নায়েগ্ৰাৰ স্বপ্নময়ী ৰূপ-মাধুৰী – মানসী বৰা

স্কুলীয়া দিনতে কিতাপৰ পাতত প্ৰথম নায়েগ্ৰাৰ নামটো পাইছিলোঁ৷ বিশদ বিৱৰণত কি পঢ়িছিলোঁ বা পঢ়িছিলোঁ নে নাই সেয়া মনত নাই৷ আমেৰিকালৈ অহাৰ পিছত নায়েগ্ৰাৰ নামটো পুনৰবাৰ শুনি কৌতূহল বাঢ়িল৷ বাঢ়িল মানে, উৎকণ্ঠাৰ কোনো সীমা নোহোৱা হৈ পৰিল৷

গ্ৰীষ্মৰ সময়চোৱা নায়েগ্ৰা পৰিদৰ্শনৰ উত্তম সময়৷ বিশেষকৈ মে’ মাহৰ পৰা আগষ্ট মাহলৈকে গ্ৰীষ্মৰ এই সময়খিনিত নায়েগ্ৰালৈ দেশী-বিদেশী পৰ্যটকৰ সোঁত বয়৷ আমেৰিকাৰ অন্যান্য আকৰ্ষণথলীৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ সীমাত অৱস্থিত নায়েগ্ৰাৰ মনোমোহা সৌন্দৰ্যই পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে৷ নিউয়ৰ্ক ষ্টেটৰ নায়েগ্ৰা চিটিৰ নায়েগ্ৰা নদীতে এই বিশ্ববিখ্যাত জলপ্ৰপাতটো অৱস্থিত৷

নায়েগ্ৰা নদীখন হেনো প্ৰায় ১২০০০ বছৰ পুৰণি৷

আমি জানো যে, নিউয়ৰ্ক চিটিৰ “ষ্টেচু অৱ লিবাৰ্টী” আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য আকৰ্ষণ৷ আমেৰিকা আৰু ফ্ৰান্সৰ বন্ধুত্বৰ চিন স্বৰূপে নিউয়ৰ্ক হাৰ্বাৰত এই সুবিখ্যাত মূৰ্তিটো আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি গ্ৰ’ভাৰ ক্লিভলেণ্ডে ২৮ অক্টোবৰ ১৮৮৬ চনত আমেৰিকাবাসীৰ নামৰ উছৰ্গা কৰিছিল৷ তাৰ আগলৈকে কিন্তু নায়েগ্ৰাই আছিল আমেৰিকাৰ মুখ্য আকৰ্ষণ৷ আমেৰিকা ভ্ৰমণলৈ আহি নায়েগ্ৰা নোচোৱাকৈ গ’লে সেই ভ্ৰমণ যেন আধৰুৱা হৈ ৰয়৷

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বাবে পৰ্যটকসকলৰ দৃষ্টিত নায়েগ্ৰা অতি আকৰ্ষণীয় স্থান৷ Onguiaahra শব্দৰপৰা এই নায়েগ্ৰাৰ উৎপত্তি, যাৰ অৰ্থ জলৰাশিৰ বজ্ৰধ্বনি৷ শীতকালৰ সময়চোৱাত নায়েগ্ৰা জলপ্ৰপাতৰ জলধাৰা ঠায়ে ঠায়ে গোট মাৰি বৰফ হৈ পৰে বুলি জনা যায়৷ বিশেষকৈ ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহৰ এই সময়খিনিত শীতৰ প্ৰকোপ এই অঞ্চলত যথেষ্ট পৰিমাণে বৃদ্ধি পায়৷ ২০১৪ চনত শীতৰ বাবে কিছু পৰিমাণে নিথৰ হৈ পৰা এই নায়েগ্ৰা ফলচ ১৮৪৮ চনৰ মাৰ্চ মাহত হেনো চল্লিশ ঘণ্টাৰ বাবে সম্পূৰ্ণ বৰফ হৈ পৰিছিল৷ প্ৰকৃতিৰ কি বিচিত্ৰ লীলা! শীতত ঠেৰেঙা লগা নায়েগ্ৰা কিন্তু গ্ৰীষ্মকাল অহাৰ লগে লগে পুনৰ খৰস্ৰোতা হৈ প্ৰবাহিত হ’বলৈ ধৰে৷

নায়েগ্ৰা ফলচ অৰ্থাৎ জলপ্ৰপাতটি প্ৰকৃততে হৰ্চশ্বো, আমেৰিকা আৰু ব্ৰাইডেল ভিল নামৰ তিনিটা জলপ্ৰপাতৰ সমষ্টি৷ হৰ্চশ্বো ফলচৰ আকৃতি ঘোঁৰাৰ খুৰাৰ দৰে৷ তিনিটা ফলৰ অৰ্থাৎ জলপ্ৰপাতৰ ভিতৰত হৰ্চশ্বো ফলচ আটাইতকৈ ডাঙৰ৷ ইয়াক কেনেডিয়ান ফলচ নামেৰেও জনা যায়৷ ই কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ আন্তৰ্জাতিক সীমা৷ আমেৰিকান ফলচ আৰু ব্ৰাডেল ভিল ফলচ নামৰ তুলনামূলকভাৱে সৰু আন দুটা ফলচ আমেৰিকা যুক্তৰাষ্ট্ৰৰে অন্তৰ্গত৷ গট আইলেণ্ড নামৰ দ্বীপটোৱে ব্ৰাডেল ভিল ফলচক হৰ্চশ্বো ফলচৰ পৰা পৃথক কৰিছে৷ আকৌ লুণা আইলেণ্ড নামৰ দ্বীপটোৱে আমেৰিকান ফলচক হৰ্চশ্বোৰ পৰা পৃথক কৰিছে৷ দুইটা আইলেণ্ড অৰ্থাৎ দ্বীপ নিউয়ৰ্ক ষ্টেটখনৰে অন্তৰ্গত৷ জলবিদ্যুত শক্তি উৎপাদনত নায়েগ্ৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ই সমগ্ৰ নিউয়ৰ্ক ষ্টেট আৰু অণ্টেৰিঅ’ৰ (কানাডা)বাবে বিদ্যুৎশক্তি উৎপাদন কৰে৷

২০১৭ চনৰ মে’ মাহ৷ নায়েগ্ৰাৰ সৌন্দৰ্য উপভোগ কৰিম বুলি আমিও ওলালোঁ৷ ডেলাৱেৰৰ পৰা নিউয়ৰ্ক ষ্টেটত থকা নায়েগ্ৰালৈ দূৰত্ব গাড়ীৰে গ’লে প্ৰায় সাত ঘণ্টা যদিও বাটত বিৰতি লৈ গৈছিলোঁ বাবে আমাৰ প্ৰায় দহ ঘণ্টা সময় লাগিছিল৷ নিশাটো নায়েগ্ৰা ষ্টেট পাৰ্কৰ ওচৰৰে হোটেলত কটাই পুৱাই পাৰ্কলৈ গৈ শাৰী পাতিছিলোঁ৷ মেম’ৰিয়েল ডে’ৰ উইক এণ্ড আছিল বাবে সেইদিনা জনসমাগমো অধিক আছিল৷ আমি সেইদিনা দীঘলীয়া সময়ৰ বাবে শাৰী পাতিব লগা হ’ল৷

প্ৰথমে “মেইড অৱ দি মিষ্ট” ভিউ পইণ্টেৰে নায়েগ্ৰা ফলচ চোৱাটোকে সিদ্ধান্ত ল’লোঁ৷ ইয়াত নৌকা বিহাৰ কৰি নায়েগ্ৰা জলপ্ৰপাত চাবলৈ পৰ্যটকসকলক সুবিধা কৰি দিয়া হয়৷ তাৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ধন পৰিশোধ কৰি কাউণ্টাৰৰ পৰা টিকট কিনিব লগা হয়৷ অৱশ্যে অনলাইন বুকিং কৰাৰো ব্যৱস্থা আছে৷ সেই নৌকাত উঠাৰ আগতে প্ৰত্যেককে একোটাকৈ ট্ৰেন্সপাৰেণ্ট প্লাষ্টিক কোট(ৰেইন কোট) দিয়া হয়৷ আমি যাওঁতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালৰ পৰা গৈছিলোঁ বাবে আমাক নীলা ৰঙৰ কোট দিয়া হৈছিল৷ সেই কোটটোৱে আমি পিন্ধি থকা পোছাকবোৰক জলপ্ৰপাতৰ পানীৰ চিটিকনিত তিতাৰ পৰা ৰক্ষা কৰিছিল৷ নৌকাত উঠোঁতে আমি কানাডাৰ পৰা অহা পৰিদৰ্শনকাৰীৰ নৌকাখন নিচেই কাষৰপৰা দেখিবলৈ পাইছিলোঁ৷ তেওঁলোকৰ পৰিদৰ্শনকাৰীসকলে ৰঙা ৰঙৰ কোট পিন্ধিছিল৷ নায়েগ্ৰা নদীত দুখন ভিন্ন দেশৰ নৌকাই বিচৰণ কৰি ফুৰোঁতে পৰস্পৰে পৰস্পৰক হাত জোকাৰি অভিবাদন জনাইছিল৷

“মেইড অৱ দি মিষ্ট”ৰ সেই নৌকা বিহাৰ শোভাই আমাক মোহিত কৰিছিল৷ ৰ’দৰ পোহৰ পানীৰ খৰ স্ৰোতত প্ৰতিফলিত হৈ ৰঙৰ সমাহাৰেৰে কণিকাৰ ৰামধেনু সৃষ্টি কৰিছিল৷

তাৰ পৰৱৰ্তী আমি “কেভ অৱ দি উইণ্ডচ”ৰ সেই বিশেষ ভিউ পইণ্টৰ পৰা নায়েগ্ৰাৰ শোভা চাইছিলোঁগৈ; নায়েগ্ৰাৰ জলধাৰাত তিতি-বুৰি আপোন পাহৰা হৈ পৰিছিলোঁ৷ আমাৰ দৰে তালৈ যোৱা প্ৰায় সকলেই পানীৰ সেই ধাৰাত তিতিছিলগৈ৷ পৰ্যটকসকলৰ মতে, কানাডাৰ পৰা নায়েগ্ৰাৰ সৌন্দৰ্য হেনো অধিক মনোগ্ৰাহী৷ কাৰণ, কানাডাৰ অণ্টেৰিঅ’ৰ দিশেৰে চালে নায়েগ্ৰাক সমুখৰ পৰা দেখা পোৱা যায়৷ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰে ইয়াক পিছফালৰপৰাহে দেখি৷

নায়েগ্ৰাৰ জলধাৰা চাই থাকিলে এক অদ্ভুত প্ৰশান্তি অনুভৱ হয়৷ সেই স্বপ্নময়ী সৌন্দৰ্যত অভিভূত হৈ আমি সেইদিনা থৰ লাগিছিলোঁ৷ কেমেৰাৰ লেন্সত সৌন্দৰ্য ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ যদিও সেই দৃষ্টি-নন্দন শোভা খালী চকুৰে চাইহে তৃপ্ত হৈছিলোঁ৷

প্ৰকৃতিৰ বুকুতে যে স্বৰ্গীয় সৌন্দৰ্যৰ বিপুল সমাহাৰ ঠাহ খাই আছে নায়েগ্ৰা তাৰেই যেন এক উদাহৰণ৷ যাৰ সৌন্দৰ্য বাৰে বাৰে চাই থাকিলেও যেন হেঁপাহ নপলাব৷ সেইদিনা নায়েগ্ৰাৰ স্বপ্নময়ী ৰূপ-মাধুৰীত সঁচা অৰ্থত আমি মোহাচ্ছন্ন হৈ পৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!