যাত্ৰা (সীমান্ত বৰদলৈ)

(মই বহু কথা পাতোঁ সেন্দূৰীয়া আলিটোৰে তোমাৰ কাষলৈ আহোঁতে/ অচিনাকী মুখবোৰ চিনাকী হয়/ চিনাকী মুখবোৰক আকৌ লগ পাওঁ…)
কোন তেওঁ যুগৰ চিনাকী অথচ প্ৰতিবাৰেই উন্মোচিত হয় একেই নতুন ৰূপত। কবি সীমান্ত বৰদলৈৰ অনুভৱ—

যাত্ৰা

 

সীমান্ত বৰদলৈ

 

 
 
তোমাক মোৰ বহু বছৰৰ চিনাকী যেন লাগে। আৰু কি লাগে জানা? যেন আমি বহু আগৰে পৰা ইজনে সিজনক জানো। কিয় তেনেকুৱা লাগে মই ধৰিব নোৱাৰোঁ। মই তোমাৰ আগত মোক প্রকাশ কৰিবলৈ অলপো নাভাবো। যেন কথাবোৰ ওলায়ে থাকিব, একেবাৰে বৈ থকা নদীৰ দৰে! একেবোৰ কথা, একেবোৰ শব্দ, একেবোৰ প্রকাশ যদিও সদায় কৈ থাকো উচ্ছ্বাসবোৰচোন একেবাৰে নতুন…..ঠিক প্রথমবাৰ প্রকাশ কৰাৰ দৰে।
বহুবাৰ কওঁ, আওৰাও। হাঁহিৰে কওঁ, খঙেৰে কওঁ, আৱেগেৰে কওঁ, কেতিয়াবা যন্ত্রৰ দৰেও কওঁ। কিন্তু উচ্ছ্বাস আৰু তীব্রতাৰচোন কোনো ভিন্নতা নাথাকে।
এটাই ৰূপ আৰু তাৰ প্রতিফলন চৌদিশে। যেন এটি কাঁচঘৰৰ মাজত মোৰ উচ্ছ্বাসবোৰে চৌদিশে খুন্দা খাই বিচ্ছূৰিত হৈ এক বাংময়তাৰ সৃষ্টি কৰে। মোৰ একেই অনুভৱ, একেই কথা-বতৰা, একেই শব্দৰ প্রয়োগ, তথাপিও যেন প্রতিদিনেই একেবাৰে নতুন………………………….
তোমাৰ মুখত এতিয়া ছাঁ আৰু পোহৰৰ খেলা
এফালে যেন ৰৌদ্রোজ্জ্বল দুপৰীয়া
আনফালে যেন কুঁৱলীয়ে আবৰা অস্পষ্ট ৰাতিপুৱা
মই সেওঁতাৰ দৰে আগবঢ়া সেন্দূৰীয়া আলিটোৰে তোমাৰ কাষলৈ আহোঁ
তুমি কোনোবা এটা শীতৰ আবেলি মোৰ বাবে ৰৈ থাকা
মই কোনো অতি প্রাচীন পৰিব্রাজকৰ দৰে নতুবা কোনো বেদুইনৰ দৰে
বহু দূৰৰ পৰা আহোঁ
মই একা-বেঁকা আলিবাটৰ কাষে-কাষে কেতিয়াবা আশ্রয় লওঁ
কোনোবা বৈ যোৱা নদীৰ কল্‌ কল্‌ শব্দৰ সৈতে মই একাত্মীয়তাৰ সৃষ্টি কৰোঁ
আৰু কথা পাতোঁ।
কিমান নাৱৰীয়া উজাই যায়, ভটিয়াই যায় তাৰ বুকুৰে
কিমানবোৰ হেঙুলীয়া গধূলি অন্ধকাৰ হয়
মাছুৱৈ ৰাতিপুৱা কেনেকৈ পানী-কাউৰীজাকৰ উঠন বুকুৰ উন্মাদ জলকেলিত সাৰ পায় প্রতিটো প্রাত্যহিক
মই বহু কথা পাতোঁ সেন্দূৰীয়া আলিটোৰে তোমাৰ কাষলৈ আহোঁতে
অচিনাকী মুখবোৰ চিনাকী হয়
চিনাকী মুখবোৰক আকৌ লগ পাওঁ…
মই যাত্রা কেতিয়া কৰিছিলোঁ? ক’ৰ পৰা কৰিছিলোঁ?
সেয়া এতিয়া মোৰ একেবাৰে পাহৰণিৰ সময়ৰ দিনপঞ্জীৰ পৰাও নোহোৱা হ’ল
তোমাৰ এফালে অন্ধকাৰ আৰু আনফালে কুঁৱলীয়ে আবৰা অস্পষ্ট ৰাতিপুৱা
মই তাৰ মাজেৰে তোমাৰ কাষলৈ আহোঁ সেন্দূৰীয়া একা-বেঁকা আলিবাটেৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!