সৰাপাত
লেখক- ড° আৰাধনা বৰুৱা
সৰাপাতৰো থাকে এক যাত্ৰা
সেউজীয়াৰ পৰা হালধীয়ালৈ
এক নিৰৱচ্ছিন্ন যাত্ৰা ৷
হয়তোবা বৰ্ণিল
নতুবা
নিয়ম মাফিক এই যাত্ৰা ৷
সৃষ্টিৰ অমোঘ মন্ত্ৰপুষ্ট
কোঁহৰ পৰা কুঁহিলৈ উত্তৰণৰ নিৰলস তপস্যাৰ সাক্ষী
সৰাপাত ৷
ঋতুস্নাতা কুঁহিপাতে
ৰূপান্তৰৰ সূত্ৰ আওৰাই
মায়াৱী বৰণীয়া আৱেশেৰে
বিৰিখক সমৃদ্ধ কৰে ৷
সময়ৰ অগ্ৰগামী গতিক
সাৰোগত কৰি
এশ এবুৰি স্মৃতি বুকুত সাৱটি
কুঁহিপাত সৰাপাত হয় ৷
বিচ্ছেদৰ
পুৰাতন বিষাদত দগ্ধ সৰাপাত
এক দস্তাবেজ
সীমাহীন দৈন্য আৰু শূন্যতাৰ
গৰিমাময় অভিলাষৰ ভগ্নস্তুপৰ ৷
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
