যন্ত্ৰণা – দিগন্ত কুমাৰ ভট্টাচাৰ্য
বাঁহৰ জপনাখন খুলিবলৈ লওতেই ৰুদ্ৰ দত্তই খুঁটাটোৰ ওপৰত গলা মম এথোপা দেখিলে। ভালকৈ চালে মমৰ থোপাটো। চুই চালে। সতেজ। ওপৰত ধূলি-মাকতিৰ এচিকুটো চিন চাব নাই। আগনিশাৰেই হ’ব – বুজিলে তেওঁ।
টিঙিচকৈ উঠা খঙটোৱে ট্ৰেইনত গোটেই নিশা বহি অহা অৱসাদৰ পাছত ঘৰত ভৰি দিয়াৰ আনন্দকণো নোহোৱা কৰি দিলে তেওঁৰ।
জয়ন্তীয়ে জপনা খোলাৰ শব্দ পাই বাৰাণ্ডালৈ ওলাই আহিছিল।
মুখলৈ হাঁহি এটা আনি ‘ভালে ভালে আহিলে?’ বুলি সুধিবলৈ লওতেই ৰুদ্ৰ দত্তৰ খঙতে ৰঙা পৰা মুখখন দেখি জয়ন্তী আচৰিত হ’ল।
‘কালি কোনোবা আহিছিল ৰাতি? কোনে আগবঢ়াই থবলৈ গৈছিল পদূলিলৈ?’ – ৰুদ্ৰ দত্তৰ প্ৰশ্ন শুনি অবাক হ’ল জয়ন্তী। ‘ফিকা চাহ একাপ দিয়া পটাপট, গাটো তিয়াই লওঁ প্ৰথমতে’- জয়ন্তীয়ে আশা কৰিছিল গিৰিয়েকে তেনেকৈহে ক’ব। তাৰ পাছত ‘কি নো ভালে ভালে আহিম, শুবই নোৱাৰিলোঁ ট্ৰেইনত’ বুলি নিজৰ কষ্টৰ কথা বৰ্ণনা কৰিব।
‘ৰঞ্জিত আহিছিল। সদায়েইতো আহে মাজনীক পঢ়াবলৈ’ – অলপপৰ ৰৈ জয়ন্তীয়ে ক’লে।
জয়ন্তীয়ে কোৱা পিছৰ কথাখিনি থুলমূলকৈ- ৰঞ্জিত আহিছিল সন্ধিয়া। পৰীক্ষালৈ বেছিদিন নাই। গ্ৰামাৰখিনি শেষ কৰোঁ বুলি দেৰিলৈকে পঢ়ালে। যাবলৈ ওলাওতে ৰাতিয়ে হৈছিল। তেওঁৱেই মাজনীক লেমটো লৈ পদূলিলৈ দেখুৱাব ক’লে, সাপ-বেঙৰ ভয়। লেমত তেল কম আছিল কাৰণে মাজনীয়ে মমডাল লৈ গ’ল।
সেইখিনিয়েই কথা।
জয়ন্তীৰ কথা শুনি থাকোতে প্ৰায় বাৰ কিলোৰ বেগটো ইমানপৰ মাটিত ৰাখিবলৈ পাহৰি হাতেৰে দাঙি থকা কথাটো অনুভৱ কৰাৰ লগে লগে ৰুদ্ৰ দত্তৰ খঙটো আকৌ বাঢ়িল, থেকেচকৈ বেগটো মজিয়াতে থলে। টুং টাংকৈ শব্দ কেইটামান বেগৰ ভিতৰৰপৰা বাহিৰ ওলাল। তেতিয়াহে মনত পৰিল দত্তৰ, এশ টকাৰে ট্ৰেইনৰ ভিতৰতে ছয়টা আইনাৰ গিলাচ কিনিছিল। ভাগিল চাগে।
‘আইনাৰ কিবা আনিছিল নেকি? ভাগিল চাগে’- জয়ন্তীয়ে বেগটোৰ ওচৰলৈ আগুৱাই যাওতেই ৰুদ্ৰ দত্তই চিঞৰিলে -‘ভাগক, সকলো ভাগক। ছোৱালীৰ চৰিত্ৰ ভাগিব এদিন। সেই ভগা টুকুৰাবোৰ দলিয়াই দলিয়াই ৰাইজে আমালৈ চাই হাঁহিব, চাই থাকা’।
বাটলৈ আগবঢ়াই থৈ ঘূৰি আহিবলৈ দুটোপাল তেলো লেমত নেদেখিলে নে মাজনীয়ে?
মমডাল তাই শিখাত চিকুটি লৈ গৈছিল নেকি যে পদূলি পোৱাৰ লগে লগেই নুমাই থাকিল আৰু তাই সেইডাল খুঁটাটোত পেলাই থৈ আহিল!?
ৰুদ্ৰ দত্তৰ ভিন্ন প্ৰশ্নত জয়ন্তীও দিশহাৰা হৈ পৰিল। ক’বলৈ একো এটা শব্দকে মুখলৈ আনিব নোৱাৰিলে।
শেষত সিদ্ধান্ত লোৱা হ’ল, ৰঞ্জিতে আৰু মাজনীক পঢ়ুৱাবলৈ আহিব নালাগে। লাগিলে তাই ফেইল কৰক ইংৰাজীত। পৰীক্ষাত ফেইল কৰাৰ চেকা বছৰছেৰেক থাকিব। চৰিত্ৰত লগা চেকা মচাৰ সাধ্য সময়ৰো নাই!
মাজনীয়ে ফেইল কৰা নাছিল। বিএ’ত এডমিছনও ল’লে। ক’লেজৰ ফাংছন এখনৰ পৰা সন্ধিয়া এদিন তাইক স্কুটাৰত উঠাই ঘৰত নমাবলৈ অহা ডেকা প্ৰ’ফেছৰজনক ৰুদ্ৰ দত্তই এদিন চ’কত পাই বুকুত খামোচ মাৰি ধৰিলে। পাৰ্ট টাইম কৰি থকা ডেকাজন নোহোৱা হ’ল তাৰ পাছত।
বেৰৰ ফুটাৰে জুমি চাবলৈ উজু কাৰণে দত্তই ঘৰৰ চাৰিওকাষে ৱাল গাঁথিলে।
সময় গৈ থাকিল। সলনি হ’ল সকলো।
বাৰাণ্ডাত বহি আজিকালি দত্তই বাহিৰলৈ চাই থাকে সন্ধিয়া। জপনাখনৰ সলনি লোহাৰ ওখ-ডাঙৰ গেইট হ’ল। জয়ন্তী ঢুকোৱা দহবছৰেই হ’ল। মাজনীয়ে মুখত স্ন’-পাউডাৰ সানি এবাৰ লোহাৰ গেইটৰ ওচৰলৈ যায় প্ৰতি সন্ধিয়া।
আজি দত্তই দেখিলে, কোনোবা এজনে মটৰ চাইকেল এখন ৰখাইছে পদূূূলি মুুুখত৷ মাজনীয়ে আগুৱাই গৈ তাৰ লগত কথা পাতিছে। দত্তই মাজনী ঘূৰি অহালৈ ৰৈ থাকিল উদগ্ৰীৱ হৈ।
দেউতাকৰ চকুৰ আশাটোৱে মিছাকৈ দূৰলৈ দৌৰাৰ আগতে মাজনীয়ে ক’লে – ৰূপম সেইজন।
‘কোন ৰূপম?’
‘আমাৰ ৰশ্মিৰ ভায়েক। ৰশ্মিৰ জীয়েকে এইবাৰ মেট্ৰিক দিছে নহয়, খবৰ ল’লোঁ’
‘ৰশ্মিৰ সেই সৰু ভায়েকটো ইমান বৰ এটা হ’ল! সেই দৌৰি দৌৰি যে মাজে মাজে আহিছিল তাইৰ লগত আমাৰ ঘৰলৈ!’
‘ডাঙৰ মানে, তাৰ পুতেকটোক দেখোন নাৰ্চাৰীত নাম লগালে এইবাৰ’।
‘ওহ, তাৰ বিয়া হৈ গ’ল?’
মাজনীয়ে একো নোকোৱাকৈ ভিতৰলৈ সোমাই গ’ল।
ৰুদ্ৰ দত্তই গেইটখনলৈ চাই ৰ’ল। কোনোবা ‘ৰঞ্জিত’ এজনে এনেকৈয়ে যদি মাজনীৰ লগত কেতিয়াবা পদূলি মুখত ৰৈ কথা পাতিলেহেঁতেন…বহু দেৰি। বৰ সকাহ পালেহেঁতেন তেওঁ!■■