ভাবৰ বিলাসিতা (অঞ্জল বৰা)
মানুহৰ ধ্যান-ধাৰণা, চিন্তা-ভাবনা, যুক্তি-প্ৰতিযুক্তিৰ কোনো নিৰ্ধাৰিত সীমা নাই৷ একেদৰে সুখ-দুখ, লাহ-বিলাহ, আকাংক্ষা আদিৰো কোনো সীমা নাই৷ এই সকলোবিলাক বহু সময়ত পৰিৱেশ নিৰ্ভৰ আৰু পৰস্পৰ বিৰোধী৷ আমাৰ মনলৈ অহা বিষয়টো কিন্তু মানুহৰ বাহ্যিক চিন্তা-চেতনাৰ লগত সম্পৰ্কিত নহয়৷ ই সম্পূৰ্ণ আভ্যন্তৰীণ৷ মাজে মাজে মোৰ অনুভৱ হয় প্ৰকৃততে আমি নিজে ভবা কথাবিলাকে, চিন্তা কৰা কথাবিলাকে আমাক প্ৰতিনিধিত্ব কৰেনে? আনৰ দুখত দুখী হোৱা, সমাজ ব্যৱস্থাৰ বিৰুদ্ধে থকা আমাৰ প্ৰচণ্ড ক্ষোভবিলাক, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, মূল্যবৃদ্ধি আদিৰ বিৰুদ্ধে থকা আমাৰ যুক্তি-তৰ্কবোৰে বাস্তৱিকতে আমাক প্ৰতিনিধিত্ব কৰেনে? নে আমি কেৱল নিজে এখন ভাবৰ ওৰণিৰ তলত সোমাই থাকি নিজকে ফাঁকি দি আহিছোঁ৷ হয়তো কেতিয়াবা নিজকো মই এই সন্দেহৰ আৱৰ্তৰ পৰা মুক্ত কৰিব পৰা নাই৷ সেয়ে কিবা এটা লিখিবলৈ লৈ আজিকালি নিজকে প্ৰশ্ন কৰোঁ মই প্ৰকৃততে তাৰ পৰা মুক্ত হ’ব পাৰিছোঁনে?
বহুসময়ত ফে’চবুকৰ দৰে সামাজিক যুগ-সূত্ৰৰ মাধ্যমবোৰত, দূৰদৰ্শনৰ বিভিন্ন আলোচনা-চক্ৰবোৰত, ৰাজনৈতিক নেতাৰ ভাষণবোৰত, বুদ্ধিজীৱীৰ মুখত দেখা বা শুনা কথা-বাৰ্তাবোৰে প্ৰকৃততে সেই সেই ব্যক্তিৰ চৰিত্ৰক প্ৰতিনিধিত্ব কৰেনে? নে তেওঁলোকেও নিজৰ চিন্তা-চেতনা, যুক্তি-প্ৰতিযুক্তিক কেৱল মাত্ৰ গতানুগতিকভাৱে এক লাহ-বিলাহৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে? মন কৰিলে দেখা যায় এজন ব্যক্তিয়ে কোৱা আৰু বাস্তৱত তাৰ নিদৰ্শন দাঙি ধৰাৰ মাজত আকাশ-পাতাল তফাৎ থাকে৷ সৰু সৰু কেইটামান উদাহৰণ মন কৰিলেই আমি সেই কথাৰ প্ৰমাণ পাব পাৰোঁ৷ ঘৰত ব্যৱহাৰ কৰা পানী, বিদ্যুত, পেট্ৰ’ল, গেছ আদি নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি কিমান সচেতন? বাস্তৱত এফালে আমি এই সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শ্ল’গান দিওঁ আৰু আনফালে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেতিয়াও সচেতন নহওঁ৷ গাঁৱতে হওক বা চহৰতে যিখিনি দূৰত্ব আমি খোজ কাঢ়ি বা চাইকেল এখন লৈয়ে যাব পাৰোঁ সেইখিনিও আমি বাইক বা গাড়ীখন নহ’লে যাব নোৱাৰোঁ৷ কাষৰ তিনিআলিটোলৈ যাবলৈও আজি আমাক বাইক এখন নহ’লে যাব নোৱাৰা হ’লোঁ৷ একেদৰে আটাইতকৈ আমি অনৰ্থক ভাৱে খৰচ কৰা বস্তুটো হ’ল বিদ্যুত৷ এই ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী কাৰ্যলয়, ৰাজনৈতিক নেতাসকল বেছি আগবঢ়া৷ বিষয়া কোঠাত থাকক বা নাথাকক শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰটো চলি থাকিবই লাগিব৷ মানুহ থাকক নাথাকক ফেন-লাইট আদি গোটেই দিনটো চলি থাকিবই লাগিব৷ একেদৰে অন্যান্য কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰতো আমাৰ দৃষ্টিভঙ্গী একেই৷ ঘৰৰ কাষতে থকা মাটিকণত গোঁজা এটা নমৰা অনেক ব্যক্তিৰ মুখতো এতিয়া ফুটি উঠে আলু-পিঁয়াজ, পাচলি আদিৰ মূল্যবৃদ্ধিৰ শ্ল’গান!!
আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে শ্ল’গান দিয়া অনেক লোকৰ বাবে বিষয়টো এটা বিলাসিতাত পৰিণত হৈছে৷ প্ৰকৃততে মূল্যবৃদ্ধিৰ বাবে যি শ্ৰেণীৰ মানুহ অনাহাৰত থাকিব লগা হৈছে, যি শ্ৰেণীয়ে ইয়াৰ ফল ভোগ কৰিব লগা হৈছে সেইসকলৰ বাবে এই ডাঙৰ ডাঙৰ অৰ্থনৈতিক সংজ্ঞা, ৰাজনৈতিক কাৰচাজি, যুক্তি-তৰ্ক, আলোচনা সকলো অৰ্থহীন৷ তেওঁলোকে নাজানে প্ৰকৃততে কিয় দাম বাঢ়িছে, কাৰ বাবে দাম বাঢ়িছে, ইয়াৰ উপায় কি? কিন্তু যিসকলে জানে, সকলো বুজে, সেইসকলক মূল্যবৃদ্ধিয়ে কেতিয়াও শিক্ষা দিব পৰা নাই৷ জীৱন শৈলী সেই আগৰ দৰেই চলি আছে৷
এজন মানুহে অত্যাধিক সুখ থকাৰ পিছতো, জীৱনটো চলিবলৈ পৰ্যাপ্ত অৰ্থ থকাৰ পিছতো তেওঁ নিজৰ মনৰ আকাংক্ষা দমন কৰিব নোৱাৰে৷ তেওঁলোকে সুখ-আনন্দৰ মাজতো এনে এখন দুখৰ সাগৰত সদায় ককবকাই থাকে, নোপোৱাৰ বেদনাত হা-হুমুনিয়াহ কাঢ়ি থাকে যিবিলাক আন এজন ব্যক্তিৰ দুৰাকাংক্ষাৰ বাদে আন একো নহয়৷ প্ৰথমচাম মানুহৰ বাবে তেতিয়া দুখো হৈ পৰে কেৱল এক বিলাসিতাৰ নামান্তৰ৷ এনে বিলাসিতাই বৰ্তমান বেছিভাগ মানুহৰ কথা-বাৰ্তাত দেখা যায়৷ যাৰ কোৱা, কৰা আৰু দেখুৱাৰ মাজত অনেক প্ৰভেদ দেখা যায়৷ সাধাৰণ মানুহৰ দুখত দুখী হোৱা, সমাজ সচেতনতা, ৰাজনৈতিক সচেতনতা আদি সকলো প্ৰয়োজন৷ কিন্তু আত্মসংশোধন, আত্মবিশ্লেষণ বা আত্মনিয়ন্ত্ৰণৰ অবিহনে কেৱল মাত্ৰ বাহ্যিক সমাজ সচেতনতাই সমাজ এখনলৈ পৰিবৰ্তন আনিব পাৰিবনে? আমাৰ প্ৰত্যেকৰে একক প্ৰচেষ্টাইহে এটা গোট হৈ সমাজখনক আগবঢ়াই নিব পাৰিব৷ কেৱল নাটকীয় সংলাপ আৰু ভাবৰ বিলাসিতাই বাস্তৱিকতে সমাজ এখনলৈ পৰিবৰ্তন আনিব নোৱাৰে৷
(বি.দ্ৰ.- এইয়া সম্পূৰ্ণ মোৰ ব্যক্তিগত অনুভৱ৷ কোনো মানুহেই আন মানুহৰ মনৰ ভিতৰত কি চলি আছে জানিব নোৱাৰে৷)