পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা
 (- অচিন্ত্য বৰঠাকুৰ)


(যোৱা সংখ্যাৰ পিছৰ পৰা)


সৌন্দৰ্য সাধনাৰ বাবে ব্যৱহাৰ হোৱা কিছুমান অতি প্রয়োজনীয় পৰিষ্কাৰ সামগ্রীৰ উপাদানসমূহৰ ভিতৰত টেল’ (Tallow) বা চৰ্বি অন্যতম। চকুৰ বিভিন্ন প্রসাধন, ওষ্ঠ দণ্ডিকা(lipstick), ফাউণ্ডেশ্যন, শ্বেম্পু, দাড়ি খুৰাওঁতে ব্যৱহাৰ কৰা ক্রীম, সিক্তকাৰক(Moisturiser) আৰু অন্যান্য কিছুমান ত্বক প্রযত্নত ব্যৱহৃত প্রসাধন সামগ্রীৰ উৎপাদনত বিভিন্ন পৰিমাণত প্রাণীজ চৰ্বি ব্যৱহাৰ কৰা হয়। এই
প্রাণীজ চৰ্বিৰ মূল উৎস হ’ল চিৰিয়াখানা, পৰীক্ষাগাৰ, পশু পাউণ্ড, পশুপালন পাম আদিত উপলব্ধ মৃত প্রাণী আৰু ঘৰচীয়া তথা বন্য জীৱ-জন্তুৰ মৃতদেহ, কচাইখানাৰ বৰ্জ্য সামগ্রীসমূহ, অস্ত্রোপচাৰ কক্ষৰ প্লেছেণ্টা আদি কিছুমান প্রাণীজ বর্জ্যসামগ্রী আৰু পথত দুৰ্ঘটনাগ্রস্ত হৈ মৃত্যুবৰণ কৰা জীৱ-জন্তুৰ দেহ আদি।
এনে সামগ্রীসমূহক কিছুমান সৰু সৰু টুকুৰাকৈ কাটি দীৰ্ঘসময় পানীত উতলালে সেইবিলাকৰ পৰা ফেন আকাৰে চৰ্বিসমূহ পৃথক হৈ ওপঙি উঠে। সিজোৱা প্রক্রিয়াটোৰ উপজাত দ্রব্য হিচাবে উৎপন্ন হোৱা এই ফেনসমূহ নিৰ্দিষ্ট উপায়েৰে কাঢ়ি ঠাণ্ডা হ’বলৈ দিয়া হয় আৰু পিছত ইয়াক বিজ্ঞানসন্মতভাৱে পৰিশোধন কৰি বিভিন্ন প্রসাধন সামগ্রীৰ কাৰখানাত ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়। উল্লেখযোগ্য যে, মাৰ্কিন যুক্তৰাষ্ট্র, বৃটেইন, দক্ষিণ আফ্রিকাকে আদি কৰি পৃথিৱীৰ বহুতো দেশত প্রাণীজ চৰ্বি উৎপাদন কৰা উদ্যোগ আছে আৰু এইবিলাকে কেৱল প্রসাধন উদ্যোগৰ বাবেই নহয়, খাদ্য হিচাবে ব্যৱহাৰৰ বাবেও প্রাণীজ চৰ্বি উৎপাদন আৰু ৰপ্তানি কৰে। মাৰ্কিন যুক্তৰাষ্ট্রত বৰ্তমান এনে প্রাণীজ চৰ্বিৰ
প্রতি পাউণ্ডৰ মূল্য হৈছে ০.৪০ৰ পৰা ০.৪৭ ডলাৰ পৰ্যন্ত।

(আগলৈ)
তথ্যসূত্র: http://cureaging.org/a6/c,k/videolist/best+cheap+wrinkle+cream,0 আদি।
ইতিমধ্যে প্রকাশিতখিনি ব্লগত: http://achintadu.blogspot.in/2013/12/blog-post_8.html?m=1

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!