“হৰি ওঁম”(- মুন শইকীয়া)

অসমীয়া চলচ্চিত্ৰপ্ৰেমী সকলৰ বাবে সুখবৰ কাৰণ একেৰাহে ইখনৰ পিছত সিখনকৈ অসমীয়া চিনেমাই মুক্তি লাভ কৰি আছে। আজি সমগ্ৰ অসমতে শুভমুক্তি লাভ কৰিলে নৱপ্ৰজন্মৰ প্ৰতিভাৱান পৰিচালক অৰুপ জ্যোতি ৰাভাৰ ‘হৰি ওঁম’ নামৰ চিনেমাখনিয়ে৷ সুন্দৰ কাহিনী এটিৰে আৰম্ভ হোৱা চিনেমাখন এটা নিৰ্দিষ্ট গতিৰে আগবাঢ়ি যায়৷ গাঁৱৰ ধুনীয়া পৰিৱেশৰ পৰা ছিকিমৰ মনোমোহা পৰিৱেশলৈকে ছবিখনৰ পটভূমিত সুন্দৰকৈ উপস্থাপন ঘটিছে৷ কেমেৰাৰ কাম যথেষ্ট উন্নত মানৰ। পৰিচালকৰ দৃষ্টিৰে প্ৰতিটো দৃশ্য সুন্দৰকৈ কেমেৰামেনে সজাই তুলিছে৷ কোনোধৰণৰ অতিৰিক্ত দৃশ্য সংযোগ নকৰা বাবে ছবিখন সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে উপভোগ্য হৈ উঠিছে৷ চিনেমাখনত বন্ধুত্ব, প্ৰেম, ৰোমাঞ্চ, আৱেগ আৰু এক্সন সকলো আছে আৰু আছে কমেডি।

hari-om_moon-saikia1

hari-om_moon-saikia2 ৰোমাণ্টিক দৃশ্যবোৰৰ মাজে মাজে ইমান সুন্দৰকৈ কেইটামান কমেডি দৃশ্য সোমাই আছে, যাৰ বাবে দৰ্শকসকলে কোনোধৰণৰ আমনি নাপাব৷ সকলোৰে অভিনয় অতি সুন্দৰ হৈছে।নৱাগত শিল্পী কেইজনেও নিজৰ চৰিত্ৰকেইটা সুন্দৰকৈ ফুটাই তুলিবলৈ যিমান পাৰে চেষ্টা কৰিছে৷ চিনেমাখনৰ কেইজনমান শিল্পীৰ বাদে প্ৰায়খিনিয়ে নতুন, অৰ্থাৎ যুৱপ্ৰজন্মৰ। এই নতুন প্ৰতিভাৱান শিল্পীসকলৰ পৰা ৰাইজে বেছি আশা নকৰে যদিও আজি শুভমুক্তি পোৱা চিনেমাখনত দৰ্শকে আনন্দ পাবলগীয়া সকলোখিনি আছে৷ কাহিনী, সংলাপ, অভিনয়, আৱহ সংগীত, এক্সন, লোকেচন, কেমাৰা, পৰিচালনা সকলোবোৰ সুন্দৰ। এখন ভাল চিনেমাত থকিবলগীয়া সকলোখিনিয়েই আছে চিনেমাখনত৷ এই সকলোবোৰ সুন্দৰকৈ দৰ্শকৰ আগত আগবঢ়াই দিয়াত পৰিচালক সফল হৈছে৷ যুৱপ্ৰজন্মক বেছি আকৰ্ষিত কৰিবলগীয়া চিনেমাখনত পিছে দুটামান আসোঁৱাহ নথকা নহয়।কিন্তু চিনেমা খনৰ প্ৰায়সংখ্যক কলা-কুশলীয়েই নৱাগত হোৱা বাবে সেই ভুলবোৰক আওকান কৰিব পৰা যায়৷ নিঃসন্দেহে ‘হৰি ওঁম’ এখন চাবলগীয়া ভাল চিনেমা, এওঁলোকৰ পৰা ভৱিষ্যতে আৰু ভাল চিনেমা চাবলৈ পাম বুলি আশা কৰিলোঁ।০

****

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!