ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (এন আই টি) শৈক্ষিক মাচুল বৃদ্ধি আৰু কিছু চিন্তা (কল্যাণজ্যোতি চুতীয়া)

শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি গণ্য কৰাৰ সময়তে আজি সমসাময়িক ভাৱে এনে এক ভয়াৱহ পৰিস্থিতিৰো সৃষ্টি হৈছে যে উচ্চ শিক্ষা লোৱাটো বৰ্তমান সৰ্বসাধাৰণৰ বাবে এক অলীক কল্পনা হোৱাৰ পথত। সাধাৰণতে বিজ্ঞান শাখাত অধ্যয়ন কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই অভিযন্তা বা চিকিৎসক হোৱাৰ সপোন পুহি ৰাখে। কিন্তু বৰ্তমান শিক্ষাৰ বাণিজ্যিক কৰণে এনে চূড়ান্ত ৰূপ লৈছে গৈ যে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বেচৰকাৰী ভাৱে উচ্চ শিক্ষা লাভ কৰাৰ কথা সপোনতো আনকি কল্পনা কৰিব নোৱাৰে। এইসকল তীব্ৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ আশা-ভৰসাৰ এক মাত্ৰ থল হৈছে চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ। চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় বুলিলেই ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( আই আই টি ) আৰু ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান( এন আই টি )ৰ কথাই মনলৈ আহে। কিন্তু বৰ্তমান এইসমূহতো যি হাৰত মাচুল বৃদ্ধি কৰা হৈছে তালৈ লক্ষ্য কৰিলে প্ৰতিজন সচেতন ব্যক্তিৰে চকু কপালত উঠিব। ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত মাধমাৰ শোধাই এন আই টি সমূহৰ পৰিচালন ব’ৰ্ড Council of National Institute of Technology আৰু ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে টিউচন মাচুলৰ সম্পূৰ্ণ ১০০% বৃদ্ধি কৰে। ২০১৪ৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বাৰ্ষিক টিউচন মাচুল ৩৫০০০ টকাৰ পৰা বঢ়াই ৭০০০০ টকা কৰি দিয়া হয়। ইয়াৰ লগে লগে প্ৰতিজন ছাত্ৰই ছয় মাহৰ অন্তৰালত অন্যান্য মাচুল(হোষ্টেলৰ মাচুল,চিকিৎসা মাচুল আদি) মিলাই প্ৰায় ৫০০০০ ৰ পৰা ৭০০০০ টকা পৰ্যন্ত মাচুল ভৰিব লাগিব। অসমৰে এন আই টি শিলচৰত এই মাচুল হৈছে গৈ ৫০৫৫০ টকা। নতুনকৈ ভৰ্তি হোৱা সকলৰ বাবে আকৌ ভৰ্তি মাচুল প্ৰায় ৭০০০০ টকা। লক্ষ্য কৰিলে দেখা যায় যে এই মাচুল বহু বেচৰকাৰী শিক্ষানুষ্ঠানতকৈও বেছি। এনে পৰিপ্ৰেক্ষিতত কেনেদৰে এইসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিক্ষা অবিৰত ৰাখিব সেয়া সঁচাকৈয়ে চিন্তনীয়।

প্ৰণিধানযোগ্য যে অসমৰ ৰাজ্যিক অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত কিন্তু এই প্ৰভাৱ পৰা নাই। অসম চৰকাৰৰ কৃপাত এই মহাবিদ্যালয়সমূহৰ মাচুল দুখীয়া ৰাইজে বলে পৰা বিধৰেই। কিন্তু কেন্দ্ৰীয় চৰকাৰে কিহৰ ভিত্তিত এন আই টি-বোৰত এনেদৰে মাচুল বৃদ্ধি কৰিলে সেয়া সন্দেহৰ আৱৰ্তত। ‘আচ্ছে দিন’ৰ তথাকথিত সপোন দেখুৱাই শাসনলৈ অহা মোদী চৰকাৰৰ এই ক্ষেত্ৰত নিশ্চয়কৈ বহু কৰণীয় আছে। সমগ্ৰ ভাৰতৰে মধ্যবিত্ত আৰু দৰিদ্ৰ ৰাইজে গভীৰ আগ্ৰহেৰে যি চৰকাৰলৈ বাট চাই আছিল , সেই চৰকাৰেই যেন আজি অলেখ মেধাক নিৰ্মমভাৱে হত্যা কৰিবলৈ গৈ আছে। উল্লেখ্য যে এন আই টি শিলচৰৰ ৫০% ছাত্ৰ-ছাত্ৰী অসমৰেই হয়। সেয়ে অসমৰ জাতীয় সংগঠন আছু, এনএছয়ুৱাই , কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যুৱ ছাত্ৰ পৰিষদ আদিৰো বহু কৰণীয় আছে এই ক্ষেত্ৰত। তাৰোপৰি অসমৰ সংবাদ মাধ্যম সমূহো এই ক্ষেত্ৰত হতাশজনক ভাৱেই নিৰ্বিকাৰ। এনে এক শিক্ষানুষ্ঠানৰেই ভুক্তভোগী ছাত্ৰ হিচাপে মই অসম তথা ভাৰতৰ সকলো জাতীয় আৰু ছাত্ৰ স্ংগঠনলৈ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উলাই আহিবলৈ আহ্বান জনাইছোঁ। অনুৰোধ জনাইছোঁ সমাজৰ এইসকল মেধাক কলিতে মৰহিবলৈ যাতে দিয়া নহয়। অনতিপলমেই যদি চৰকাৰক নিজৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়া নহয় , তেন্তে ই অজস্ৰ পৰিয়াললৈ নমাই আনিব অমানিশাৰ ঘন ঘোৰ অন্ধকাৰ আৰু অলেখ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভৱিষ্যতৰ স্বাৰ্থত হয় অংগ বা দেহ বিকিব লাগিব নহয় অস্ত্ৰ লৈ সোমাই পৰিব হাবি-জংঘলৰ ভিতৰত। আৰু অনাগত ‘বেয়া দিন’ৰ বাবে সাজু থাকিব লাগিব গোটেই সমাজ-ব্যৱস্থা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!