ৰান্ধনিশালৰ কিটিপ (বিক্ৰমজিৎ কাকতি)

১) মা-মছলা সমূহ জুহালৰ ঠিক ওপৰতে নথব । জুইৰ তাপে ইহঁতৰ গুণাগুন নোহোৱা কৰে |
২)ৰিফ্ৰেজিৰটৰত শাক-পাচলি থওঁতে প্লাষ্টিকৰ মোনাৰ ভিতৰত ভৰাই থব, বহুদিনলৈ সতেজ হৈ থাকিব
৩)নহৰু চাফাকৰি উঠাৰ পাছত stainless steelৰ পাত্ৰ এটাত ৩০ চেকন্ড মান হাত দুখন জুবুৰিয়াই মোহাৰিব , ই নহৰুৰ গোন্ধ নাশ কৰে
৪) তিনি চাৰিটামান লং চেনী থোৱা পাত্ৰত থলে পৰুৱা নাহে |
৫) এখন ব্লটিং পেপাৰ বিষ্কুট থোৱা পাত্ৰৰ তলত থ’লে বিষ্কুট নেসেমেকে |
৬) শাক-পাচলি কাটোতে কাঠৰ বৰ্ড ব্যৱহাৰ কৰিব প্লাষ্টিকৰ নকৰিব , প্লাষ্টিকৰ টুকুৰা খাদ্যৰ লগত মিহলি হোৱা সম্ভাবনা প্ৰবল
৭) ৰান্ধনিশালত পইতাচোৰাৰ পৰা ৰক্ষা পাবলৈ হ’লে , ইয়াৰ চাৰিও কোণাতে বৰিক পাউদাৰ চতিয়াই থব ।
৮) কণী নতুন নে পূৰণা কিদৰে ঠিৰাং কৰিব ? এটা পাত্ৰত নিমখ মিহলোৱা ঠান্ডা পানীত কণী কেইটা ডুবাই দিয়ক নতুন কণী কেইটা পানীৰ উপৰেলৈ ভাহি উথিব আৰু পুৰণা কেইটা তলতে থাকিব |
৯)মিক্সিৰ ব্লেড কেইখনৰ ধাৰ নোহোৱা হ’লে মাহত এবাৰ কৈ নিমখ মিক্সিৰে গুৰা কৰিব |
১০) সাবধান , আলু আৰু পিয়াজ একেলগে নাৰাখিব , সোনকালে গেলিব |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!