ৰূপোৱালী মেঘৰ ছায়া (উপন্যাস)- মৌচুমী বৰি

(অন্তিম খণ্ড)
দেওবাৰৰ আবেলি এটাত অৰুন্ধতীয়ে আধৰুৱাকৈ পঢ়ি ৰোৱা প্ৰাপ্তিৰ ডায়েৰিখন মেলি ল’লে —

হোষ্টেলৰ কাঞ্চন বাইদেউৰ ক্ৰমশঃ স্ফীত হৈ অহা পেটটো সকলোৰে চকুত পৰিবলৈ ধৰিলে৷ কোনোবাই কিবা সুধিলে বাইদেৱে টিউমাৰ হৈছে বুলি কৈ থৈ দিয়ে৷ ক্লাছলৈ গ’লে যিমান পাৰে চূৰ্ণীখনেৰে পেটটো ঢাকিবলৈ যত্ন কৰে৷ আমি সকলোৱে বাইদেউক ডাক্তৰৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিওঁ৷ বাইদেউৰ টিউমাৰ হৈছে বুলি মোৰো চিন্তা লাগি থাকে৷ “অপাৰেচন” বুলি ক’লেই মোৰ এনেই জীউ উৰে৷ কাঞ্চন বাইদেউৰ টিউমাৰটো যে এদিন অপাৰেচন কৰি বাহিৰ কৰিব লাগিব সেইকথা ভাবিলেই মনটো কিবাকিবি লাগি যায়৷

কাঞ্চন বাইদেৱে এদিন ৰূমমেটৰ আগত স্বীকাৰ কৰিলে – তাই প্ৰেগনেণ্ট বুলি! তাইৰ চহৰৰ প্ৰেমিক দেৱাশিসে এদিন তাইক লগ কৰিবলৈ আহিছিল৷ তাই ঘৰলৈ যাওঁ বুলি চুপাৰক কৈ দেৱাশিসৰ লগত হোটেলত দুটা ৰাতি কটাই আহিলে৷ এতিয়া সেই ভুলৰ পৰিণাম তাই ভুগিব লগা হৈছে৷ কথাবোৰ ঘৰতো গম নাপায়৷ দেৱাশিসৰো খবৰ নাই তেতিয়াৰ পৰা৷ তাই এতিয়া অসহায় হৈ পৰিছে৷ কাঞ্চন বাইদেউৰ এনে এক অসহায় অৱস্থা দেখি আমি সকলোৱে চুপাৰ চাৰৰ লগত কথা পাতিলোঁ৷ অৱশেষত কাঞ্চন বাইদেউক ঘৰত থৈ অহাৰ সিদ্ধান্ত লোৱা হ’ল৷ ৰূপালীম বাইদেৱে কাঞ্চন বাইদেউক ঘৰত থৈ আহিলে৷
০০০০০০০০০০০০

বৰগোহাঁই চাৰৰ এক্সট্ৰা হাই ভল্টেজ ক্লাছটো কৰি ভাল পাইছিলোঁ আমি! সিদিনা চাৰে আমাক লেবত এক্সট্ৰা হাই ভল্টেজ টেষ্ট এটা কৰাই দেখাইছিল৷ চাৰে কৈছিল – “তোমালোকক আজি বিজুলী সৃষ্টি কৰি দেখুৱাম”৷ আমি খুউব উৎসুকতাৰে লেব পাইছিলোঁগৈ৷ দেখিছিলোঁ এটা সৰু গ্ৰীল লগোৱা চেম্বাৰত দুটা ইলেক্ট্ৰডৰ লগত কেবল আদিৰ কানেকচন! চাৰে গোটেইবোৰ কানেকচন আদি কৰি বাহিৰলৈ গ’ল বাহিৰৰ পৰা অপাৰেট কৰিবৰ বাবে৷ বাহিৰলৈ যোৱাৰ আগতে চাৰে আমাক ক’লে – “মই ইয়াৰ পৰা ভল্টেজটো বঢ়াই গৈ থাকিম আৰু এটা সময়ত চেম্বাৰৰ ভিতৰত এয়াৰ ব্ৰেক হ’ব আৰু তাত কাৰেণ্ট প্ৰবাহিত হ’বলৈ আৰম্ভ কৰিব আৰু কৰনা ডিচচাৰ্জ হোৱা দেখা পাবা৷ কৰনা মানে হ’ল বিজুলী সৃষ্টি হোৱাৰ এটা প্ৰক্ৰিয়া৷ যেতিয়া এয়াৰ ব্ৰেক হ’ব তেতিয়া শব্দ এটা হ’ব৷” এইবুলি কোৱাৰ পাছত আমি চেম্বাৰটোলৈ চাই উৎকণ্ঠাৰে বাট চাই ৰলোঁ৷ চাৰে বাহিৰৰ পৰা ভল্টেজ বঢ়াবলৈ আৰম্ভ কৰিলে আৰু এনেকৈ ভল্টেজ বঢ়াই গৈ থাকোঁতে এটা সময়ত চেম্বাৰটোৰ ভিতৰত হঠাতে “কেৰ কেৰ কেৰ…” কৈ শব্দ এটা হ’ল৷ আমি গোটেই গালে ইমান ভয় খালোঁ যে ভিৰাই দৌৰ মাৰিলোঁ লেবৰ বাহিৰলৈ৷ চাৰে আমাক “চোৱা, চোৱা” বুলি চিঞৰি মাতিলে৷ আমি আকৌ হাঁহি হাঁহি উভতি আহিলোঁ, দেখিলোঁ – ইটো ইলেকট্ৰডৰ পৰা সিটো ইলেকট্ৰডলৈ কাৰেণ্ট প্ৰবাহিত হৈ বিজুলীৰ সৃষ্টি হৈছে মানে কৰনা ডিচচাৰ্জ হৈছে৷ চাৰে ক’লে—“যিটো শব্দ শুনা পালা সেই শব্দটোক গাজনি বুলি ধৰি ল’ব পাৰা আৰু কৰনা ডিচচাৰ্জেই হৈছে বিজুলী –এনেকৈ হাই ভল্টেজত বিজুলীৰ সৃষ্টি হয়৷”

চাহু চাৰৰ “পাৱাৰ ইলেকট্ৰনিক্স” ক্লাছটোৰ কথাও পাহৰিব নোৱাৰোঁ৷ ভাবি নাপাওঁ – চাৰ কিয় এনেকুৱা! ছাত্ৰ-ছাত্ৰীয়ে যিমানেই দুষ্টালি নকৰক চাৰে কেতিয়াও একো প্ৰতিক্ৰিয়া নেদেখুৱায়৷ চাৰে ক্লাছ টেষ্ট ল’লে সকলো ছাত্ৰ-ছাত্ৰীয়ে চাৰৰ সমুখতে কিতাপ মেলি উত্তৰ লিখে! চাৰে দেখিও উদাসীন হৈয়েই ৰয়৷ কেতিয়াবা সীমা চেৰাই গ’লে মাথোঁ কয়—“ষ্টেণ্ড আপ”৷ আমাৰ শ্ৰেণী কোঠাত দুখন দুৱাৰ আছিল, চাৰে বৰ্ডত লিখি থকাৰ সুবিধা লৈ ল’ৰাবোৰে পিছ দুৱাৰেদি পলাইছিল৷ ক্লাছ শেষ হোৱালৈকে ছাত্ৰ-ছাত্ৰী দুজনমানহে ৰৈছিল গৈ৷ চাৰে কিন্তু সকলো দেখিও একো নকৈছিল৷ চাৰৰ উদাসীনতাৰ কথা ভাবি আজিও আচৰিত হওঁ৷

পিছে বৰগোহাঁই চাৰক সকলোৱে বাঘ দেখাদি দেখিছিলোঁ৷ চাৰৰ ক্লাছত সকলো উপস্থিত আছিল বাধ্য ছাত্ৰ-ছাত্ৰীৰ দৰে৷ চাৰে সকলো ছাত্ৰ-ছাত্ৰীৰে নাম মনত ৰাখিছিল৷ কন্দলী চাৰলৈ মনত পৰে৷ চাৰে কম্পিউটাৰ প্ৰগেমিং পাইছিল৷ চাৰে বহু এক্সট্ৰা ক্লাছ লৈছিল আমাৰ! ক্লাছত মোৰ ইমানেই টোপনি ধৰিছিল যে চাৰে নোটছ লিখালে টোপনিতে আখৰবোৰৰ গতি নোহোৱা হৈছিল৷

০০০০০০
গতানুগতিক ভাৱে দিনবোৰ পাৰ হৈছিল৷ আমাৰ তৃতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা ওচৰ চাপি আহিছিল৷ ষ্টাডি লিভৰ বাবে ঘৰলৈ যাবলৈ সাজু হৈছিলোঁ৷ মনত পৰিছিল নিবিড়লৈ৷ তাৰ অভাৱ খুউব অনুভৱ কৰিছিলোঁ৷ সি থকা হ’লে এইবাৰ অভিযন্তা হৈ ওলালেহেঁতেন নিবিড়! তাৰ ধুনীয়া চকুযুৰি, তাৰ কথাবোৰ, তাৰ গানে প্ৰায়ে আমনি কৰে মোক! স্মৃতিৰ বেদনাৰে দগ্ধ হওঁ মই! চকুমুদি ফুচফুচাওঁ – “পৰমপিতা, মোক জ্ঞানৰ পোহৰ দিয়া, এই সন্তাপিত আত্মাটিক তোমাৰ অমৃতপৰশেৰে শান্ত কৰা! পৰমপিতা! মোৰ পৰমপিতা!”

এদিন নিবিড়ে বয়জ হোষ্টেলৰ ৰেগিঙৰ কথা কৈছিল! নতুনকৈ অহা ল’ৰাবোৰৰ গালত কিমান যে কাণতলীয়া চৰ নপৰিছিল! এবাৰ এটা ল’ৰাৰ এনেকৈ চৰ খাওঁতে কাণৰ পৰ্দা ফাটিছিল৷ অনিমেষ নামৰ দাদাজনে বোলে নিবিড়ক য’তে দেখে তাতে “নীলডাউন” হ’বলৈ দিছিল৷ পিছত অৱশ্যে সেই ল’ৰাটো তাৰ মৰমৰ দাদা হৈ পৰিছিল৷ বিছনাৰ তলত সোমাই সিহঁতক ম’হ মাৰিব লগাইছিল৷ সিহঁতক ৰেগিঙৰ নামত ৰাতি ৰাতি শিয়ালৰ দৰে “হোৱা” দিব লগাইছিল সিহঁতৰে চুপাৰ চাৰৰ কোৱাৰ্টাৰৰ পিছফালে থিয় হৈ৷ এবাৰ একৈশজন ল’ৰাক বিছনাৰ তলত একেলগে সোমাবলৈ দিছিল ঠেলি হেঁচি৷ কাৰোবাৰ হাত বা ভৰি ওলালেই এচাৰিৰে পিটিছিল৷ —নিবিড়ৰ কথাবোৰ শুনি আমোদ পাইছিলোঁ যদিও বেয়া লাগিছিল ল’ৰা হোষ্টেলৰ ৰেগিঙৰ নামত কৰা অত্যাচাৰ বোৰ শুনি৷

০০০০০০
সেইদিনা ঘৰলৈ যাবলৈ বুলি এ এছ টি চি বাছ ষ্টেণ্ডত বাছৰ চিটত বহিলোঁ৷ মোৰ লগত আছিল জবা৷ বাছখনে যেতিয়া ষ্টাৰ্ট দিবলৈ ল’লে হঠাতে জবাক ভালপোৱা নবিউল ওলালহি—হাতত তাৰ গিফ্টৰ পেকেট আৰু এটা ৰঙা গোলাপৰ বোকে৷ সি ঘামি জামি দৌৰি আহিছিল আৰু ফোঁপাই ফোঁপাই জবালৈ বুলি আগবঢ়াই দিলে তাৰ হাতৰ গিফ্টটো৷ তাক দেখি এনেকুৱা লাগিল গাড়ীখন গুচি যোৱা হ’লে সি যেন দুখত ভাগি পৰিলহেঁতেন!

নবিউলে হাত ডাঙি বিদায় দিলে আমাক! আজি নিবিড় থকা হ’লে সিও চাগৈ মোক এনেকৈয়ে বিদায় জনাব আহিলহেঁতেন—নীৰৱে বৈ অহা দুটোপাল অশ্ৰুকণা জবাই গম নোপোৱাকৈ হাতেৰে মোহাৰিছিলোঁ মই! জবাই গিফ্টৰ পেকেট খুলিছিল – পঙ্কজ উধাছৰ গজলৰ কেছেট!
-ফুলৰ বোকেটো ক’ৰবাত লুকুৱাব লাগিব! ঘৰত নবিউলৰ কথা গম নাপাই নহয় প্ৰাপ্তি! —জবাই কৈ উঠিল!
জবাৰ কথাত মোৰ হাঁহি উঠিল৷
-অ’ই প্ৰাপ্তি, নবিউলৰ লগত বিয়াৰ কথা ভাবিলেই মোৰ ভয় লাগে! আমাৰ যে ধৰ্মই নিমিলে! ভাল ৰাম-ৰাৱনৰ যুদ্ধ এখন হ’ব চাগৈ৷
-চিন্তা নকৰিবি৷ এতিয়া পঢ়া-শুনাত মন দে৷ সঁচা প্ৰেমৰ কেতিয়াও পৰাজয় নহয়৷
— মই জবাক ক’লো৷

আমাৰ বাছখনে গতি ল’লে৷ পাৰ হৈ যোৱা গছ-গছনি, নীলা আকাশলৈ চাই চাই নিবিড়ৰ কথাই ভাবি থাকিলোঁ৷ হৃদয়ত অনুভৱ কৰিলোঁ – প্ৰেমৰ গুঞ্জন-নিবিড়ৰ সান্নিধ্যৰ!

অৰুন্ধতীয়ে ডায়েৰিখন সামৰি থ’লে—“আৰু বেছি পৃষ্ঠা নাই”—ভাবিলে তাই৷ অনুৰাগৰ ফোন আহিল – অহা সপ্তাহত পাবহি অনুৰাগ৷
“এনেকৈ দূৰে দূৰে আৰু কিমানদিন সংসাৰ কৰিম? অসমলৈ যাবলৈ, অনুৰাগৰ লগত সদায় একেলগে থাকিবলৈ অসমতে কৰিব পৰা চাকৰি এটা বিচাৰিব লাগিব”—ভাবিলে অৰুন্ধতীয়ে৷ এইবাৰ অনুৰাগ আহিলে তাইৰ মনৰ কথাটো ক’ব অনুৰাগক৷

০০০০০০০০০

প্ৰাপ্তিৰ ডায়েৰিখন সোনকালে পঢ়ি শেষ কৰাৰ কথা ভাবিলে অৰুন্ধতীয়ে —–

ইঞ্জিনীয়াৰিঙৰ আমাৰ শেষৰটো বছৰ আৰম্ভ হ’ল৷ চকুৰ পচাৰতে কেনেকৈ যে দিনবোৰ পাৰ হৈ গ’ল ধৰিবই নোৱাৰিলোঁ৷ পূৰাদমে ক্লাছবোৰ চলি থাকিল৷ প্ৰজেক্টৰ কামো আৰম্ভ হ’ল৷ প্ৰজেক্টৰ কাম কলেজত দেৰিলৈকে কৰিবৰ বাবে হোষ্টেল চুপাৰৰ পৰা পাৰমিশ্যন লোৱা হ’ল৷ আমাৰ প্ৰজেক্টটো আছিল “মাইক্ৰপ্ৰচেছৰ বেছড টেম্পাৰেশ্যাৰ কণ্ট্ৰল চিছটেম ফৰ এপলিকেশ্যন ইন মেনুফেকশ্যাৰিং অফ টি”৷ চাৰে আমাক বুজাই দিছিল যে “টুকুলাই গৱেষণাগাৰৰ গৱেষকসকলৰ মতে চাহপাতখিনি যদি বিশেষ উত্তাপত গৰম কৰিব পাৰি তেতিয়া চাহৰ গুণগত মান বাঢ়ি যাব৷ ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰজেক্টৰ কাম আৰম্ভ কৰিব পাৰা৷ চাহপাতখিনি যেতিয়া গৰম কৰিবা পাৰটিকুলাৰ এটা টেম্পেশ্যাৰত সেইখিনি মেইনটেইন কৰিব লাগিব, তাৰবাবে মাইক্ৰপ্ৰচেছৰ বেছড চিছটেম বনোৱা হ’ব, চেনছৰ থাকি ইত্যাদি ইত্যাদি৷” আমিও আমাৰ কাম আৰম্ভ কৰিছিলোঁ৷

এদিন আমি সকলো হলত চিনেমা চাবলৈ ওলালোঁ৷ সাধাৰণতে মই স্মৃতিগোপাল হলত চিনেমা চাই বৰ বেয়া পাওঁ কাৰণ তাৰ টিকেট চিষ্টেমটো ইমান যে বেয়া! জেণ্টচ লাইন, লেডিজ লাইন বুলি একো নাই, পুৰুষ-মহিলা উভয়ে একেলগে লাইন পাতিব লাগে৷ হলত “ডিল ত’ পাগল হে” চিনেমাখন চলি আছিল৷ আমি নিমাখিত কেইজনী লাইনৰ বাহিৰত থাকিলোঁ আৰু হৰ্তাকৰ্তা কেইগৰাকী টিকেট কাটিবৰ বাবে লাইন পাতিলে৷ লাহে লাহে ভীৰ বাঢ়ি গ’ল৷ মানুহৰ ভীৰে ঢৌৰ দৰে আমি বাহিৰত ৰৈ থকা কেইজনীকো চুলেহি৷ হঠাতে ভীৰৰ মাজত কোনোবাই মোৰ গাত চিকুট এটা মাৰিলে৷ চিকুট খাই ভয়তে মই যিমান পাৰোঁ ভীৰৰ পৰা উলাবলৈ চেষ্টা চলালোঁ৷ হঠাতে কোনোবা এটাই প্ৰিয়াৰ বুকুত হাত দিলে৷ ভীৰৰ মাজতে প্ৰিয়াই বুকুত হাত দিয়াজনৰ গালত জোৰকৈ চৰ সোধালে৷ অৱশেষত আমাৰ টিকট কৰা হৰ্তা-কৰ্তাকেইগৰাকী হাতত টিকট লৈ ৰঙা চিঙা পৰি লাইনৰ পৰা ওলাই আহিল৷ মই মনে মনে ভাবিলোঁ– “ইহঁতকেইজনীয়ে কি কি খুচ খালে ঠিকনা নাই আজি!” তাৰপিছত আৰম্ভ হ’ল আমাৰ হলৰ ভিতৰলৈ যাত্ৰা৷ বাহিৰৰ পোহৰৰ পৰা আহি হলৰ ভিতৰত সোমাই গোটেইখন এন্ধাৰ দেখিলোঁ৷ আমি গোটেই কেইজনীয়ে খেপিয়াই খেপিয়াই টিকটৰ মতে নিজৰ আসন ল’লোঁ৷ আসনত বহিহে গম পালোঁ মোৰ হাত-ঘড়ীটো নাই৷ ভীৰৰ মাজত ক’ত পৰি আহিল গমকে নাপালোঁ৷ প্ৰিয়াই মোক ফুচফুচাই ক’লে – “ঐ মোৰ চেণ্ডেল চিঙিল জান’”৷ বৰ কষ্ট-মষ্ট কিন্তু আনন্দেৰে আমি সেইদিনা চিনেমা উপভোগ কৰিলোঁ৷

আমি মাজে মাজে এনেকৈয়ে চিনেমা উপভোগ কৰিছিলোঁ৷ “লগান” চিনেমাখন চোৱা মনত পৰে৷ সেই যে ক্ৰিকেট খেল হৈছিল –বৃটিছ আৰু ভাৰতীয় সকলৰ মাজত! খেল চাই দৰ্শকসকল ইমান উত্তেজিত হৈছিল যে “দে মাৰ, দে মাৰ” ধ্বনিৰে গোটেই হলঘৰটো মুখৰিত হৈ পৰিছিল৷ আননালাগে আমাৰ প্ৰিয়াইও বাকী দৰ্শকসকলৰ লগত যোগ দিছিল৷

মাজে মাজে আমি বন্ধু-বান্ধৱসকলে শেষৰটো বছৰ বুলি বেলিআমিজ, উডলেণ্ডত পাৰ্টি কৰিছিলোঁ৷ এই পাৰ্টিবোৰ হ’লে মোৰ যে নিবিড়লৈ ইমান মনত পৰে! সি গোৱা গানবোৰলৈ মনত পৰে! এদিন সি এটা কবিতা গাই শুনাইছিল মোক লেইকৰ পাৰত বহি৷ সেইদিনা বতৰ ডাৱৰীয়া আছিল! আকাশলৈ চালে এনে লাগে–এইযেন এজাক বৰষুণ আহিব! নিবিড়ে গাইছিল –
“বৰষুণজাকে আনে সোঁৱৰণী এদিনৰ
সিদিনাৰ
যিদিনা মোৰ প্ৰথম দেখা তোমাৰ লগত
সেই কোঠাটিত
য’ত বতাহ আছিল কম্পমান
ধূপকাঠিৰ নিৰ্যাস আৰু
নতুনকৈ তিওৱা মাটিৰ গোন্ধৰ সুৰভিৰে
মোৰ মৰ্মপৰশি উথলি উঠিছিল
কিবা এক অনুভূতি
পৰাণ জগোৱা
মোৰ অনুভৱ আছিল সহজাত
সেই বৰষুণ জাকৰ দৰেই”

মই কৈছিলোঁ…
– ইমান কোমল মিঠা কবিতা, কাৰ কবিতা নিবিড়! তোমাৰ?
সি সশব্দে হাঁহি উঠিছিল আৰু কৈছিল—
– ধেৎ পাগলীজনী! মই আৰু কবিতা লিখোনে? কাৰ কবিতা নাজানো, এই কবিতাটো মোৰ ভাল লাগে৷
মই কৈছিলোঁ…
– কবিতাটোৱে যেন তোমাৰ আৰু মোৰ কথাই কৈছে, তেনে লাগিছে৷
সি লেইকৰ পানীত চকু থৈ কৈছিল—
– ওঁ কবিতাটোৱে তোমাৰ আৰু মোৰ কথাই কৈছে
মই সেইদিনা নিবিড়ৰ কান্ধত মূৰ থৈছিলোঁ, কিবা এক সুখানুভূতিৰে মন ভৰি গৈছিল!
এৰা, নিবিড়ৰ কথা ভাবিলেই স্মৃতিবোৰে সাৰ পাই উঠে, চকুৰ পাহি তিতি জুৰুলি হয়! শান্তিৰ সন্ধান বিচাৰি পিছমুহূৰ্ততে মই পৰমপিতাৰ বুকুত সোমাই পৰোঁ, যি মোক আশ্ৰয় দিয়ে, সুখ দিয়ে, মৰমেৰে চকুপানী মচি দিয়ে মোৰ!

টি ব্ৰেকত আমি বৰা কেণ্টিনত চাহ খোৱাৰ উপৰিও মা ধাবাত চাহ খাইছিলোঁ, আবেলি চিনাকি-জোনাকীত ৰুটি খাইছিলোঁ৷ দিনবোৰ চুটি হৈ আহি আছিল! আমি মাজে মাজে আবেগিক হৈছিলো আমাৰ মৰমৰ কলেজখন, হোষ্টেল, চৌপাশ, বন্ধু-বান্ধৱী, জুনিয়ৰ সকলক এৰি থৈ যোৱাৰ দুখত!

এদিন সেই মুহূৰ্তটো আহিল যিটো মুহূৰ্তৰ বাবে আমি মাজে মাজে দুখী হৈছিলোঁ৷ আমাৰ বাবে কলেজ বিদায় মিটিং পতা হৈছিল৷ ছাত্ৰীসকলে শাৰী, চাদৰ-মেখেলা আদি পিন্ধিছিল আৰু ছাত্ৰসকলে চ্যুট-টাই লগাইছিল–এনেকৈ নিজকে সজাই পৰাই কলেজ অডিটৰিয়ামত আমি বহিছিলোঁগৈ৷ একোটাকৈ স্মৃতিচিহ্নৰে আমাক সম্বৰ্ধনা জনোৱা হৈছিল৷ চাৰ-বাইদেউ সকলে আমাৰ ভৱিষ্যত জীৱনৰ বাবে উপদেশ-আৰ্শীবাদ আদি দি ভাষণ সামৰিছিল৷ তাৰপিছত গান-বাজনাৰে মুখৰিত হৈছিল বিদায় বেলাৰ সময়৷ এখনি গধূৰ অন্তৰ লৈ আমি পিছৰাতি নিজৰ নিজৰ হোষ্টেললৈ উভতিছিলোঁ৷

হোষ্টেলতো মৰমৰ ভণ্টিসকলে আমাৰ বিদায় মিটিঙৰ যো-জা কৰিছিল৷ মনলৈ ভাব আহিছিল–হোষ্টেললৈ অহা দিনটো সৌ সিদিনাৰ কথা যেন হে লাগে অথচ এতিয়া যাবৰে হ’ল৷ হোষ্টেল চুপাৰ চাৰে আমাৰ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা দিছিল আৰু আৰ্শীবাদ কৰিছিল ভাল মানুহ হ’বলৈ৷

সকলোৰে অনুৰোধত নীহাৰিকাই গান গাবলৈ আগবাঢ়িছিলল, তাই গাইছিল–
“যোৱাৰ পৰত/সৰা শেৱালি বুটলি/কি হ’ব কোৱা/নাই যে সময়/
উভতি চোৱাৰ/এতিয়া বিদায় দিয়া…..

মই ভাবিছিলো–এৰা, এতিয়া যে যাবই লাগিব……জীৱন সমুদ্ৰত জঁপিয়াই পৰিব লাগিব, জনসমুদ্ৰত মিছিল হ’ব লাগিব, দুচকুত দুটোপাল চকুলো বিৰিঙি উঠিছিল মোৰ!
নীহাৰিকাই গানটো আৰু গাব নোৱাৰা হৈছিল৷ অলপ সময়ৰ বাবে এক বেদনামুখৰ পৰিৱেশে গ্ৰাস কৰিছিল কমন ৰূমটো! তাৰপিছত ভণ্টি নাৰ্জীৰ কৌতুক অভিনয়ে সকলোকে হহুঁৱাইছিল৷ ইয়াৰ পিছত মণিমালা উঠিছিল গান গাবলৈ, তাই গাইছিল—
“মুছাফিৰ হুঁ য়াৰ’ না ঘৰ হ্যে না ঠিকানা/মুজে ছলটে জানা হ্যে বছ ছলটে জানা”

মই এটা কবিতা আবৃতি কৰিছিলোঁ….
“তুমি মোক হাত বাউল দি মাতিবা
য’তে থাকোঁ তাৰপৰাই উভতিম
কথা দিলোঁ তোমাক

এদিন,
সোণসেৰীয়া এটি সপোন বুকুত লৈ
তোমাৰ কাষলৈ আহিছিলোঁ
তুমি আদৰিছিলা নীৰৱ ভাষাৰে৷
এনেকৈয়ে,
সময়ৰ লেছেৰি বুটলি বুটলি
আগবাঢ়িছিল সপোন৷
সপোনটো কেতিয়াবা
আঁউসী ৰাতিত হেৰাইছিল
আৰু কেতিয়াবা
স্নিগ্ধ জোনাকৰ কোমল বতাহত
জিৰণি লৈছিল
তোমাৰ কাষতে বৃত্তৰ দৰে ঘূৰি আছিল
জীৱনৰ প্ৰাত্যহিকতাবোৰ
কেতিয়াবা কঠিন সময়ৰ আঘাতত
অভিমানৰ ৰং সানি
তোমাৰ কাষলৈ
কাহানিও উভতি নহাৰ কথা কৈছিলোঁ৷
তুমি আদৰি লোৱা
বিষণ্ণ, নিৰ্জন অথচ সুন্দৰ আবেলিবোৰত
সদায় ব্যস্ত হৈ পৰিছিল
বৰা কেণ্টিন, মা ধাবা, পিচি অ’, গ্ৰীনলেণ্ড, চিনাকি
জোনাকী, হাজৰিকা ব্ৰাদাৰ্ছ
কেলিফৰ্ণিয়া, লেইকৰ পানী
কলেজ বাছ…

আজি,
তোমাক এৰি থৈ যোৱাৰ কথা ভাবি
তলসৰা শেৱালিৰ
নিয়ৰসনা দূবৰিৰ দৰেই সিক্ত হৈ পৰিছে
মোৰ অনুভূতি৷

তুমি মোক হাত বাউল দি মাতিবা
য’তে থাকো তাৰ পৰাই উভতিম
সেউজ-সজীৱ তোমাৰ স্মৃতি
মোৰ বাহিৰে ভিতৰে

—সকলোৰে হাত চাপৰিৰ শব্দত কমন ৰূমটো গমগমাই উঠিছিল৷ কবিতাটি আবৃত্তি কৰি মই নিজৰ আসনত বহি পৰিছিলোঁ৷

বিদায় সভা ভঙাৰ পিছত মই, প্ৰিয়া, জেৰিনা, মণিমালা- আমি সকলোৱে ইজনীয়ে সিজনীক ধৰি হেঁপাহ পলুৱাই কান্দিছিলোঁ আৰু পৃথিৱীৰ য’তেই নাথাকোঁ কিয় সদায়ে ইজনীয়ে সিজনীৰ খবৰ-বাতৰি লৈ থাকিম বুলি অংগীকাৰবদ্ধ হৈছিলো আমি! সেইকেইদিন আমাৰ অটোগ্ৰাফবোৰ ইটো কোঠাৰ পৰা সিটো কোঠালৈ ঘূৰি ফুৰিছিল৷

যিদিনা কাপোৰ-কিতাপ আদি সামৰিছিলোঁ হোষ্টেল এৰিবৰ বাবে কিবা এক শোকে খুন্দা মাৰি ধৰিছিল৷ যোৱা চাৰিটা বছৰৰ আৱেগিক বান্ধোন হেৰুৱাব বিচৰা নাছিলোঁ৷ হৃদয়ত বৰ কষ্ট অনুভৱ কৰিছিলোঁ৷ কিন্তু জীৱনটোৱেই যে এখন চলন্ত গাড়ীৰ দৰে, কোনো ক’তো ৰৈ থাকিব নোৱাৰে…যাবই লাগিব সকলোৱে এনেকৈয়ে জীৱনৰ বাট বুলি! এই যে এফ-৫ কোঠাটো য’ত তিনিটা বছৰ কটাইছিলোঁ, য’ত মোৰ বহুতো দুখ, অভিমান, হা-হুমুনিয়াহ, দুটামান ধুমুহাৰ দিন সিঁচৰতি হৈ পৰি আছে! চকুপানী আৰু হাঁহিবোৰ এইকোঠাটোৰ চাৰিওবেৰত লিপিটখাই লাগি আছে আৰু লগতে মই, মোৰ স্পৰ্শ এই কোঠাটোতে বতাহে বতাহে…..

এনেকৈয়ে এৰি আহিলোঁ কলেজৰ চাৰিওটা বছৰৰ সোণালী দিন! অভিযান্ত্ৰিক মহাবিদ্যালয়ে আজিও হাতবাউলি মাতে মোক৷ কত’ যে স্মৃতি মনৰ কোঠাত সাঁচি ৰাখিছোঁ – আমাৰ হোষ্টেলৰ ৰান্ধনী — শৰ্মা দা, বৰ্মন দা, ৰীনা ডি, হেমা বাইদেউ, পিয়ন – ডেকা দা, চকীদাৰ জুলী দা, মোৰ এফ-৫ ৰূমটো, ৰূমমেট সকল, বান্ধৱী সকল, কলেজৰ ক্লাছৰুমবোৰ, লাইব্ৰেৰীটো, কলেজ লেইক আৰু নিবিড়—মোৰ প্ৰিয়তম পুৰুষ!

প্ৰাপ্তিৰ ডায়েৰিখন পঢ়ি শেষ কৰি অৰুন্ধতীয়ে প্ৰাপ্তিলৈ ফোন লগালে–
-হেল্ল — প্ৰাপ্তিৰ কণ্ঠস্বৰ
-কংগ্ৰেছুলেশ্যন মিছ প্ৰাপ্তি দত্ত, ইঞ্জিনীয়াৰ চাহিবা
-কাহানিবাই ইঞ্জিনীয়াৰিং পাছ কৰিলোঁ, আজিহে কংগ্ৰেছুলেশ্যন দিব পালিনে?
-হাঃহাঃ…তোৰ ডায়েৰি পঢ়ি শেষ কৰিলোঁ আইজনী৷ এতিয়া পিছৰ কাহিনী শুনিবলৈ প্ৰস্তুত হৈছোঁ, কেতিয়া কবি ক’৷
-তোৰ তালৈ অহা শনিবাৰে যাম ৰাতিটো থকাকৈ৷ বহুত কথা ক’ব লগা আছে তোক৷ -প্ৰাপ্তিয়ে হঠাতে কৈ উঠিল৷
-অ’, মই তোক ধেমালিহে কৰিছিলোঁ, নতুন কাহিনী শুনিম বুলি প্ৰস্তুত নাছিলোঁ পিছে৷
-তোক মই মোৰ গোটেই জীৱনটোৰ কাহিনী কৈহে মৰিম বুজিলি৷
প্ৰাপ্তিৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে৷

শনিবাৰে গধূলি সঁচাকৈয়ে প্ৰাপ্তি অৰুন্ধতীৰ কোৱাৰ্টাৰ ওলালগৈ৷ ৰাতি ভাত-পানী খাই দুয়োজনী বেলকনিত বহি ল’লে আৰু জোনৰ পোহৰে পোহৰাই তুলা ৰাতিৰ নিৰ্জনতাত প্ৰাপ্তিয়ে অৰুন্ধতীক নিজৰ কথাবোৰ কবলৈ আৰম্ভ কৰিলে—

কেইদিনমানৰ বাবে পৰিয়ালৰ সান্নিধ্য বিচাৰি কলেজৰ পৰা ছুটি লৈ প্ৰাপ্তি ঘৰ পালেগৈ৷ মাক-দেউতাকে তাইক মৰমেৰে বুৰাই পেলালে৷ মাকে বিধে বিধে ৰান্ধি খুৱালে তাইক৷ ভনীয়েক-ভায়েকহঁত আজিকালি দূৰণিত থাকে, বায়েক ঘৰলৈ অহা বুলি খবৰ পাই গোটেই কেইটাই ফোনতে খবৰ ল’লে৷

সিদিনা মাকে ৰান্ধনি ঘৰত ভাত ৰান্ধি আছিল৷ প্ৰাপ্তিৰ হঠাতে মাকজনীলৈ বৰ মৰম লাগি গ’ল৷ তাই মৰমেৰে মাকক পিছফালৰ পৰা সাৱটি ধৰিলে আৰু মূৰটো পিঠিত থ’লে৷ মাকে মৰমেৰে তাইৰ হাতখনত আলফুলে স্পৰ্শ কৰি ক’লে—
-মাজনী, মই এটা কথা ভাবিছোঁ৷
-কি মা?
-তই বা কথাটো কেনেকৈ লৱ’
-কোৱাচোন!
-আমিটো সদায় এনেকৈ নাথাকোঁ৷ এই পৃথিৱীৰ পৰা এদিন হ’লেও বিদায় ল’ব লাগিব, কিন্তু তাৰ আগতে তোৰ সংসাৰখন চাই যাব বিচাৰোঁ মাজনী!
-মা, মই এনেকৈয়ে ঠিকে আছোঁ, ভৱিষ্যতেও এনেকৈয়ে ভালে থাকিম, পৰমপিতা মোৰ লগত আছে, তোমালোক আছা, তোমালোকৰ আৰ্শীবাদ মোৰ শিৰত আছে৷ কিয় চিন্তা কৰা এনেকৈ?
-নহয় মাজনী, তই ভৱিষ্যতে অকলশৰীয়া হ’বি বুলি দেউতাৰে-মোৰে তোৰ বাবে বহুত চিন্তা হৈ থাকে অ’ মা!
-মা, মই ঈশ্বৰীয় সেৱাত নিজৰ জীৱনটো অৰ্পন কৰিম….
প্ৰাপ্তিয়ে মুখৰ মাজতে কৈ উঠে৷ মাকে শুনি নাপায়৷ তাই মাকক ধৰি থকা হাতদুখন লাহে লাহে শিথিল হৈ আহে৷ হঠাতে কলীয়া মেঘ এছটাইহে যেন তাইৰ দেহ-মন আৱৰি ধৰিলে! তাইৰ মুখলৈ নোচোৱাকৈ মাকে কৈ থাকিল—
-মাজনী, তই মেট্ৰিমনীত এবাৰ তোৰ নামটো ৰেজিষ্টাৰ কৰচোন

মাকৰ কথা শুনি তাই ফোঁ ফোঁৱাই নিজৰ কোঠা পালেগৈ আৰু গাৰু এটা সাৱটি কান্দি উঠিল৷ মাকে মাজনী মাজনী বুলি চিঞৰি তাইৰ পিছে পিছে তাইৰ কোঠা পালেগৈ আৰু কান্দি থকা জীয়েকৰ পিঠিত হাত এখন থ’লে৷
ঃমই তোৰ ভালৰ বাবে কৈছোঁ মাজনী, চাওঁ নাকান্দিবিচোন

মাকৰ কথা শুনি প্ৰাপ্তিৰ কান্দোনটো বাঢ়িহে গ’ল৷ মাকে তাইক আলফুলে বুকুৰ মাজত সুমুৱাই ল’লে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

এদিন হঠাৎ মাকৰ হাৰ্টৰ অসুখ ধৰা পৰিল৷ প্ৰাপ্তিৰ মাকৰ চিন্তাত অস্থিৰতা বাঢ়ি গ’ল৷ মাকক তাই কোনো জনমতো হেৰুৱাব নিবিচাৰে৷ মাকৰ কিবা এটা হ’লেই তাইৰ বুকুখন ধৰফৰাই উঠে৷ তাইৰ মনত পৰে—সৰু থাকোঁতে মাকে এবাৰ ঘৰৰ পুখুৰীটোৰ পানীত নামিছিল৷ বাৰিষাৰ পানীৰে পুখুৰীটো ভৰা আছিল৷ তাই পুখুৰীৰ পানীত পৰি মাকৰ কিবা হ’ব বুলি কান্দি-কাটি হায়ৰান হৈছিল৷ মাক তাইৰ বাবে আকাশ, বিশ্বাস আৰু আস্থাৰ প্ৰতিভূ, সকলো কৰিব পাৰে তাই মাকৰ বাবে!

মাকৰ বেমাৰৰ খবৰ পোৱাৰ পিছত তাই ৰাতি শুব পৰা নাছিল৷ অস্থিৰতাখিনি কমাবৰ বাবে তাই “ৰাজযোগ মেডিটেচন”ত বহিল৷ আধাঘণ্টাৰ গভীৰ ধ্যানৰ পিছত তাই জীৱনৰ ডাঙৰ সিদ্ধান্তটো লৈ পেলালে – মেট্ৰিমনিত তাই নিজৰ নামটো ৰেজিষ্টাৰ কৰিব৷

লেপটপ অন কৰি ইণ্টাৰনেট সংযোগ কৰি তাই মেট্ৰিমনিত নিজৰ ফটো আদি দি নামটো ৰেজিষ্টাৰ কৰিলে আৰু মাকৰ মনটো ভাল লগাবৰ বাবে মাকলৈ ফোন লগালে—
-মা, গা কেনে পাইছা?
-ভাল, মাজনী
-মা, মই মেট্ৰিমনিত নামটো ৰেজিষ্টাৰ কৰিলোঁ
-ভাল কৰিলি মাজনী, মই আৰু দেউতাৰে তোৰ এখন সুখী সংসাৰ চাব বিচাৰোঁ

মাকৰ কথা শুনি থাকিল তাই৷ তাই আশা কৰিলে – এই খবৰটোৱে অন্ততঃ মাকৰ হাৰ্টটো সুস্থ কৰি তোলক৷ তাইক আৰু একো নালাগে৷ দুচকু পানীৰে উপচি পৰিল তাইৰ!
-মাজনী, মনে মনে থাকিলি যে
-মা, তুমি ভালে থাকা, ভালদৰে খোৱা-বোৱা কৰা৷ মোৰ চিন্তা নকৰিবা, সময়ে সকলো ঠিক কৰিব
-অঁ মাজনী, সময়ে সকলো ঠিক কৰিব তয়ো নিজৰ যত্ন ল’বি, খোৱা-বোৱা ভালকৈ কৰিবি…এতিয়া ফোনটো থওঁ দেই, দেউতাৰক চাহ একাপ দিব লাগে৷

০০০০০০০০০০০০০০০০০০০
সেইদিনা এটা অচিনাকি নম্বৰ আহি প্ৰাপ্তিৰ ফোনত জিলিকি ৰ’ল৷ তাই সেউজীয়া বুটামটো হেঁচি দিলে৷ এটা অচিনাকি পুৰুষ কণ্ঠ ভাঁহি আহিল৷
-এইটো প্ৰাপ্তি দত্তৰ ফোন নম্বৰ হয়নে?
-হয়
-মই আপোনাৰ নামটো মেট্ৰিমনিত পালোঁ৷
-হয়, কওকচোন
-মই আপোনাৰ স’তে অলপ দীঘলীয়াকৈ কথা পাতিব বিচাৰোঁ, আপুনি সময় দিব পাৰিবনে?
-আপোনাৰ পৰিচয় দিব নেকি?
-মই উজ্জ্বল বৰুৱা, শিলিগুৰিৰ নীপকোত চাকৰি কৰোঁ৷
-হয়, মই আপোনাক ফোন কৰিম পিছত
-ভাল বাৰু, ৰাখিছোঁ এতিয়া

প্ৰাপ্তিয়ে ফোনটো থ’লে৷ তাইৰ মনত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহ’ল৷ সময়ে যেন ইতিমধ্যে তাইৰ হৃদয়খন কঠিন কৰি পেলাইছে৷ মাকৰ বাবেহে তাই বিয়াত বহাৰ সিদ্ধান্ত লৈছে নহ’লে যে তাইৰ নতুনকৈ সংসাৰ কৰিবলৈও মন নাই৷ পৰমপিতা পৰমাত্মাৰ ওচৰত তাই ইতিমধ্যেই তন-মন-ধন সকলো সমৰ্পণ কৰিছে৷ তাই এতিয়া নিজকে নিমিত্ত বুলিহে ভাবে৷ নিবিড়ৰ প্ৰেম তাইৰ বাবে সঞ্জীৱনী৷ তাই বিশ্বাস ৰাখিছে—অহাটো জনমত নিবিড়ৰ স’তে তাইৰ পুনৰ দেখাদেখি হ’ব৷

দেওবাৰ এটাৰ আজৰি পৰত তাই উজ্জ্বল বৰুৱালৈ ফোন লগালে৷ ফোনটো ৰিচিভ কৰিলে বৰুৱাই৷ তেওঁ প্ৰাপ্তিৰ ভাল-বেয়া খবৰ ল’লে আৰু কৈ গ’ল নিজৰ কথাবোৰ—-

সেইদিনা ৰাতি চাৰি বছৰীয়া কণমানি শিল্পীয়ে সাধু শুনি শুনি টোপনি যোৱাৰ পিছত দেউতাক উজ্জ্বল বৰুৱাই ইণ্টাৰনেট চাবৰ বাবে লেপটপটো অন কৰিলে৷ হঠাতে মেট্ৰিমনি ৱেবচাইটত তেওঁৰ পত্নী মেঘালীৰ দৰে মুখ এখন দেখি স্তব্ধ হৈ ৰ’ল৷ ইমান একেই, আচৰিত! নামটো চালে তেওঁ – প্ৰাপ্তি দত্ত!

লেপটপটো সামৰি এটা চিগাৰেট জ্বলালে উজ্জ্বল বৰুৱাই আৰু বেলকনিত গৈ থিয় হৈ ৰ’ল৷ চৌপাশে ৰাতিৰ নীৰৱতা, দূৰণিত নীৰৱতা ভেদি অহা কুকুৰৰ ভোকভোকনি! বৰুৱাৰ বুকুত এবোজা দুখৰ কোলাহল, চিগাৰেটৰ ধোঁৱাইও শাম কটাব পৰা নাই সেই কোলাহল৷ তেওঁ মনৰ মাজতে কৈ উঠিল – “মেঘালী….মেঘালী..তুমি কিয় আঁতৰি গ’লা মেঘালী! চোৱাচোন মই আৰু শিল্পী আজি কিমান অকলশৰীয়া হৈ পৰিলোঁ! তোমাৰ অবিহনে যেন আমাৰ পৃথিৱী নীৰস, নিঠৰ, জড়……মেঘালী! ”

শিল্পীৰ কাষত শুবলৈ যত্ন কৰিলে তেওঁ৷ হঠাতে তেওঁ মেঘালীৰ মাতত সাৰ পাই উঠিল৷ চকু মেলি ইফালে সিফালে চালে তেওঁ – নাই কোনো নাই! আকৌ টোপনি যাবলৈ যত্ন কৰিলে উজ্জ্বল বৰুৱাই—“উজ্জ্বল, তুমি আকৌ বিয়া কৰাবা, শিল্পীৰ বাবে….” কৰুণ কোমল কণ্ঠেৰে মেঘালীয়ে কৈ উঠিল৷ উজ্জ্বল বৰুৱা পুনৰ সাৰ পাই উঠি বহিল৷ ডিঙিটো শুকাই যোৱা যেন লাগিল তেওঁৰ৷ উঠি পানী এগিলাচ খালে তেওঁ৷

সুখৰ আছিল উজ্জ্বল বৰুৱাৰ সংসাৰ৷ পত্নী মেঘালী, কণমানি জিয়ৰী শিল্পীৰে স’তে সুখী আছিল বৰুৱা৷ বহুদিনৰ পৰা মেঘালীৰ উষা নগৰী তেজপুৰ ফুৰিবলৈ মন, সেই উদ্দেশ্যে গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে উজ্জ্বল বৰুৱাৰ গাড়ীয়ে গতি লৈছিল৷ সেইদিনা মেঘালীয়ে পাতল নীলা ৰঙৰ এখন শাৰী পিন্ধিছিল৷ ধুনীয়া দেখাইছিল তাইক, মেঘালীৰ কোলাত আছিল পুতলাৰ দৰে তিনিবছৰীয়া শিল্পী৷ মেঘালীয়ে গাড়ীত বহি গানৰ টেপটো অন কৰিছিল আৰু বাজি উঠিছিল শিল্পী জংকী বৰঠাকুৰৰ গানটো – “তুমি চালেই জানা/তুমি চুলেই জানা/মেঘালী সপোনে বাগৰ সলাই/আঁউসীৰ জোন মোৰ সমুখতে/সেমেকা চকুলো দুগালতে/নিজানত ৰাতি মোৰ কেতিয়াকে/পুৱাব খেলিব ৰ’দে স’তে/তুমি আহিবা এদিনা/ৰং দিবা দুচকুত/মৰমেৰে বুকু উপচায়…..মেঘালীয়ে হাঁহি হাঁহি কৈছিল –“উজ্জ্বল, গানটোত মোৰ নামটো আছে …” উজ্জ্বল বৰুৱাই হাঁহিছিল মেঘালীৰ কথা শুনি৷ “পিছে গানটো বৰ দুখৰ” –বৰুৱাই কৈছিল৷ “কেতিয়াবা দুখৰ গান শুনিও ভাল লাগে উজ্জ্বল…” – মেঘালীয়ে কৈছিল৷

হঠাতে ঘটি গ’ল ঘটনাটো৷ কলীয়াভোমোৰা দলং পাবলৈ আৰু অলপ সময়হে বাকী আছিল৷ তীব্ৰ বেগেৰে অহা এখন চুমুৰ খুন্দাত উজ্জ্বল বৰুৱাৰ গাড়ীখন ৰাস্তাৰ কাষৰ খালত পৰিলগৈ৷ তিনিওকে তেজপুৰ হস্পিটেললৈ লৈ যোৱা হ’ল৷ বৰুৱাই মূৰত, বুকুত আঘাত পাইছিল৷ মেঘালী অজ্ঞান অৱস্থাত আছিল আৰু সিহঁতৰ চকুৰ মণি কণমানি শিল্পীও দুখ পাইছিল শৰীৰৰ অ’ত ত’ত! মেঘালীৰ যেতিয়া জ্ঞান আহিছিল তেতিয়া বৰুৱা মেঘালীৰ কাষত আছিল৷ মেঘালীয়ে বৰুৱাৰ মুখলৈ চাই কৰুণ ভাৱে কৈ উঠিছিল – “তুমি আকৌ বিয়া পাতিবা উজ্জ্বল, শিল্পীৰ বাবে! ” বৰুৱা আৰু শিল্পীক অকলশৰীয়া কৰি মেঘালীয়ে চিৰদিনলৈ চকু মুদিছিল৷

কথাবোৰ কৈ উজ্জ্বল বৰুৱাই এটি দুখৰ হুমুনিয়াহ কাঢ়িলে৷ পুনৰ প্ৰাপ্তিক ক’লে—
-যদি তোমাৰ আপত্তি নাই, মই তোমাক বিয়া কৰিব বিচাৰোঁ৷
-মোক অলপ সময় দিয়ক – প্ৰাপ্তিয়ে ক’লে৷
-হয়, তুমি এই বিষয়ে সিদ্ধান্ত ল’বলৈ মই সময় দিয়াটো বহুত প্ৰয়োজন বুলি ভাবোঁ৷ – বৰুৱাই কৈ উঠিল৷

০০০০০
অৱশেষত প্ৰাপ্তিয়ে সিদ্ধান্তটো লৈ পেলালে৷ এখন সন্তাপিত হৃদয়লৈ তাই যদি শান্তিৰ নিজৰা বোৱাব পাৰে, এটি কণমাণিক তাই যদি পবিত্ৰ স্নেহেৰে আৱৰি ৰাখিব পাৰে সেইয়াই হ’ব তাইৰ বাবে জীৱনৰ পৰম সুখ-প্ৰাপ্তি আৰু তাইৰ এই সিদ্ধান্তই যদি দহজনৰ জীৱনলৈ সুখৰ অমীয়া সুধা বোৱাব পাৰে তেন্তে এই সিদ্ধান্ত তাইৰ নিশ্চয় শুদ্ধ সিদ্ধান্তই হ’ব৷ তায়ো উজ্জ্বল বৰুৱাক নিবিড়ৰ কথা ক’ব, সকলো ক’ব তাই৷ উজ্জ্বল বৰুৱাৰ জীৱনৰ স’তে অংশীদাৰ হোৱাটোও তাইৰ জীৱন নাটৰ পুৰ্বনিধাৰিত ৰচনা- কোনোবা জনমৰ হিচাপ-নিকাচ –তাই ভাবে৷

প্ৰাপ্তিৰ সিদ্ধান্তটোক মাক-দেউতাকে আদৰি ল’লে৷ তাইৰ অলপ চিন্তা হৈছিল –এজন বিবাহিত পুৰুষৰ লগত বিয়াত বহাৰ সিদ্ধান্ত লোৱা বাবে মাক-দেউতাকে আপত্তি কৰিব কিন্তু তেনে একো নহ’ল৷ ব্যক্তিত্ব সম্পন্ন সুদৰ্শন পুৰুষ উজ্জ্বল বৰুৱাক লগ পাই প্ৰাপ্তিৰ মাক-দেউতাক সুখী হ’ল৷ কণমানিজনীকো নিজৰ নাতি বুলি প্ৰাপ্তিৰ মাক-দেউতাকে বুকুত সুমুৱাই ল’লে৷

— কথাবোৰ কৈ প্ৰাপ্তি ৰ’ল৷
– মোক যে ইমানদিনে একো কোৱা নাছিলি? -অৰুন্ধতীয়ে সুধিলে
– তোক কবলৈ আজিৰ দিনটোলৈ থৈছিলোঁ আকৌ – প্ৰাপ্তিয়ে ক’লে৷
আচ্ছা, বিয়া কেতিয়া? আৰু আজিলৈকে মোক তেওঁক লগ কৰাই দিয়া নাই কিয়?
– সিদ্ধান্ত লোৱা বেছিদিন হোৱা নাই নহয়! বিয়া মানে আমি কৰ্ট মেৰেজ কৰিম৷ সেইদিনাই তেওঁক লগ কৰাই দিম৷ —প্ৰাপ্তিয়ে ক’লে
– কংগ্ৰেছুলেশ্যন মোৰ মৰমীজনী –এইবুলি কৈ অৰুন্ধতীয়ে প্ৰাপ্তিৰ কপালত চুমা খালে৷
হঠাতে প্ৰাপ্তি উচুপি উঠিল৷ অৰুন্ধতীক সাৱটি বহুত কান্দিলে তাই৷ অৰুন্ধতীৰ দুচকুও সজল হৈ উঠিল৷ পৰম আশ্বাসেৰে প্ৰাপ্তিক বুকুৰ মাজত সুমুৱাই ল’লে অৰুন্ধতীয়ে৷ প্ৰাপ্তিয়ে জানে — এই আশ্বাস আজীৱন বন্ধুত্ব আৰু মৰমৰ আশ্বাস৷

০০০০০০০০০০০০০০০০০০০০
অৰুন্ধতীৰ ফোনটো বাজি উঠিল৷ দেউতাকৰ ফোন৷
– মাজনী, তোৰ এপইণ্টমেণ্ট লেটাৰ আহিছে৷ অসমৰ বিদ্যুৎ বিভাগত তই চাকৰি পাইছ’৷ গুৱাহাটীৰ নাৰেঙ্গীত পষ্টিং৷
দেউতাকৰ কথা শুনি অৰুন্ধতীয়ে কাষতে বহি থকা অনুৰাগক আনন্দতে সাৱটি ধৰিলে৷ পৰমপিতাৰ ওচৰত কৃতজ্ঞ হৈ পৰিল তাই৷ এতিয়াৰ পৰা অনুৰাগৰ স’তে সদায় একেলগে থাকিব পাৰিব অৰুন্ধতীয়ে৷ কাষত নথকা মান-অভিমানবোৰ আগতকৈ কমি যাব দুয়োৰে৷

ডিপাৰ্টমেণ্টৰ সকলোকে কথাবোৰ জনোৱা হ’ল৷ ইমানদিনে একেলগে একেটা চেম্বাৰতে বহি অহা শ্বেতালৈ বেয়া লাগিল তাইৰ৷ বেয়ালাগিল কেইটামান বছৰতে আপোন হৈ পৰা কলেজখন এৰি যাব লগা হ’ব বুলি ভাবি লগতে তাইৰ মৰমৰ কলিগ সকল অমৃতা, অনি, প্ৰতিভাহঁতকো যে এৰি যাব লাগিব! বেয়া লাগিল তাইৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈও৷ সেই যে সৌৰিন নামৰ ল’ৰাটো যি তাইৰ শ্ৰেণীকোঠাত মবাইলত ভিডিঅ কৰিছিল সেই ল’ৰাটো পিছলৈ তাইৰ প্ৰিয় ছাত্ৰ হৈ পৰিছিল৷ সি কলেজ কেম্পাছত অহা টি চি এছ কম্পেনীত চাকৰি পাইছিল৷ মিঠাইৰ টোপোলা লৈ সি অৰুন্ধতীৰ কোৱাৰ্টাৰ পাইছিলহি৷ জীৱনৰ এটি সোণাৰুফুলীয়া বাট অতিক্ৰম কৰি আহিল যেন লাগিল অৰুন্ধতীৰ!

এইকেইটা বছৰতে কলেজখনৰ পৰা বহুত শিকিলে তাই৷ জীৱনৰ এছোৱা সময় আপুৰুগীয়া অভিজ্ঞতাৰে সমৃদ্ধ হ’ল অৰুন্ধতীৰ জীৱন৷ দুখেৰে ভাবিলে তাই –এৰি থৈ যে যাব লাগিব তাইৰ প্ৰিয় তিস্তা নদী, সদায় কোৱাৰ্টাৰৰ বেলকনিৰ পৰা দেখা সেউজীয়া পাহাৰখন আৰু পাহাৰৰ মাজে মাজে বৈ থকা কুলু কুলু নিজৰাটি৷ জীৱন বাটৰ কোনো কোনো মধুৰ ক্ষণত ৰিঙিয়াই মাতিব তাইৰ চাকৰি জীৱনৰ এই জ্ঞানমন্দিৰ “চিকিম মণিপাল ইনষ্টিটিউটখনে”আৰু ভূ-স্বৰ্গস্বৰূপ তাইৰ অতি আপোন চিকিমখনে৷ কথাবোৰ ভাবি থাকোঁতে তাইৰ ওঁঠত গানৰ কলি এটা আহি ৰ’লহি —
“যোৱাৰ পৰত/সৰা শেৱালি বুটলি/কি হ’ব কোৱা/নাই যে সময়/
উভতি চোৱাৰ/এতিয়া বিদায় দিয়া….. (কথাঃ সবিন মেধি)

(সমাপ্ত)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!