ৰিউমেটইড্ আৰ্থাটিচ বা আমবাত – ডাঃ মুকুল শৰ্মা

 

ৰিউমেটইড্ আৰ্থাটিচ বা আমবাত বা সৰ্বসাধাৰণৰ ভাষাত বাতবিষ হ’ল এবিধ জীৰ্ণ (chronic) প্ৰদাহযুক্ত ব্যাধি যিয়ে অকল আমাৰ শৰীৰৰ গাঠি বিলাকেই নহয় অন্য অংগ কিছুমানো আক্ৰান্ত কৰে৷ কিছুমান মানুহৰ চৰ্ম, চকু, হাওঁফাওঁ, হৃদপিণ্ড, ৰক্তনলিকা ইত্যাদিও ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়৷ ই হ’ল এটা auto Immune বেমাৰ য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধী শক্তিয়ে নিজৰ শৰীৰৰ কলাকে (tissue) বাহিৰা অলাগতিয়াল পদাৰ্থ হিচাপে ভাবি আক্ৰমণ কৰে৷
ৰিউমেটইড্ আৰ্থাটিচত গাঠি বিলাকৰ শ্লেষ্মাৱৰন (synovial membrane) আক্ৰান্ত হয় যাৰ ফলত ভীষণ বিষ তথা প্ৰদাহ অৰ্থাৎ গাঠিবিলাক ফুলি উঠে, ৰঙা পৰে আৰু পিছলৈ আক্ৰান্ত গাঠিৰ হাড়বিলাক ক্ষয় গৈ হাড়ৰ বা গাঠিৰ বিকৃততাৰ সৃষ্টি কৰে৷

লক্ষণঃ- সাধাৰণতে ৰিউমেটইড্ আৰ্থাটিচ ৰোগ নিৰ্ণয় কৰাৰ বাবে তলত দিয়া ৰোগ নিৰ্ণয় প্ৰক্ৰিয়াটো মানি চলা হয়৷

*তিনিটা বা ততোধিক গাঠি আক্ৰান্ত হয়৷

*সাধাৰণতে শৰীৰৰ সৰু সৰু গাঠি যেনে- হাতৰ আঙুলিবিলাকৰ গাঠি বিলাক, মনিবন্ধ ইত্যাদি আক্ৰান্ত হয়৷

*শৰীৰৰ দুয়ো ফালৰে একেবিলাক গাঠি আক্ৰান্ত হয়৷ যেনে – ইখন হাতৰ আঙুলি বিলাকৰ গাঠিবিলাক আক্ৰান্ত হ’লে সিখন হাতৰো আঙুলিবিলাকৰ গাঠিবিলাক আক্ৰান্ত হয়৷

*লগতে আক্ৰান্ত গাঠি বিলাকত ৰিউমেটইড্ nodule বা কঠিন টেমুনাৰ সৃষ্টি হব পাৰে৷

*তেজৰ পৰীক্ষাত R/A ফেক্টৰৰ উপস্থিতি পোৱা যায়৷

*X-ray বা MRI ত হাড়বিলাকৰ decalcification বা ক্ষয়প্ৰাপ্ত হোৱা দেখা যায়৷

*ৰাতিপুৱা শুই উঠাৰ সময়ত গাঠিবিলাক অনমনীয় বা দৃঢ় (morning stiffness) হৈ গাঠিবিলাক লৰচৰ কৰিবলৈ অসুবিধা হয়৷ গাঠিৰ এই অনমনীয়তা প্ৰায় আধাৰ পৰা একঘণ্টা পৰ্যন্ত থাকিব পাৰে৷ লাহে লাহে লৰচৰ বা চলাফুৰা কৰাৰ পিছতহে গাঠি বিলাকৰ দৃঢ় অৱস্থাটোৰ সাম কাটে৷

ওপৰোক্ত বৈশিষ্ট্য্য সমূহৰ ভিতৰত অতি কমেও তিনি বা চাৰিটা বৈশিষ্ট্য্য উপস্থিত থাকিলেহে মানুহজনৰ ৰিউমেটইড্ আৰ্থাটিচ থকা বুলি নিশ্চিত হোৱা যায়৷ ইয়াৰ উপৰিও ৰিউমেটইড্ আৰ্থাটিচৰ ৰোগী খুব দুৰ্বল হয়, লৰচৰ বা চলাফুৰা কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়, ভোক কমি যায়, অনবৰতে শৰীৰত জ্বৰ জ্বৰ ভাব হয়, বিভিন্ন ধৰণৰ পেটৰ অসুখ হোৱা দেখা যায়৷
কিছুমান ৰিউমেটইড্ আৰ্থাটিচৰ দ্বাৰা আক্ৰান্ত মানুহৰ গাঠি বা জোৰা বিলাক আক্ৰান্ত হোৱাৰ লক্ষণ দেখা নাযাবও পাৰে৷ এনে মানুহৰ শৰীৰৰ অন্য কলা বা অংগ আক্ৰান্ত হব পাৰে৷ যেনে-চৰ্ম, চকু, হাওঁফাওঁ, হৃদপিণ্ড, ৰক্তনলিকা, কিডনি, লালটি গ্ৰন্থি, স্নায়ু কলা, হাড়ৰ মজ্জা ইত্যাদি৷ ভিন ভিন মানুহৰ ক্ষেত্ৰত এই বেমাৰৰ তীব্ৰতাও ভিন ভিন হয়৷

কাৰণঃ- যেতিয়া আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাই আমাৰ নিজৰ শৰীৰৰ কলাবিলাকক বিশেষকৈ গাঠিবিলাকক ভিতৰৰ পৰা আৱৰি ৰখা শ্লেষ্মাৱৰন (synovial membrane) ক আক্ৰমণ কৰি তাত প্ৰদাহৰ সৃষ্টি কৰে তেতিয়াই আমি তাক ৰিউমেটইড্ আৰ্থাটিচ নাম দিওঁ৷ এই প্ৰদাহৰ ফলত গাঠিৰ শ্লেষ্মাৱৰনখন ডাঠ হৈ যায় আৰু লগতে গাঠিৰ হাড়বিলাকৰ উপাস্থি বিলাকো ধ্বংস হবলৈ আৰম্ভ হয় আৰু বিভিন্ন জটিলতাৰ সৃষ্টি হয়৷

ৰোগৰ সম্ভাব্য কাৰকঃ-

*লিংগঃ- সাধাৰণতে মতা মানুহৰ তুলনাত মাইকী মানুহ এই বেমাৰত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়৷ প্ৰত্যেক তিনি গৰাকী মাইকী মানুহৰ বিপৰীতে এজন মতা মানুহ আক্ৰান্ত হয়৷

*বয়সঃ- সকলো বয়সৰে লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হব পাৰে যদিও সাধাৰণতে ৪০-৬০ বছৰ বয়সৰ লোক বেছিকৈ আক্ৰান্ত হয়৷

*বংশগত কাৰণঃ- পৰিয়ালৰ কোনো সদস্যৰ এই ৰোগবিধ থাকিলে অন্য সদস্যৰো এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷

*পাৰিপাৰ্শ্বিক কাৰকঃ- পাৰিপাৰ্শ্বিক কাৰক বিলাকে এই বেমাৰ হোৱাৰ ক্ষেত্ৰত কিদৰে উদ্গনি যোগায় জনা নাযায় যদিও এজবেস্তচ, চিকিলা আদিৰ প্ৰভাৱত এই বেমাৰটো হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷

*মেদবহুলতা ঃ- মেদবহুলতাকো এই বেমাৰৰ এটা কাৰক হিচাপে ধৰা হয়৷

জটিলতাঃ- ৰিউমেটইড্ আৰ্থাটিচৰ ফলত তলত দিয়া জটিলতা সমূহ দেখা দিব পাৰে৷

*অস্থিওপ’ৰ’চিচ (osteoporosis) ঃ- আৰ্থাটিচ আৰু এই বেমাৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত কিছুমান ঔষধে হাড়ৰ ঘনত্ব কমাই osteoporosis বা হাড় পাতল কৰিব পাৰে যাৰ ফলত অলপ চাপ পৰিলেই হাড় ভাঙি যোৱাৰ প্ৰৱণতা বৃদ্ধি পায়৷

*ৰিউমেটইড্ নডুলস্(rheumatoid nodules) ঃ- আৰ্থাটিচ হোৱা গাঠি বিলাকত কিছুমান কঠিন টেমুনাৰ সৃষ্টি হব পাৰে যাক নডুলস্ বুলি কোৱা হয় আৰু ইয়াৰ ফলত গাঠিবিলাকত বিভিন্ন বিকৃততা যেনে – হাতৰ আঙুলিৰ Boutonneire deformity, claw toe deformity, হাতৰ বুঢ়া আঙুলিৰ Z-shaped deformity of thumb, ulner deviation, swan neck deformity ইত্যাদি হব পাৰে৷

*সংক্ৰমণ ঃ- এই বেমাৰটোৰ ফলত লগতে ইয়াৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধৰ ফলত মানুহজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি গৈ বিভিন্ন সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়৷

*কাৰ্পেল টানেল চিণ্ড্ৰমঃ- যদি ৰিউমেটইড্ আৰ্থাটিচৰ ফলত মানুহজনৰ হাতৰ মনিবন্ধ আক্ৰান্ত হয় তেন্তে ইয়াৰ ফলত হোৱা প্ৰদাহে হাত আৰু আঙুলিলৈ যোৱা স্নায়ু বিলাকত হেঁচা বা চাপৰ সৃষ্টি কৰাৰ ফলত হাত আৰু আঙুলিলৈ যোৱা স্নায়ু বিলাক আক্ৰান্ত হব পাৰে৷

*হৃদৰোগঃ- ৰিউমেটইড্ আৰ্থাটিচৰ ফলত শৰীৰৰ ধমনী বিলাক কঠিন হৈ পৰে আৰু লগতে ধমনী বিলাকত ব্লকেজৰ সৃষ্টি হব পাৰে৷ ইয়াৰ উপৰিও হৃদপিণ্ডৰ চাৰিওফালে থকা মাংসপেশী বিলাকতো প্ৰদাহৰ সৃষ্টি কৰিব পাৰে৷

*হাওঁফাওঁৰ বেমাৰঃ- ৰিউমেটইড্ আৰ্থাটিচযুক্ত ৰোগীৰ হাওঁফাওঁত প্ৰদাহৰ সৃষ্টি হব পাৰে লগতে হাওঁফাওঁ সংকুচিত হৈ উশাহ নিশাহৰ সমস্যাৰ সৃষ্টি হব পাৰে৷

*চকু আৰু মুখ শুকাই যোৱাঃ- যিবিলাক মানুহৰ ৰিউমেটইড্ আৰ্থাটিচ থাকে তেনে মানুহৰ সাধাৰণতে চকু মুখৰ আদ্ৰতা কমি শুকান হৈ যাব পাৰে৷

*লিম্ফমা ঃ- ৰিউমেটইড্ আৰ্থাটিচৰ ফলত লিম্ফমা (একধৰণৰ তেজৰ কৰ্কট ৰোগ যিয়ে লসীকা গ্ৰন্থি আক্ৰান্ত কৰে) হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়৷

পৰীক্ষাগাৰত কৰিব লগীয়া পৰীক্ষা ঃ- ৰিউমেটইড্ আৰ্থাটিচ চিনাক্ত কৰাৰ বাবে যদিও ওপৰত John’s criteria ৰ কথা কোৱা হৈছে তথাপি তলৰ পৰীক্ষা সমূহ কৰি লোৱা উচিত৷

*তেজৰ ESR (সাধাৰণতে বেছি থাকে)

*তেজৰ C-reactive protein (CRP)

*তেজৰ Anti- cyclic citrullinated peptide antibody (ANTI-CCP) পৰীক্ষা৷

*আক্ৰান্ত গাঠিৰ X-ray বা MRI

*তেজৰ R/A Factor পৰীক্ষা৷ ইত্যাদি৷

চিকিৎসা ঃ- আধুনিক চিকিৎসা বিজ্ঞানত বিষ নিবাৰক ঔষধ (NSAID), ষ্টেৰইড, কিছুমান মেলেৰিয়া ৰোগৰ ঔষধ যেনে- হাইড্ৰক্সি ক্ল’ৰকুইন, কিছুমান কৰ্কট ৰোগত ব্যৱহৃত ঔষধ যেনে – methotrexate ইত্যাদি ব্যৱহাৰ কৰা হয়৷ এই ঔষধ বিলাকে কাম কৰে যদিও ৰিউমেটইড্ আৰ্থাটিচ যিহেতু এটা জীৰ্ণ বেমাৰ সেয়েহে এই ঔষধ বিলাক বেছি দিনলৈ ব্যৱহাৰ কৰিলে বহুতো পাৰ্শ্চক্ৰিয়াৰ সৃষ্টি হব পাৰে লগতে এই ঔষধ বিলাকে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমাই দিয়াৰ ফলত শৰীৰত বহুতো সংক্ৰমণ জনিত ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷

আয়ুৰ্বেদিক দৃষ্টভংগী ঃ- আয়ুৰ্বেদত এই বেমাৰটোক আমবাতৰ লগত তুলনা কৰা হৈছে৷ আম মানে হ’ল অপক্ব অন্নৰস আৰু বাত মানে হ’ল বাত দোষ৷ আমাৰ শৰীৰত অগ্নিমণ্ডতা বা জঠৰাগ্নিৰ দুৰ্বলতা বা আধুনিক চিকিৎসা বিজ্ঞান অনুসৰি পাচক ৰস বা এনজাইমৰ কমকৈ নিঃসৰণৰ ফলত আমি খোৱা খাদ্য সঠিক ভাৱে পাচিত বা হজম নহয় আৰু অপক্ব অন্নৰসৰ সৃষ্টি হয় যাক আমি আম বুলি কওঁ৷ এই অপক্ব অন্নৰস বা আম অৱশোষিত হৈ বাত দোষৰ সহায়ত গৈ শৰীৰৰ বিভিন্ন কলা বিশেষকৈ শ্লেষ্মাযুক্ত কলা বা অংগ যেনে- সন্ধি, হৃদয় ইত্যাদি কলা বা অংগ বিলাকত আশ্ৰয় লয়৷ কিন্তু এই অপক্ব অন্ন বা আম শৰীৰৰ বাবে অলাগতিয়াল আৰু বিষযুক্ত হয় বাবে শৰীৰে ইয়াক গ্ৰহণ নকৰি এণ্টিজেন হিচাপে গণ্য কৰি ইয়াক শৰীৰৰ বাহিৰলৈ উলিয়াই পঠাব চেষ্টা কৰে বা ধ্বংস কৰিব চেষ্টা কৰে৷ ইয়াৰ ফলত শৰীৰত auto Immune reaction হয় আৰু এণ্টিবডিৰ সৃষ্টি হয়৷ সেয়েহে ৰিউমেটইড্ আৰ্থাটিচক auto Immune disease বুলি কোৱা হয়৷ আনহাতে মতা মানুহৰ তুলনাত মাইকী মানুহৰ এই বেমাৰটো বেছিকৈ দেখা যায়৷ ইয়াৰ কাৰণটো মাইকী মানুহৰ খোৱা বোৱাৰ অনিয়মিতাৰ বাবে অগ্নিমণ্ডতাৰ সৃষ্টি হোৱাৰ বাবে এই বেমাৰটো হোৱাৰ সম্ভাৱনা বেছি বুলি ভবা হয়৷

ৰিউমেটইড্ আৰ্থাটিচযুক্ত ৰোগীয়ে কি খাদ্য খাব পাৰে ঃ- নহৰু, পিয়াঁজ, আদা, ব্ৰুকলি, ফুলকবি, মূলা, বন্ধাকবি, ছাল গোম, পালেং, মেথি, গাজৰ, বিট, চেৰি, নাচপতি, খিচমিচ, আনাৰস, অমিতা, আপেল, টেঙা জাতীয় ফল যেনে- কমলা, মৌচুমী, ৰবাব ইত্যাদি৷ অ’মেগা ৩ ফেটি এচিড যুক্ত খাদ্য যেনে – কাঠবাদাম (almond), কিছুমান সাগৰীয় মাছ যেনে- ছালমন, তুনা ইত্যাদি৷

কি কি খাদ্য পৰিহাৰ কৰিব লাগে ঃ- বায়ুকাৰক খাদ্য, এলকহল, বেকাৰীৰ খাদ্য, ৰিফাইন যুক্ত খাদ্য, ময়দাৰ দ্বাৰা বনোৱা খাদ্য, কেফেইন যুক্ত খাদ্য, বেঙেনা, আলু, বিলাহী, দৈ, মাটি মাহ, চৰ্বীজাতীয় খাদ্য, অধিক শৰ্কৰাজাতীয় খাদ্য, মাংস, সংশোধিত খাদ্য (processed foods), জাংক ফুদ, প্ৰিজাৰভেটিভযুক্ত খাদ্য ইত্যাদি৷ লগতে বিৰূদ্ধ আহাৰ আৰু ৰাত্ৰিজাগৰণ পৰিহাৰ কৰিব লাগে, মলমূত্ৰৰ বেগ বেছি সময়লৈকে ধৰি ৰাখিব নালাগে৷

চিকিৎসা ঃ- আমবাতৰ চিকিৎসাৰ ক্ষেত্ৰত মনোযোগ দিব লগীয়া কথাটো হ’ল যিহেতু ই অপক্ব অন্নৰস বা আমৰ প্ৰভাৱত হয় গতিকে এই অপক্ব অন্নৰস কেনেকৈ পাচন কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰা৷ ইয়াৰ বাবে আমবাতৰ দ্বাৰা আক্ৰান্ত ৰোগীক লংঘন (Fasting) ৰ উপদেশ দিয়া হয়৷ লগতে অপক্ব অন্নৰসৰ পাচনৰ বাবে বিভিন্ন ধৰণৰ অগ্নিবৰ্ধক দীপন, পাচন যুক্ত ঔষধিৰ সেৱনৰ পৰামৰ্শ দিয়া হয়৷ যেনে – ত্ৰিকটু চূৰ্ণ৷ ইয়াৰ উপৰিও বিভিন্ন আয়ুৰ্বেদীক ঔষধ এই বেমাৰটোৰ বাবে ব্যৱহাৰ কৰা হয়৷ যেনে – আমবাতাৰি ৰস, সঞ্জীৱনী বটী, ৰামবান ৰস, মহাযোগৰাজ গুগ্গুল ইত্যাদি৷ লগতে আক্ৰান্ত গাঠিবিলাকত শুষ্ক সেক বা স্বেদনৰ (fomentation) ৰ ব্যৱস্থা কৰা উচিত৷ শুষ্ক স্বেদন সাধাৰণতে সৈন্ধৱ নিমখ বা বালিৰ টোপোলা বনাই তাৱাত গৰম কৰি আক্ৰান্ত গাঠিবিলাকত লগোৱা হয়৷ অপক্ব অন্নৰসৰ ফলত অন্ত্ৰৰ (intestine) ছিদ্ৰ বা ৰন্ধ্ৰবিলাক বন্ধ হৈ যায় আৰু এই ৰন্ধ্ৰবিলাক খুলিবলৈ বিৰেচনৰ (purgation) প্ৰয়োগ কৰা হয়৷ বিৰেচনৰ বাবে এৰণ্ড তেল, অজমোদাদি চূৰ্ণ ইত্যাদিৰ প্ৰয়োগ কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!