ঈশ্বৰ
লেখক- অংশুমান অচ্যুত গোস্বামী
মোৰ আপোনাৰ পাঁজিসেৰীয়া আঙুলিত আবদ্ধ
নৈৱেদ্যৰ প্ৰসাদ
প্ৰাৰ্থনাৰ কৰুণ সুৰ
মোৰ আপোনাৰ আস্থা আৰু বিশ্বাসত গদ্গদ্ হৈ
বহে ঈশ্বৰ
এচটা শিলত৷
আপুনি আপোনাৰ স্বাৰ্থত ঈশ্বৰক পূজে
ঈশ্বৰৰ সৈতে গোপনে আলাপ কৰে
ভুলবোৰ ঠেলি দিয়ে ঈশ্বৰলৈ৷
ক্ষুধাত ঈশ্বৰ নথকাতো সত্য
ক্ষুধাৰ শেষত ঈশ্বৰ আহে
আপুনি প্ৰাৰ্থনাৰে ওপচাই ৰাখে
ঈশ্বৰ সদয় হয়
এনেদৰেই
ঈশ্বৰ জীয়াই থাকে আপোনাৰ মোৰ
সকলোৰে মণিকোঠাত
জীৱন মুক্তিৰ অপেক্ষাত
ঈশ্বৰ সত্য
প্ৰাৰ্থনাৰ আঁৰত ঈশ্বৰ
গোপন ৰহস্য।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
