ক্ৰমশঃ বাঢ়ি অহা উচুপনি (কাকলি ৰাজনন্দিনী বৰুৱা)

কাঁচ ভঙাৰ শব্দত উচপ নাখাব/ হৃদয় ভাঙিলে শব্দ নহয়…

কবি কাকলি ৰাজনন্দিনী বৰুৱাৰ কলমত প্ৰাণৱন্ত হৈ উঠিছে হৃদয় ভঙা যন্ত্ৰণা—

 

ক্ৰমশঃ বাঢ়ি অহা উচুপনি

 

কাকলি ৰাজনন্দিনী বৰুৱা

 
 

ক্ৰমশঃ
বাঢ়ি অহা উচুপনিবোৰ
নিঃশব্দে শুই পৰে
অতীতৰ বুকুত 
আপুনি ভয় নকৰিব
কাঁচ ভঙাৰ শব্দত উচপ নাখাব
হৃদয় ভাঙিলে শব্দ নহয়
মনত নেপেলাব সেই ৰাতিবোৰলৈ
শৰতৰ নিঃসংগ ৰাতি
বৰ বেদনাদায়ক
আপুনি কাষত নথকাৰ পৰত
বৰফৰ দৰে চেঁচা হয় ৰাতিবোৰ
ঘন হৈ পৰে এঙেৰুৱা এন্ধাৰ
আজিকালি জোনটোৱে জুমি নাচায়
মোৰ শেতেলি কাষৰ খিড়িকীখনেৰে
লাজ কৰে হ’বলা
নাইবা জানিব পাৰে
আপোনাৰ মোৰ বুকুৰ মাজত
গঢ় লৈ উঠা প্ৰাচীৰৰ কথা …
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!