তোমাক ভাল পাওঁ বাবেই-(প্ৰদ্যুত জ্যোতি শইকীয়া )

তোমাক ভাল পাওঁ বাবেই
-প্ৰদ্যুত জ্যোতি শইকীয়া
 
 
তোমাক ভাল পাওঁ বাবেই
কঢ়িয়াই ফুৰিছোঁ
এটা এলকহলিক এনলাৰ্জড লিভাৰ,
তোমাৰ স্মৃতি মচাৰ চেষ্টাত খোৱা
প্ৰতি টোপাল ফটিকাৰ পৰিনাম
এটা এলকহ’লিক এনলাৰ্জড লিভাৰ|
 
তোমাক ভাল পাওঁ বাবেই
কঢ়িয়াই ফুৰিছোঁ
এটা চাৰিবছৰীয়া এদিক্টেদ প্ৰেমৰ ফিভাৰ,
তোমাৰ সৈতে কটোৱা
প্ৰতিটো ক্ষণৰ ডেঞ্জাৰাছ পৰিনাম
এটা চাৰিবছৰীয়া এদিক্টেদ প্ৰেমৰ ফিভাৰ|
 
তোমাক ভাল পাওঁ বাবেই
কঢ়িয়াই ফুৰিছোঁ নিজৰ মাজত
এটা তোমাৰ নামত পাগল ডেদিকেটেদ লাভাৰ,
প্ৰতিটো সন্ধিয়াই বিষময় স্মৃতিৰে হয় মাতাল
এটা তোমাৰ নামত পাগল ডেদিকেটেদ লাভাৰ|
 
তোমাক ভাল পাওঁ বাবেই
কঢ়িয়াই ফুৰিছোঁ
এটা এলকহলিক এনলাৰ্জড লিভাৰ,
তোমাৰ স্মৃতি মচাৰ চেষ্টাত খোৱা
প্ৰতি টোপাল ফটিকাৰ পৰিনাম
এটা এলকহ’লিক এনলাৰ্জড লিভাৰ|
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!