কৃতিত্ব: সাহিত্য ডট্‌ অৰ্গ

ভাষা-সাহিত্য সন্মিলনী, অসম”ৰ মুখপত্ৰ তথা “অসমীয়াত কথা-বতৰা”গোটৰ মানস সন্তান “সাহিত্য ডট অৰ্গ”-এ ২০১৩ চনৰ সন্মানীয় “মন্থন এৱাৰ্ড”ৰ চূড়ান্ত পৰ্যায়লৈ মনোনীত হৈ মানপত্ৰ লাভ কৰিছে। ২০১২চনৰ “ই নৰ্থ-ইষ্ট বঁটা” লাভ কৰাৰ পাছত এই বছৰ মন্থনৰ পৰা লাভ কৰা এই স্বীকৃতিয়ে “সাহিত্য ডট অৰ্গ”ক আগবাঢ়ি যোৱাত যথেষ্ট উৎসাহ প্ৰদান কৰিছে। ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে “মন্থন এৱাৰ্ড” হৈছে এছিয়া পেছিফিক অঞ্চলৰ সৰ্বশ্ৰেষ্ঠ ৱেব-প্ৰকল্পবোৰক স্বীকৃতি প্ৰদানৰ এক মঞ্চ। “সাহিত্য ডট অৰ্গে” এই প্ৰতিযোগিতাত e-inclusion & localization শাখাত এছিয়াৰ সৰ্বশ্ৰেষ্ঠ ছটা ৱেব-প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। সাহিত্য ডট অৰ্গৰ এই সাফল্যৰ মুহূৰ্তত অসমীয়াত কথা-বতৰা গোটৰ সমূহ সদস্য তথা “সাহিত্য ডট অৰ্গ”-ৰ সমূহ লিখক-লিখিকা, সাহিত্য ডট অৰ্গৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাবে জড়িত সমূহ সদস্য আৰু পঢ়ুৱৈ সমাজ অভিনন্দনৰ পাত্ৰ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!