ৰহস্য ১ : লিওনাৰ্ডো দ্য ভিন্সি অতিমানৱ আছিল নেকি ?( -কৰুণা ফুকন)

****************************************

লিঅ’নাৰ্ডো দ্য ভিন্সি অসামান্য শিল্পী, বিজ্ঞানী, অভিযন্ত্ৰা, প্ৰযুক্তিবিদ, দাৰ্শনিক, গণিতজ্ঞ আৰু ভাস্কৰ্যশিল্পী আছিল৷উৰাজাহাজৰ নক্সাৰ প্ৰস্তুতকৰ্তা আৰু মনালিছাৰ স্ৰস্টা হিচাপে আমি তেওঁক জানো৷ কিন্তু লিঅ’নাৰ্ডোৰ জীৱন আৰু অন্যান্য কৰ্যকলাপ আন দহজন লোক বা বিজ্ঞানীৰ দৰে নাছিল৷ তেওঁৰ আচৰিত কৰ্মদক্ষতা আৰু বুদ্ধিমত্তাৰ আঁৰত কিবা ৰহস্য আছিল নেকি ?

১৷ এবাৰ লিঅ’নাৰ্ডোই এখন পেইন্টিংত এজনী ৰহস্যময়ী পৰি আঁকিছিল৷ ১৯৮৯ চনত ফ্ল’ৰেন্সৰ বিশেষজ্ঞই পেইন্টিংখন বৈজ্ঞানিকভাৱে পৰীক্ষা কৰি এক আঁচৰিত আৰু বিস্ময়কৰ সত্য আৱিস্কাৰ কৰিলে৷ পেইন্টিংখনত X- Ray নিক্ষেপ কৰিলে পৰীজনী অদৃশ্য হৈ যায়৷ এনে পেইন্টিং অঁকাটো কিদৰে সম্ভৱ হ’ল?

২৷ ১৪৭৬-১৪৭৮ এই দুবছৰ সময় লিঅ’নাৰ্ডো পৃথিৱীৰ পৰা অন্তৰ্ধান হৈ আছিল৷ সেই সময়খিনি তেওঁ ক’ত আছিল কোনেও ক’ব নোৱাৰে৷ ১৪৭৮ চনত যেতিয়া ফ্ল’ৰেন্সত তেওঁ পুনৰ আৱিৰ্ভাৱ হ’লহি, তেওঁৰ বুদ্ধিমত্তা পূৰ্বতকৈ কেইবাগুনো বাঢ়ি যোৱা যেন দেখা গ’ল৷ তেওঁ ইটালীৰ চহৰবোৰৰ এৰিয়েল মেপ বিস্ময়কৰভাৱে নিৰ্ভুলকৈ আঁকিলে৷ উৰাজাহাজৰ নক্সা আঁকিলে৷ তেওঁৰ চিন্তাধাৰা সেইসময়তকৈ ৫০০ বছৰমান আগবাঢ়ি গ’ল৷ এই পাৰদৰ্শিতাৰ আঁৰত কি ৰহস্য আছে?
বহুতে বিশ্বাস কৰে যে ১৪৭৬-১৪৭৮ এই দুবছৰ সময় লিঅ’নাৰ্ডোই কোনোবা supernatural শক্তিৰ(অন্য গ্ৰহৰ প্ৰাণীও হ’ব পাৰে) পৰা শিক্ষা লৈছিল৷ তেওঁ পৃথিৱীত নাছিল৷ www.ancient_code.com নামৰ ৱেবচাইটটোৰ মতে “During that time he received tutoring from beings not of this earth.”

৩৷ লিঅ’নাৰ্ডোই মানুহৰ মৃতদেহ কাটি বাচি কিবা অদ্ভুত ধৰণৰ পৰীক্ষা কৰিছিল৷ সেই সময়চোৱাত মৃতদেহ কটাটো আইনমতে দণ্ডনীয় আছিল যদিও তেওঁ এৰি দিয়া নাছিল৷ তাওঁ মানুহৰ মৰা-শ বেআইনীভাৱে কিনি আনিছিল৷ ১৫১৩ চনত তেওঁ ভেটিকানলৈ আহিল৷ ভেটিকান ঠাণ্ডা ঠাই হোৱা বাবে মৃতদেহবোৰ অধিক দিন সতেজ হৈ আছিল৷ প্ৰশ্ন হয় মানৱদেহৰ বিষয়ে জানিবলৈ তেওঁৰ এই উন্মাদ আকৰ্ষণৰ আঁৰত কি ৰহস্য আছে?

৪৷ মানৱদেহৰ ওপৰত কৰা গৱেষণাৰ তথ্যবোৰ (যিবোৰ অতি মূল্যবান আছিল) তেওঁ আন মানুহে বুজিব নোৱাৰাকৈ এক প্ৰকাৰৰ কোডত লিখিছিল৷ কেৱল সেয়াই নহয়- সৰুৰে পৰা তেওঁ লেখনি আৰু তথ্যবোৰ “mirror- language” ত লিখিছিল যাতে সাধাৰণ মানুহে বুজিব নোৱাৰে৷
প্ৰশ্ন হয়, তথ্যবোৰ গোপন কৰি ৰখাৰ এই প্ৰচেষ্টাৰ আঁৰত কি ৰহস্য আছিল?

৫৷ লিঅ’নাৰ্ডোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সৃস্টি “মনা লিছা” নামৰ পেইন্টিংখন আজিও বিশ্ববাসীৰ বাবে ৰহস্য হৈ আছে৷ পেইন্টিংখনত মনালিছাৰ হাঁহিটো আন সাধাৰণ হাঁহিৰ দৰে নহয়৷ বহুতে কয় যে সেই বিষ্ময়কৰ হাঁহিটো পৰিৱৰ্তন হৈ থাকে৷www.UnMumeum.com নামৰ ৱেবচাইটটোৰ মতে “many people find the portrait’s smile particularly haunting . They say it seems to change.”
পেইন্টিংখনত মনালিছাৰ হাতৰ position অসাধাৰণ৷ ই কি ইঙ্গিত কৰে? বহুতে বিশ্বাস কৰে বিখ্যাত পেইন্টিংখনত লিঅ’নাৰ্ডোই বহু গোপন বাৰ্তা আৰু চিহ্ন আনে ধৰিব নোৱাৰাকৈ সংৰক্ষণ কৰি থৈ গৈছে৷
তেতিয়াহ’লে গোপন তথ্য সংৰক্ষণ কৰিবলৈ লিঅ’নাৰ্ডোই মনালিছাতো “mirror technique” ব্যৱহাৰ কৰিছিল নেকি?
লিঅ’নাৰ্ডোৰ প্ৰতিখন পেইন্টিংৰে hand position অতি dramatic ৷ এই hand position টো mirror writing পঢ়িবলৈ দাপোনখন ক’ত আৱৰ্তন কৰিব লাগিব, তাৰ clue নেকি?
ব’ষ্টনৰ নৰ্থ-ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ গ্ৰাফিকেল ডিজাইনাৰ টেৰেন্স মেচনে কম্পিউটাৰ প্ৰযুক্তি ব্যৱহাৰ কৰি পেইন্টিংখনত গোপন তথ্যৰ সন্ধান কৰিছিল৷ তেওঁ পেইন্টিংখনৰ hand positionক Clue হিচাপে লৈ এক অদ্ভুত ধৰণৰ আকৃতিৰ জীৱ এটাৰ ছবি (আমি কল্পনা কৰা এলিয়েনৰ দৰে) আৱিষ্কাৰ কৰে৷ সেই একেই আকৃতিৰ ছবিটো লিঅ’নাৰ্ডোৰ অন্য এখন বিখ্যাত পেইন্টিং Virgin and Child with St. Anne তো পোৱা যায়৷
বৌদ্ধিক সমাজৰ বাবে মনালিছা সদায় ৰহস্য হৈ থাকিব৷

৬৷ লিঅ’নাৰ্ডোৰ সময়ছোৱাত (সেই সময়ছোৱাক ৰেনেছা বা নৱজাগৰণৰ সময় বোলা হয়)ইউৰোপ আৰু এছিয়াৰ আকাশত কেতবোৰ আঁচৰিত, অদ্ভুত আৰু অলৌকিক পৰিঘটনাই দেখা দিছিল৷ ১৪৯২ চনত ক্ৰিষ্টোফাৰ কলোম্বাছে আটলান্টিক মহাসাগৰেৰে নতুন বিশ্বৰ সন্ধানত যাওঁতে আকাশত কেইবাটাও উজ্জল আঁচৰিত বস্তু দেখি লিপিবদ্ধ কৰি ৰাখিছিল৷ সেয়া নিশ্চিতভাৱে UFO আছিল৷ কথা হ’ল লিঅ’নাৰ্ডোৰ কেইবাখনো পেইন্টিং ভালদৰে চালে UFO ৰ ছবি স্পষ্টভাৱে দেখিবলৈ পোৱা যায়৷ বহুতো লোকে এলিয়েনৰ লগত দ্য ভিন্সিৰ সম্পৰ্ক আছিল বুলি ক’ব খোজে৷ তেওঁ উৰাজাহাজৰ নক্সা, টেঙ্ক আদি সাজিছিল৷ সেইবোৰ সেই সময়ত কল্পনাৰো অগোচৰ আছিল৷ লিঅ’নাৰ্ডোৰ কাম কাজ তেওঁৰ সময়তকৈ ৫০০ বছৰ আগবঢ়া আছিল৷ দুৰ্ভাগ্যবশত তেতিয়া বিজ্ঞান প্ৰযুক্তি তেনেই চালুকীয়া অৱস্হাত আছিল৷ সেয়ে বাকী লোকসকলে লিঅ’নাৰ্ডোৰ প্ৰযুক্তিবোৰ বুজি পোৱা নাছিল আৰু বহু বছৰলৈকে মানুহে সেইবোৰ কামত খটোৱাব পৰা নাছিল৷ লিঅ’নাৰ্ডোৰ প্ৰযুক্তিবোৰ কামত খটুৱাব পৰাহেতেন আমি কিজানি ১৮০০ চনৰ আগতেই চন্দ্ৰলৈ যাব পাৰিলোহেতেন৷ স্বাভাৱিকতে আমাৰ মনত উদয় হোৱা প্ৰশ্নটো হ’ল লিঅ’নাৰ্ডো দ্য ভিন্সিয়ে ইমান Advance প্ৰযুক্তি কেনেদৰে আয়ত্ত কৰিছিল? ১৪৭৬-৭৮ এই কালছোৱাত তেওঁ এলিয়েনৰ পৰা শিক্ষা ল’বলৈ গৈছিল নেকি? অথবা এলিয়েনৰ UFOৰ পৰা তেওঁ উৰাজাহাজৰ নক্সা প্ৰস্তুত কৰিবলৈ শিকিছিল নেকি?

৭৷ লিঅ’নাৰ্ডোৰ The Last Supper নামৰ পেইন্টিংখনো ৰহস্যৰে ভৰা৷ পেইন্টিংখনে যীশুখ্ৰীষ্টৰ মৃত্যুদণ্ডৰ আগৰ তথা তেওঁৰ শেষ খাদ্যগ্ৰহণক উপস্থাপন কৰিছে৷ যীশুৱে তেওঁৰ ভক্তসকলৰ সতে খাদ্যগ্ৰহণ কৰিছে৷ পেইন্টিংখনত যীশুৰ সোঁফালে বহি থকা দীঘল চুলিৰ অধিকাৰীজন “জন” বুলি প্ৰথম দৃষ্টিত অনুভৱ হয়৷ কিন্তু বহুতৰ মতে সেইগৰাকী জন নহয়- মেৰি মেকডলিন ৷ ছবিখনত যীশু আৰু তেওঁৰ সোঁফালে বহি থকাজনে ইংৰাজী M আখৰটো গঠন কৰে৷ ই কি বুজাইছে ? M মানে মাৰি মেকডালিন নেকি? নে matrimony ? মেৰি আৰু যীশুৰ বিবাহৰ কথা চাগে ভিন্সিয়ে জানিছিল৷ সেয়ে বহুতে কয় যে জন বুলি ধাৰণা হোৱা লোকজন প্ৰকৃততে মেৰিহে হয়৷ যীশুৱে মেৰি আৰু যীশুৰ বিবাহৰ (matrimony ) কথা M আখৰটোৰে বুজোৱা নাইতো ??
লিঅ’নাৰ্ডোৰ পেইন্টিংবোৰ এনেধৰণৰ ৰহস্যৰে ভৰা যি বৌদ্ধিক সমাজৰ খো-দোৱনিৰ উৎস হৈ আছে
http://www.ancient_code.com/

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!