‎অ' এল.চিক্সটিন পাৰ্লাৰৰ ল'ৰাটো: ময়ূৰী দত্ত

ভাবি চোৱা নাই কেতিয়াও
ব্যৱসায়িক নে আন্তৰিক
মোক আদৰা মিচিকীয়া হাঁহিটো,
কিন্তু সেই হাঁহিৰে
মোৰ ভাল লাগে তোমাক
অ’ এল.চিক্সটিন পাৰ্লাৰৰ ল’ৰাটো ৷
সুগন্ধি শ্যেম্পুৰে চুলি ধুই থাকোঁতে
কোমল টাৱেলেৰে পানী টোকোতে
ভাল লাগে মোৰ
তুমি গুণগুণোৱা গানৰ কলি,
অভ্যস্ত দুহাতেৰে মোৰ চুলিত
হেয়াৰ ব্রাছ আৰু কেঁচীৰে
সঞ্চালনত ব্যস্ত হোৱা তুমি ৷
সুমধুৰ ৰিংট’নেৰে বাৰে বাৰে বাজি উঠে ফোনটো…
ছাইলেণ্ট কৰি হাঁহিমাৰি কোৱা,
তোমাৰ সময় কেৱল
মোৰ বাবেই এতিয়া ৷
দামী শ্যেম্পুৰ ফুৰফুৰীয়া গোন্ধত
বুজি পাওঁ তোমাক আমনি কৰে,
সুদূৰত থকা তোমাৰ প্রিয়াৰ মুখে ৷
ব্যস্ত তুমি মোৰ খবৰ লোৱাত,
তোমালোকৰ প্রডাক্টৰ গুণ বখনাত ৷
মই পতিয়ন গ’লেই তোমাৰ ভাগত
এক ক্ষুদ্র অংশ কমিছনৰ,
হয়তো ডিছকাউণ্টত এডিডাছৰ জোতা
অথবা এটা লেটেষ্ট মডেলৰ জীন্সৰ
পৰিকল্পনা তোমাৰ ৷
তোমাৰ কণ্ঠৰ আন্তৰিকতাই মোক স্পৰ্শ কৰে,
তোমাক সুখী কৰে মোৰ আগ্রহে ,
হয়তো মই ‘ইম’ছ’নেল ফুল’
বহুতেই ভবাৰ দৰে৷
মোৰ দৰে বহুতক
এটা নতুন ‘লুক’ দিয়াৰ বাবদ
নেজানো মই তোমাৰ কি প্রাপ্য,
হ’বপাৰে তোমাৰ আধামাহৰ বাজেট
পেডিকিউৰ বা ফ্রুট ফেচিয়েল
অথবা এটা হেয়াৰ স্পাৰ মূল্য ৷
মোৰ হাবিয়াস সুন্দৰী হৈ থকাৰ,
প্রিয়জনৰ দৃষ্টিত মুগ্ধতা দেখাৰ ৷
তোমাৰ হাতৰ নিপুনতাত
ঢৌ খেলোঁতে মোৰ চুলিত
দৌৰি আহে তোমাৰ সন্তুষ্টি ,
পলকতে মোৰ দুচকুত
আগ্রহেৰে লয়হি থিতাপি,
তুমি হাঁহি পেলোৱা,
তুমি সুখী হোৱা,
শিশুৰ দৰে লাগে তোমাক,
সুখী ক’ৰি ভাল লাগে তোমাক ৷
অ’ এল.চিক্সটিন পাৰ্লাৰৰ ল’ৰাটো.
মোক বিদায় দি তুমি সাজু হোৱা আকৌ,
অ’ এল.চিক্সটিন পাৰ্লাৰৰ ল’ৰাটো……….
আন কাৰোবাৰ চুলিত ঢৌ খেলাবলৈ,
আন কাৰোবাৰ চুলিত সপোন ৰচিবলৈ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!