সৌন্দৰ্য বিশেষজ্ঞা মধুমিতা শইকীয়াৰ সৈতে কথোপকথন

madhu

 

(অসমৰ আগশাৰীৰ সৌন্দৰ্য বিশেষজ্ঞা মধুমিতা শইকীয়াৰ সৈতে সাহিত্য ডট্‌ অৰ্গৰ আছুতীয়া কথোপকথন)
সাহিত্য ডট্ অৰ্গ: নমস্কাৰ বাইদেউ৷ ই আলোচনী সাহিত্য ডট্‌ অৰ্গৰ পৰা সৌন্দৰ্য চৰ্চাৰ বিষয়ে কিছু কথা আমি আপোনাৰ পৰা জানিব বিচাৰিম৷
মধুমিতা শইকীয়া: নমস্কাৰ, নিশ্চয়৷
সাঃডঃঅঃ বাইদেউ, আমি প্ৰথমেই জানিব বিচাৰো সৌন্দৰ্য এটা বিষয় হিচাপে কেতিয়াৰে পৰা চৰ্চা হ’ল?
মঃশঃ আমাৰ ভাৰতীয় সভ্যতাৰ পৰাই আৰম্ভ কৰো৷ আমি যাক পূজো ভগৱান শিৱ তেৱেই সৌন্দৰ্যৰ আদি আছিল বুলি জনা যায়৷ যাক কোৱা হয় সত্যম শিৱম সুন্দৰম৷ লগতে তেওঁৰ অৰ্ধাংগিনী দেৱী পাৰ্বতীৰো এই বিষয়ত যথেষ্ট জ্ঞান আছিল বুলি জনা যায়৷ ভগৱান কৃষ্ণৰ গীতাটো সৌন্দৰ্যৰ ৰূপ ৰসৰ বৰ্ণনা শুনা যায়৷ গতিকে দেখা যায় সৌন্দৰ্য তেতিয়াও বিষয় হিচাপে আলোচনা হৈছিল আৰু এতিয়াও হয়৷ তাৰ পিছৰ যুগত ৰজা অশোকৰ মাতৃৰ কথা ক’ব পাৰি৷ তেওঁ ৰূপচৰ্চাৰ বহুতো কলা-কৌশল, উপায় জানিছিল৷ এক কথাত ক’ব পাৰি তেওঁ তেতিয়াৰ সৌন্দৰ্য বিশেষজ্ঞা আছিল৷ এইবিষয়ে আমাৰ অসমত নাম ল’ব পাৰি চিত্ৰলেখাৰ৷ চিত্ৰলেখাৰ এই বিষয়ত যথেষ্ঠ জ্ঞান আছিল৷ তেওঁ নানা অলংকৰণৰে সখী ঊষাক নিপুণতাৰে সজাই তুলিছিল৷ পুৰণি কালত নাৰীসকলে ইগৰাকীয়ে সিগৰাকীক ৰূপচৰ্চা কৰাত সহায় কৰি দিছিল৷ ৰাণীসকল বা কুৱঁৰী সকলৰ বাবে সখীসকল আছিল৷ তেখেতসকলে নিজৰ মাজতেই আলোচনা কৰিছিল কি সাজে শুৱাব, কি কেশবিন্যাস ক’ত মিলিব৷ মই ভাৱো ৰূপচৰ্চাই তেনেদৰেই এটা বিষয় হিচাপে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিলে৷
সাঃডঃঅঃ সৌন্দৰ্য চৰ্চা মানে মাত্ৰ ৰূপচৰ্চা নিশ্চয় নহয়৷ কিন্তু অসমীয়া বিভিন্ন আলোচনীত অকল এইটো দিশৰহে লিখা-মেলা কিয় দেখো?
মঃশঃ আমি মানুহবিলাকে এতিয়াও বহুত বুজিব আৰু বুজাব আছে৷ সৌন্দৰ্য মানেই কেৱল ৰূপচৰ্চা নহয়৷ সৌন্দৰ্য অকল এটা বিষয় নহয়৷ শাৰীৰিক মানসিক আৰু আধ্যাত্মিকৰূপে সুগঠিত হ’লেহে তাক সৌন্দৰ্য বুলি ক’ব পাৰি৷
সাঃডঃঅঃ পেছা হিছাপে সৌন্দৰ্য চৰ্চা তেতিয়া আৰু এতিয়া?
মঃশঃ পুৰনি কালত ই পেছা হিচাপে নাছিল৷ হয়তো ইগৰাকীয়ে সিগৰাকীক সহায় কৰোতে কাৰোবাৰ কোনোবাটো সাজ সজ্জা বেছি ধুনীয়া হৈছিল৷ তাকে দেখি তেখেতৰ কাষলৈ মানুহৰ সোঁত বলিল৷ যাৰ ফলত তেওঁ নিজৰ কাম আৰু ভালদৰে কৰিবলৈ সহায়কাৰী ল’লে৷ তেখেতসকলক কামৰ পাৰিশ্ৰমিক দিবলৈ তেওঁ বস্তুবিলাকৰ বা তেওঁ কৰা কামৰ মূল্য ল’বলৈ আৰম্ভ কৰিলে৷ তেনেকৈয়ে হয়তো এই বিষয়টো পেছাত পৰিণত হ’ল৷
সাঃডঃঅঃ পুৰনি আৰু বৰ্ত্তমানৰ সৌন্দৰ্য চৰ্চাৰ মাজত কিবা পাৰ্থক্য আছে নেকি?
মঃশঃ পুৰনি কালত মানুহে প্ৰাকৃতিক সম্পদেৰে নিজক সজাই ধুনীয়া কৰিছিল৷ ইজিপ্তীয়ানসকলে বাদামৰ তেল গাত ঘঁহিছিল৷ চকুত নীল নদীৰ পৰিস্ফুত মাটি লগাইছিল, যাক এতিয়া আমি কাজল বুলি কওঁ৷ চীনা সভ্যতাত যদি চাওঁ নাৰী পুৰুষ সকলোৱে নখবিলাক দীঘলকৈ ৰাখিছিল৷ তেওঁলোকৰ কেশসজ্জাও অদ্ভূত আৰু অনন্য আছিল৷ সেইয়া তেওঁলোকৰ বাবে সৌন্দৰ্য-চৰ্চা৷ পুৰনি অসমত জবা ফুলেৰে চুলি ধুইছিল, ঔ টেঙাৰ বীজ লগাইছিল৷ মূৰ ধুই চন্দন কাঠৰ ধোঁৱা দিছিল, যাতে চুলি ভাল গোন্ধায়৷ সময় বাগৰিল৷ বৰহমথুৰি, জেতুকাৰ ঠাই লিপষ্টিক, নেইলপলিছ আদিয়ে ল’লে৷ গতিকে তেতিয়া আৰু এতিয়াৰ মাজত পাৰ্থক্য নিশ্চয় আছে৷
সাঃডঃঅঃ সাধাৰণতে নাৰীতকৈ পুৰুষসকল সৌন্দৰ্য-চৰ্চাৰ দিশত পিছত থাকে৷ তেওঁলোকৰ বাবে কিবা পৰামৰ্শ-উপায়?
মঃশঃ পুৰষসকলে নাৰীৰ দৰে ঘৰুৱা উপায় ল’বলৈ টান পায়৷ প্ৰায়ভাগ পুৰুষে দিনটোৰ বেছিভাগ সময় একেৰাহে থিয় হৈ নতুবা বহি কাম কৰিব লগা হয়৷ গতিকে তেওঁলোকে ভৰিৰ বিশেষভাৱে যতন ল’ব লাগে৷ মাহত এবাৰকৈ হ’লেও ওচৰৰ কোনো চেলুন বা পাৰ্লাৰলৈ গৈ ‘ফুট মাচাজ’ কৰাই ল’ব পাৰে৷ শৰীৰৰ সক্ৰিয়তাৰ কিছু অংশ আমাৰ ভৰিতো থাকে৷ মাচাজৰ ফলত শৰীৰে পুনৰ উদ্যম পায়৷ ভাল বডী মাচাজ, চুলিৰ মাচাজ, ফেচিয়েল আদিয়ে কান্ধৰ বিষ, মূৰৰ বিষৰ উপশম ঘটায়৷ কাৰণ ইয়াত সদায় মানুহৰ যিবিলাক টেনচন পইন্ট কুম, চকু-নাকৰ সন্ধিস্থলত সঠিক হেঁচাৰে শৰীৰৰটোৰ অৱসাদ আতৰায়৷ গতিকে পুৰুষসকলক কওঁ, তেওঁলোকে অন্তত: মাহত এবাৰ সময় উলিয়াই নিজৰ লগতে শৰীৰটোৰ যত্ন ল’ব লাগে৷
সাঃডঃঅঃ আধুনিকতাত তাল মিলাই নিজকে ধুনীয়া কৰিবলৈ সনা মেকআপ্ বিলাক কিমান উপকাৰী? ইয়াৰ অপকাৰিতা কি?
মঃশঃ সস্তীয়া মেকআপ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে৷ ই ক্ষতিকাৰক হয়৷ সদায় ভাল আৰু কোমল মেকআপ কৰিব লাগে, যিয়ে ছালখনক সুৰক্ষিত কৰি ৰাখে৷
সাঃডঃঅঃ সৌন্দৰ্য চৰ্চা বৈজ্ঞানিক গৱেষণাৰৰ দিশত অসমত কিমান দূৰ আগবাঢ়িছে?
মঃশঃ কিছুদূৰ স্বৰ্গীয় গুণাৰাম খনিকৰ দেৱে বাট দেখুৱাই থৈ গ’ল৷ প্ৰাকৃতিক নিদানেৰে নিৰোগী স্বাস্থ্যৰে ভিতৰৰ পৰা ধুনীয়া কেনেকৈ হ’ব পাৰি আদিৰে৷ আমি কেইগৰাকীমানে মিলি এইটো দিশত চেষ্টা চলাই আছো৷ মই নিজেও অসমৰ গাঁৱে-ভূঁঞে দেশে-বিদেশে ঘূৰি গৱেষণা কৰি আছো এইটো বিষয়ত৷ আমি বিচাৰো নৱ প্ৰজন্ম ওলাই আহক৷ শুদ্ধ চৰ্চা আৰু প্ৰচাৰ কৰক এইটো বিষয়ৰ৷
সাঃডঃঅঃ সৌন্দৰ্য চৰ্চাক ঔদ্যোগিক দিশেৰে আগুৱাই নি সংস্থাপনৰ পথ?
মঃশঃ আগ্ৰহ আৰু শ্ৰদ্ধা থাকিলে সকলো দিশতে উন্নতি আছে৷ ইয়াৰ বাবে লাগিব বিষয়টোৰ সঠিক জ্ঞান৷ আমাৰ ইয়াৰ পৰাই শিক্ষা গ্ৰহণ কৰা বহুতক আমি চৰকাৰী সাহাৰ্যৰ ব্যৱস্থা কৰি দি স্বাৱলম্বী হোৱাত সহযোগ কৰিছো৷
সাঃডঃঅঃ শেষত সাধাৰণ কিন্তু সকলোৰে কামত অহা দুটামান কথা জানিব বিছাৰিছো৷ ব্যস্ততাপূৰ্ণ জীৱনত সহজ আৰু কম সময়তে ধুনীয়া হোৱাৰ দুটামান উপায় লগতে খাদ্যভ্যাসৰ লগতো সৌন্দৰ্যৰ সম্পৰ্ক আছে নেকি ?
মঃশঃ আজিৰ যুগত নিজক যত্ন লওঁতেও আমি আমাৰ কাম কৰি থাকিব পাৰো৷ পাৰ্লাৰত পেডিকিউৰ কৰাই থাকোতে আমি মবাইল লেপটপত নিজৰ কাম কৰি থাকিব পাৰো৷ ফেচিয়েল কৰা অৱস্থাত চকু মুদি পৰৱৰ্ত্তী কামৰ পৰিকল্পনা কৰিব পাৰো৷ পাকঘৰত থাকোতেও কামৰ মাজতে ঘৰুৱা উপাদানেৰে নিজৰ যতন ল’ব পাৰো, কাৰণ পাকঘৰটোৱেই আমাৰ মূল সৌন্দৰ্যৰ থলী৷ তাত থকা আলু-বিলাহী, তিঁয়হ, অমিতাৰে ঘৰুৱাভাৱে ধুনীয়া হৈ থাকিব পাৰো৷
সকলো খাদ্য সমানে খাব লাগে৷ শৰীৰৰ বাবে  সকলো খাদ্যত থকা সকলো ভিটামিন লাগে৷ জীৱন এটাই পাইছো মনৰ পছন্দত খাব লাগে, আনন্দত থাকিব লাগে, খুব কৰ্ম কৰিব লাগে৷ সুস্বাস্থ্যৰ লগতে সৌন্দৰ্য তেতিয়া লাভ কৰিব৷
সাঃডঃঅঃ এনেদৰেই হাঁহি থাকক তাৰেই কামনা কৰি আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো৷
মঃশঃ সাহিত্য ডট্‌ অৰ্গলৈও ধন্যবাদ যাচিলোঁ৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!