সম্পাদকীয় (নন্দিতা খাখলাৰী)
‘যান্ত্ৰিকতা’ এতিয়া হৈ পৰিছে আধুনিক জীৱনৰ অন্য এক নাম। দৈনন্দিন জীৱনৰ ধামখুমীয়া আৰু পোৱা-নোপোৱাৰ ৰুক্ষ হিচাপবোৰ সামৰি-সুঁতৰি থোৱাৰ পিছত যিখিনি সময় সাধাৰণ মানুহ এজনৰ বাবে বাকী থাকেগৈ, সেয়া শেষ হয় দূৰদৰ্শনৰ সমুখত বহি কৰা ৰাজনীতি-অৰ্থনীতি-জাতীয়তাবাদ-বিনোদনত, কম্পিউটাৰ-মোবাইল ফোনত নিমজ্জিত হৈ কৰা অৰ্থহীন ‘সামাজিকীকৰণ’ত অথবা চাহ-পানীয়ৰ গিলাচ লৈ কৰা চ’ৰাঘৰৰ আত্মহাৰা সস্তীয়া পৰচৰ্চাত। এই সকলোবোৰৰ মাজত যেন ক’ৰবাত হেৰাই যায় জীৱন ধাৰণৰ আটাইতকৈ মৌলিক কথাবোৰ, সূক্ষ্ম অনুভূতিবোৰ। প্ৰকৃতিৰ দৰে মৌলিক কথাবোৰ ভাবিবলৈ আচলতে আমি আহৰি পাওঁ কেতিয়া? এই যে উশাহত সেৱন কৰিছোঁ বায়ু, জীয়াই থকাৰ বাবে ব্যৱহাৰ কৰিছোঁ মাটি আৰু পানী, কেতিয়াবা ভাবি চাইছোঁনে সৃষ্টিৰ কালৰে পৰা প্ৰকৃতিৰ এই অমূল্য উপাদান সমুহৰ লগত আমাৰ সম্পৰ্ক কি আছিল, কি হৈছে আৰু ভৱিষ্যতে কি হ’বগৈ? নদী-সাগৰ-জুৰি, পাহাৰ-পৰ্বত, গছ-চৰাই-বন্যপ্ৰাণী আদিৰ অবিহনে জানো কল্পনাও কৰিব পাৰি মানৱ জাতিৰ অস্তিত্বক? সময়ে যিমানেই পৰিৱৰ্তন নানক কিয় অনাদি কালৰে পৰা প্ৰকৃতিৰ সৈতে থকা মানুহৰ অভিন্ন সম্পৰ্ক আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কোনো বিকল্প নাই। এই কথা বৰ্তমান মানৱ জাতিয়ে উপলব্ধি কৰিছে যদিও সৰ্বসাধাৰণ মানুহৰ মাজত এই বিষয়ক লৈ প্ৰয়োজনীয় সচেতনতাৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়।
প্ৰকৃতি আৰু প্ৰাকৃতিক উপাদান সমূহৰ লগত মানৱ জাতিৰ নিৰ্ভৰশীলতা আৰু সংঘৰ্ষৰ আৰম্ভণি তাহানিৰ সেই আদিম যুগৰ খাদ্য অন্বেষণ তথা অভিজাত শ্ৰেণীৰ অৱসৰ বিনোদনৰ উৎসৰ দিনবোৰৰ পৰাই। তেতিয়াৰে পৰা বিৱৰ্তিত সময়, উন্নয়ন আৰু আধুনিক জীৱনযাত্ৰাৰ আৰম্ভণিৰ লগে লগে আৰম্ভ হ’ল প্ৰযুক্তিবিদ্যাৰ দুৰন্ত উত্তৰণ। আৰু তাৰ সমান্তৰালভাৱে বৃদ্ধি হোৱা ক্ৰমবৰ্ধিত জনসংখ্যাৰ ফলত আজি প্ৰকৃতিৰ সৈতে সৃষ্টি হোৱা মানৱ জাতিৰ সংঘৰ্ষই এনে এক পৰ্য্যায় পাইছেগৈ, য’ত নেকি পৃথিৱীৰ পৰিৱেশ আৰু প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হোৱাৰ উপক্ৰম হৈছে। আমি পাহাৰ কাটি ঘৰ সাজিছোঁ, মাথোঁ এজোপা গছ কাটিয়ে ধ্বংস কৰিছোঁ সেই গছজোপাৰ ওপৰত নিৰ্ভৰশীল হৈ থকা একো-একোটা পৰিতন্ত্ৰ, বান্ধ দি সলাই পেলাইছোঁ নদীৰ ভূগোল, বিজ্ঞানৰ অপপ্ৰয়োগেৰে বিনষ্ট কৰি পেলাইছোঁ প্ৰকৃতিৰ স্বাভাৱিক গতি। যি অৰণ্য এদিন আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান আৰু ৰম্যভূমি আছিল, সেই বনাঞ্চল সমূহ এতিয়া ৰূপান্তৰিত হৈছে কংক্ৰিটৰ অৰণ্যলৈ। পৰিণতিত আমি পাইছো কি? বাঘ,গঁড় আদিৰ দৰে বিলুপ্তপ্ৰায় আপুৰুগীয়া বন্যপ্ৰাণীবোৰৰ নিৰ্দয় হত্যা, খাদ্যৰ অভাৱত ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰা বন্যহাতীৰ জাক, উৎকট খৰাঙত তপ্ত জীৱন, প্ৰদূষিত বায়ু-মাটি, আৱৰ্জনাময় তৰাং নদী অথবা গোলকীয় উষ্মীভৱন। এটা সময় আছিল যেতিয়া মাথোঁ এজাক বৰষুণেই কৈ গৈছিল ঋতুৰ খবৰ। গছত ফুলি উঠা ফুল-ফলেই বতৰা দিছিল বতৰৰ আগমন অথবা প্ৰস্থানৰ। তেনে এক স্বাভাৱিক আৰু নিৰ্ধাৰিত ব্যৱস্থাৰ মাজতে ঠন ধৰি উঠিছিল মানৱ সমাজৰ জীৱন ধাৰণৰ নিয়ম আৰু পাৰিপাৰ্শ্বিক সমতা। অথচ আজি সেই দিন নাই। কেতিয়াবা যদি সেউজীয়াৰ সপোন সিঁচা মাটি চিৰিলা-চিৰিল কৰি আশ্চৰ্য্যকৰ খৰাং তেন্তে কেতিয়াবা মানুহৰ জীৱনপ্ৰবাহ স্তব্ধ কৰি অহা জলপ্লাৱন। আৱৰ্জনা আৰু প্ৰদূষণত পতিত ৰুগ্ন মহানগৰীবোৰত নুশুনি চৰাইৰ সুললিত কাকলি, তপ্ত জীৱন মৰুত বিচাৰি পোৱা নাযায় কোনো বৃক্ষৰ কিঞ্চিত ছাঁ অথবা ভাগৰুৱা সন্ধিয়াটিক মেৰিয়াই ভাঁহি নাহে কোনো অনামী বনৰীয়া ফুলৰ সুবাস। কি যেন এক ভয়ানক ৰোগত ৰুগ্ন আমাৰ জীৱনবোৰ!
মানুহ প্ৰকৃতিৰেই এটা অংগ। একেটা জীৱনচক্ৰতে আৱদ্ধ দুটি অভিন্ন উপাদান। এটাক বাদ দি আনটোৰ অস্তিত্ব অসম্ভৱ। আনকি কল্পনা কৰিব নোৱাৰি পৃথিৱীৰ অস্তিত্বকো। মানুহ আৰু প্ৰকৃতি এটা আনটোৰ পৰিপূৰক। কেৱল যে জীৱনধাৰণৰ মৌলিক প্ৰয়োজনবোৰেই ইয়াৰ কাৰণ সেয়া নহয়, আদিম যুগৰে পৰা মানুহৰ আত্মিক, আধ্যাত্মিক, দাৰ্শনিক, বিনোদন চিন্তা আদিৰ মাজতো প্ৰকৃতি মানৱ জাতিৰ চেতনাত এখন বোঁৱতী নদীৰ দৰেই চিৰপ্ৰবাহমান হৈ আছে। শিল, গছ, নদী, পাহাৰ আদিৰ ঐশ্বৰিক উপাসনা, আদিম গুহাত অংকিত হৈ থকা প্ৰকৃতি আৰু মানৱৰ সম্পৰ্কৰ অনন্য ছবি, চিত্ৰকলা-সাহিত্য-সংগীতত প্ৰকৃতিৰ উল্লেখেৰে অতীজৰে পৰা প্ৰবাহিত হৈ থকা মানুহৰ মনৰ আবেগ-অনুভূতিয়েও মানৱ আৰু প্ৰকৃতিৰ মাজৰ সেই অবিচ্ছেদ্য আৰু অনিন্দ্যসুন্দৰ সম্পৰ্ককেই বাৰে বাৰে সোঁৱৰায়। কিন্তু মানৱ সমাজৰ ক্ৰমবিকাশ আৰু উত্তৰণৰ মাৰাথন দৌৰত আজি আমি নিজক পাহৰি যোৱাৰ দৰেই পাহৰি গৈছো প্ৰকৃতিক। বস্তুবাদী জীৱনৰ যান্ত্ৰিকতাত যিমানেই ক্ষিপ্ৰতাৰে মানুহে নিজৰ আত্মাক হেৰুৱাইছে, সিমানেই ক্ষিপ্ৰতাৰে যেন আমি হেৰুৱাইছোঁ প্ৰাকৃতিক উপাদান সমূহক। অদূৰদৰ্শী মানৱৰ অত্যাচাৰত ক্ৰমশঃ অদৃশ্য হৈ আহিছে প্ৰকৃতিৰ লগত থকা আমাৰ সেউজীয়া আত্মিক সাঁকোডাল।
কেৱল বছৰত এদিন উদ্যাপিত হোৱা পৰিৱেশ দিৱস অথবা উচ্চস্তৰীয় অভিজাত পৰ্য্যায়ৰ আলোচনা চক্ৰই প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। তৃণমূল স্তৰত যেতিয়ালৈকে মানুহে নিজৰ দৈনন্দিন জীৱনত প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে গুণ্ঠিত হৈ থকা এনাজৰীডালৰ কথা উপলব্ধি নকৰে, তেতিয়ালৈকে আমাৰ ভৱিষ্যত অনিশ্চিত, পৃথিৱীৰ অস্তিত্ব আশংকাময়। গতিকে আহক, আমি অসাৱধানতাৰে সৃষ্টি কৰি পেলোৱা এই ‘ভাৰ্চুয়েল’ জীৱন আৰু কংক্ৰিটৰ পৃথিৱীখনৰ পৰা অলপ আহৰি লওঁ। পাহৰি পেলাওঁ অৰ্থহীন এই নিত্যনৈমিত্তিক নিগনি দৌৰ। তাৰ সলনি এবাৰ বিচাৰি চাওঁ নিজক, বিশ্লেষণ কৰোঁ আমাৰ অজানিতে চৌদিশৰ প্ৰকৃতিক আমি কিমান হেৰুৱাইছোঁ, কিদৰে হেৰুৱাইছোঁ। নেহেৰুওৱাখিনিক কিদৰে সংৰক্ষিত কৰিব পাৰোঁ। বৰ্তমানক হেঁচুকি এবাৰ ৰোমন্থন কৰোঁ ছায়াছবিৰ দৰে লগা গছৰ ডালে ডালে বগাই ফুৰা উন্মনা শৈশৱ, ব’হাগৰ আগমনৰ উমান দিয়া কুলিৰ নৈসৰ্গিক কুঁউ কুঁউ মাত অথবা আগচোতালৰ শেৱালিজোপা ফুলিলেই উৰুঙা বতাহজাকৰ বুকুৰে বৈ অহা শৰতৰ মিঠা অনুভৱৰ দিনবোৰৰ অলেখ টুকুৰা স্মৃতিৰ স্নেপশ্বট! আচলতে কিমান সূক্ষ্ম আৰু সাধাৰণ এই জীবনৰ প্ৰকৃত অনুভৱবোৰ! মাথোঁ এক চৰাইৰ কণ্ঠত অথবা এপাহি ফুলৰ সুবাসত আগমন হয় এটি সুদীৰ্ঘ ঋতুৰ, এটা জাতিৰ উৎসৱৰ। পাহাৰ বগাই চিঙি অনা এপাহ ফুলৰ ভাঁজে ভাঁজে স্পন্দিত হয় মানুহৰ হৃদয়ৰ চূড়ান্ত আবেগ। অথচ এই সাধাৰণ অনুভৱবোৰ পাহৰিয়ে আমি অসুখীয়া কৰি তুলিছোঁ পৃথিৱীখন, বিপন্ন কৰি তুলিছোঁ প্ৰকৃতি আৰু মানৱ সম্পৰ্কক। আহক, একেলগে প্ৰতিজ্ঞাৱদ্ধ হওঁ, পৃথিৱীৰ এই অসুখ আমি জীয়াই থাকোঁতেই নিৰাময় কৰো। দায়বদ্ধ হওঁ, প্ৰকৃতিৰ সৈতে থকা আমাৰ অভিন্ন সম্পৰ্কক উপলব্ধি কৰি উত্তৰ পুৰুষৰ বাবে এখন সমুজ্জ্বল সেউজী পৃথিৱী এৰি থৈ যোৱাৰ বাবে।
সুন্দৰ সম্পাদকীয়
সুন্দৰ অনুভৱ ।সেয়েহে সকলোৱে হাতে কামে লাগি থাকিলে নিশ্চয় প্ৰকৃতিৰ লগতে আমিও বাচি থাকিম।
অতি সংক্ষেপে ইমানবোৰ কথা যুগুতাই আকৰ্শণীয় ভাবে আগবঢ়োৱা বাবে ধন্যবাদ জনালো। সাধাৰনতে এনেকুৱা লেখাবোৰ নিস্প্ৰভ হয়, কিন্তু এই লিখাখিনি এক ব্যতিক্ৰম।