ৰিজাল্ট – মৃদুল কুমাৰ শৰ্মা

শৰ্মানী: হেৰা, ইমানসোপা গুলাবজামুন কাৰ কাৰণে আনিছাহে?
শৰ্মা: কাৰ কাৰণে মানে? মানুহসোপা নাহিব নেকি? সুদা চাহ দিবা? নে মালপোৱা, পাপৰ খুৱাবা? আজিকালি মালপোৱা পাপৰ কোনেও নুখুৱায় বুজিছা৷ এট্‌ লিষ্ট্‌ বগা ৰসগোল্লা এটা হ’লেও খুৱায়৷
শৰ্মানী: উসঃ, ৰ’বাচোন৷ মালপোৱা নহ’লেও লুচী খুৱাব পাৰি ন’?
শৰ্মা: হৈছে যোৱা তুমি যিহে লুচী খুৱাবা! কোনে খাব তোমাৰ অবিভক্ত কামৰূপ জিলা কেইখন?
শৰ্মানী: হেৰা, কি বলকি আছা? ক’ৰ মানুহ আহিব? লুচীয়ে বা কিয় খাব? তুমি প্ৰমোচন পালা নেকি ডাৰ্লিং?
শৰ্মা: তোমাৰ মাথাটো গ’ল৷ আজি টিটুৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া নাই নেকি আঁকৰীজনী? বৰা আৰু কলিতাই মোক টিটুৱে ইচ্‌টেণ্ড কৰিব বুলি দুটা হাফৰ পইছা লৈ গ’ল৷
শৰ্মানী: হৌ মোৰ আই! ঔ মোৰ গোঁসাই৷ মোক চেৰাবলিয়া এজনৰ লগতহে বিয়া দিব পালানে৷ হুক্‌ হুক্‌৷
শৰ্মা: কিনো বকিছা ঔ? মাথা বেয়া হ’ল নেকি তোমাৰ? আৰ্‌ ইউ নাট্‌ছছছছছ্‌? আৰ্‌ য়ু ক্ৰেজি?
শৰ্মানী: নাই হোৱা৷ আয়েম নট্‌ ক্ৰেজি৷ কিন্তু তুমি সঁচাকৈয়ে ক্ৰেজি৷ আজি ৰিজাল্ট দিছে ছেবাৰ আৰু আমাৰ টিটু পঢ়ে ছিবিএচিত৷ গতিকে তুমি এই গুলাবজামুন আদি আনি যিখন নাটক কৰিছা সেইবোৰ আচলতে তুমি বহুৱালিহে কৰি আছা৷ আজি টিটুহঁতৰ ৰিজাল্ট দিয়াই নাই!
শৰ্মা: মানে তুমি ক’ব খুজিছা যে আজি টিটুহঁতৰ ৰিজাল্ট দিয়াই নাই? ছেবা আৰু ছিবিএচিৰ ৰিজাল্ট বেলেগে বেলেগে দিয়ে?
শৰ্মানী: অঁতো আকৌ৷ বেলেগ বেলেগ ব’ৰ্ডে বেলেগ বেলেগ সময়ত ৰিজাল্ট দিয়ে৷
শৰ্মা: নৌঔঔঔঔঔঔঔ! চাল্লা বৰা আৰু কলিতা! বামুণক ঠগি কিমান খাবি চাই ল’ম৷ ডিঙিত ছাগলীৰ কাঁইট বজিব তহঁতৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!