আঁতৰাই ৰাখিবৰ বাবে পুনৰ এক নিৰাপদ আশ্ৰয়ৰ সন্ধানত ক’ৰবালৈ গুচি যায়…..

…..সৰল-সহজ কাহিনীৰে অতিকে উপভোগ্য উপন্যাসখন। বৰ্ণনাৰ ভাষা প্ৰাঞ্জল। মাথোঁ কোনোবাখিনিত বৰ্ণনাৰ পুনৰাবৃত্তি হোৱা যেন লাগে। মাজে মাজে কাহিনীভাগ স্থবিৰ হৈ যোৱা যেন লাগে। বাকী ছপাশালৰ ভূতে বাৰুকৈয়ে লম্ভিছে উপন্যাসখনৰ গাত। কমল>কলম, গোপাল>গোলাপ, লীনা>নীলা, বীণা>বীৰা…..এনে ধৰণৰ আৰু অনেক আছে। তৎস্বত্তেও পাঠকে কিতাপখনৰ সোৱাদ লৈ সুখী হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!