‎”আন্দোলিত আকাশ” (লেখিকা – মনালিছা শইঁকীয়া) (গ্ৰন্থ আলোচনা – প্ৰদ্যুৎজ্যোতি শইকীয়া)

‎”আন্দোলিত আকাশ” (প্ৰদ্যুৎজ্যোতি শইকীয়া)

প্ৰথম প্ৰকাশ-২০০৮

দ্বিতীয় প্ৰকাশ-নবেম্বৰ ২০১০

লেখিকা- মনালিছা শইঁকীয়া

প্ৰকাশক- আঁক-বাক

নতুন শৰণীয়া,গান্ধীবস্তি

মূল্য-১২০/

উঃপূব গ্ৰন্থমেলাত এইবাৰ কিনি হাতত লৈছিলো নৱ প্ৰজন্মৰ লেখিকা মনালিছা শই কীয়াৰ বহু চৰ্চিত উপন্যাস “আন্দোলিত আকাশ”| প্ৰথম অধ্যায়ৰ পৰাই উপন্যাসখনে মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল|কাৰণ অগতানুগতিক বিষয়| Schizophreniaত ভোগা মামণিৰ মাকৰ চালচলনৰ বৰ্ণনা। আৰু তাতকৈ সুন্দৰ কথাটো হ’ল লেখিকাই চতুৰালিৰে মামণিৰ মোমায়েকৰ কথা প্ৰথম অধ্যায়তে উল্লেখ কৰিছে|বুজাই দিছে যে Schizophrenia ৰোগ বংশগত হ’ব পাৰে| কেৱল মাত্ৰ ডিপ্ৰেছনেই ইয়াৰ কাৰণে দায়ী হ’ব নোৱাৰে| মামণি চৰিত্ৰটোক লেখিকাই আৰম্ভণিৰে পৰা এক ভাবুক আৰু অন্তঃমুখী চৰিত্ৰ কৰি তুলিছে| আনৰ দুখ সহিব নোৱাৰা এটা সহজ সৰল চৰিত্ৰ| লগতে আছে মদাহী দেউতাক| এইদৰেই আগবাঢ়িছে কাহিনীভাগ| অতীত আৰু বৰ্তমানতো স্বপ্নীলৰ প্ৰতি মামণিৰ দুৰ্বলতা প্ৰকাশ পাইছে| যিটোৱে এগৰাকীৰ নাৰীৰ একান্ত ইচ্ছাক প্ৰকাশ কৰিছে| অৰ্থাৎ প্ৰত্যেক জনী ছোৱালীয়ে নিজৰ জীৱনৰ নিৰাপত্তাৰ বাবে এজন পুৰুষৰ বুকু বিছাৰে| মামণিও তাৰ ব্যতিক্ৰম নহয়, যদিও তাইৰ প্ৰেম দৃঢ়| মামণিৰ মনত বহু উত্তৰ নোহোৱা প্ৰশ্নৰ সৄষ্টি কৰি আঁতৰি গৈছে স্বপ্নীল| একমাত্ৰ মাকৰ সেই অসুখৰ বাবেই তাইক অন্তৰৰ পৰা ঠেলি উলিয়াই দিছে স্বপ্নীলে| উত্তৰ নোহোৱা প্ৰশ্নবোৰ এটা এটাকৈ যোগ হয় মামণিৰ মনত| মামণিয়ে স্কুলত যোগদান কৰাৰ পাছতেই স্বপ্নীলৰ দিল্লী গমনে ব্যথিত কৰিছে মামণিৰ হৃদয়| কিবা দুখ দোমোজাত পৰিলে মানুহে সদায় নিজৰ জন্মদাত্ৰীক স্মৰণ কৰে বা মাককে শেষ আশ্ৰয় বুলি ভাবে| ইফালে মাক যেনেকুৱা অৱস্থাতে  নাথাকক কিয়? মামণিয়েও সেইদৰে Schizophreniaত ভোগা মাকৰ কোলাতে ঢলি পৰিছে| লাহে লাহে মামণিয়ে স্কুলত এটা নতুন জীৱন বিছাৰি পাইছে| পাহৰিব পাৰিছে খুব ভাল ছবি অঁকা বায়েকক| যি পলাই গৈছে এক ব্যৱসায়ীৰ লগত আৰু কেৰিয়াৰ সৰ্বস্ব  ককায়েক পুতুক | ভনীয়েকৰ ওপৰত সকলো এৰি দুইটাই নিজ জীৱনত ব্যস্ত হৈ পৰিছে| লাহে  লাহে কাহিনীৰ মাজেৰে চৰিত্ৰবোৰে গতি কৰিছে| দেউতাক মদৰ লগতে ব্যস্ত হৈ পৰিছে | মাজে মাজে ক্ষোভ প্ৰকাশ কৰাৰ বাহিৰে| ককায়েকে পুতুয়ে  অসুখীয়া মাকৰ  ওচৰত থাকিব  নোৱাৰিলেও একমাত্ৰ তাৰ প্ৰেম  চৈতালীৰ বাবেই গুৱাহাটীলৈ আহিছে| যদিও এই বিষয়ে মামণি জ্ঞাত তথাপিও ককায়েক লগত থকাৰ স্বাৰ্থতে একো নোকোৱাকৈ আছে|তাতে নতুন বৌয়েকেও মাকৰ প্ৰতি সহানুভুতি দেখুৱাইছে| মামণিয়ে যেন চৈতালীৰ মাজতে হঠাৎ এটা লগ বিছাৰি পাইছে| তাৰ মাজতে দুটামান চৰিত্ৰৰ কথা ক’ব লাগিব| প্ৰথমতে অৰ্চনা| যিটো ইতিমধ্যে লেখিকা নিজেই বুলি এটা অনুমান কৰিব পৰা গৈছে| অৰ্চনাৰো নিজৰ জীৱনত মামণিৰ দৰে সমস্যা আছে যদিও তাই ভাগি পৰা নাই মামণিৰ দৰে| কাৰণ তাই মামণিৰ দৰে ইমান অন্তঃমুখী নহয়| ব্যস্ত ৰাখে নিজক গল্প, কবিতা ৰচনাৰ মাজত| আৰু এটা চৰিত্ৰ সুবাসনা| মামণিৰ পেহীয়েকৰ জীয়েক| অতিকৈ উচ্চাকাংক্ষী হ’লেও সুবাসনা মামণিৰ প্ৰকৃত বন্ধু হিচাপে থিয় দিছে| “সংস্কৃতি বিদ্যালয়ত” ভুষণ ছাৰক দেখি মামণিৰ বাৰে বাৰে ঘৰৰ পৰা পলাই যোৱা শিল্পী সত্তাৰ ককায়েক ৰণৰ ছবি মনলৈ আহিছে| শেষত ভুষন ছাৰেও মেলানি মাগিছে| সকলোফালৰ পৰা ভাৰাক্ৰান্ত হৈছে মামণিৰ মন| ইফালে সদ্য বিবাহিত পুতুৱেও মাকৰ বেছি হোৱা ৰোগৰ অৱস্থালৈ চাই চৈতালীক গৰ্ভস্থ অৱস্থাত তাত ৰাখিবলৈ বেয়া পাইছে| যদিওবা সিদ্ধান্তটো শাহুৱেকৰহে| সেইদৰেই মামণি অকলশৰীয়া হৈ গৈছে নিজ ঘৰতে| লাহে লাহে দেখা দিছে মামণিৰ গাত Schizophreniaৰ লক্ষণ|কিন্তু বাহিৰৰ মানুহে ধৰিব পৰা নাছিল|শেষত সদ্য মদাহীৰ ৰৄপ লোৱা ককায়েকে ৰাতি হঠাত্‍ উদ্ধাৰ কৰিছে Schizophrenic মামণিক| মামণিৰ শেষত কি হ’ল? মামণি ভাল হ’লনে? সুবাসনা আৰু অৰ্চনা কিয় মামণিৰ প্ৰকৃত বন্ধু ? পুতুৰ কি হ’ল? এই সকলোবোৰ জানিবলৈ হ’লে মনালিছা শইকীয়াৰ সফল উপন্যাস “আন্দোলিত আকাশ”ত এবাৰ চকু ফুৰাব লাগিব|

মুঠতে “আন্দোলিত আকাশ” এখন মনোবিজ্ঞানৰ ওপৰত ৰচিত সফল উপন্যাস| কিন্তু লেখিকাই Schizophrenic sypstomবোৰ মামণি আৰু মাকৰ আচৰণত দেখুৱাঁওতে অলপ আৰু বহলাব পাৰিলে হয়| ৰণৰ চৰিত্ৰটিও অকনমান আগুৱাই অনাৰ থল আছিল| বাৰু যি কি নহওক, “আন্দোলিত আকাশ” মনোবিজ্ঞানভিত্তিক উপন্যাসৰ বাটকটীয়া হিচাপে সফল উপন্যাস আখ্যা দিব পাৰি|

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!