গৰ্ভাৱস্থাৰ অসুবিধাবোৰ – নয়নজ্যোতি শৰ্মা

গৰ্ভাৱস্থাৰ অসুবিধাবোৰ তথা শিশু প্ৰসৱৰ সময়ৰ অকল্পনীয় যন্ত্ৰণা আৰু প্ৰসৱোত্তৰ বিষ-বেদনাবোৰৰ সৈতে আমি সকলোৱে চাক্ষুস পৰিচিত নহঁও৷ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ ইণ্টাৰ্ণ হৈ থকাৰে পৰা এই সময়ছোৱাত ইয়াৰে দুই এটা দিশ অনুধাৱন কৰিব পাৰিছো৷ গৰ্ভধাৰণৰ লগে লগে মাতৃ-পিতৃ-পৰিয়ালৰ লগতে চিকিৎসক জনৰো এক নৈতিক তথা আন্তৰিক দায়িত্ব আহি পৰে৷ পৰীক্ষা-নিৰীক্ষাৰে পৰা আৰম্ভ কৰি মাতৃ তথা গৰ্ভস্থ সন্তানৰ পূৰ্ণ পোষণৰ বাবদ বহুখিনি টকা-পইচা যায়৷ কিন্তুু তাতকৈয়ো ডাঙৰ কথা শিশুটিৰ জন্মই পৰিয়ালটিলৈ যিখিনি সুখ কঢ়িয়াই আনে সি বৰ্ণনাতীত৷ নৱঅতিথিৰ মুখখন চায়েই মাকে পাহৰিব খোজে এপিজিয়টমী অথবা কৃত্ৰিম প্ৰসৱৰ চিলাইৰ বিষ৷ চৰকাৰৰ ফালৰ পৰাও এটা গৰ্ভাধানৰ পৰা প্ৰসৱ তথা প্ৰসৱোত্তৰ কালতো বহুখিনি সহায় প্ৰদান কৰা হয়৷ প্ৰায় সকলোখিনি পৰীক্ষা-নিৰীক্ষা তথা অত্যাৱশ্যকীয় ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ কিন্তুু ইমানখিনিৰ পিছতো যেতিয়া কোনো নৱজাতকৰ মৃত্যু ঘটে সেয়া মাতৃ-পিতৃ তথা পৰিয়ালৰ পক্ষে এক মানসিক ক্ষতি হোৱাৰ লগতে দেশৰ বাবেও এক অপূৰণীয় ক্ষতি৷
গোৰখপূৰৰ বাবা ৰাঘৱদাস চিকিৎসা মহাবিদ্যালয়ত আঠচল্লিশ ঘণ্টাৰ ভিতৰতে ত্ৰিশতকৈ অধিক শিশুৰ মৃত্যু হোৱা কথাত আমাৰ মন সেমেকি উঠিছিল৷ জন্মৰ পিছৰ কান্দোনটো শুনি লেবাৰ ৰূমৰ ডাক্তৰ, নাৰ্চ, কৰ্মচাৰী সকলোৰে মুখত বিৰিঙি উঠা স্বস্তিৰ হাঁহিবোৰ যেন আধাতে মাৰ গৈছিল৷
বৰপেটাৰ চিকিৎসা মহাবিদ্যালয়ত আঠটাকৈ শিশুৰ মৃত্যুৰ বাতৰি অতি দুৰ্ভাগ্যজনক৷ নীতি আয়োগৰ পৰিসংখ্যা মতে ২০১৩ চনত ভাৰতত নৱজাতকৰ মৃত্যুৰ হাৰ প্ৰতি ১০০০ত ২৮৷ আৰু অসমত এই সংখ্যা ২৭৷ নৱজাতকৰ মৃত্যুৰ কাৰণসমূহৰ ভিতৰত ঘাইকৈ পৰে অকালপ্ৰসৱ (pre term labour), সংক্ৰমণ(Infection)(নিউমোনিয়া, ছেপছিছ আদি), শ্বাস-প্ৰশ্বাস সম্বন্ধীয় বিপত্তি (respiratory distress) ইত্যাদি৷ এই ধৰণৰ ঘটনাবোৰ প্ৰতিৰোধৰ দুটাই প্ৰধান উপায় আছে৷ প্ৰথমটো হ’ল গৰ্ভাৱস্থাৰ নিয়মিত পৰ্যবেক্ষণ আৰু দ্বিতীয়টো হ’ল জৰুৰীকালীন সুবিধাসমূহৰ সহজ উপলব্ধতা৷
ভাৰত চৰকাৰৰ প্ৰট’কল মতে গৰ্ভাৱস্থাত অতি কমেও তিনিটা চেক-আপ অত্যাৱশ্যকীয়৷ কিন্তুু বহু সময়ত প্ৰসৱ বেদনা লৈ অহা গৰ্ভৱতী মহিলাৰ হাতত হিমোগ্লোবিন ৰিপৰ্ট এটাও নাথাকে৷ এইচ আই ভি, ভি ডি আৰ এল আদি বহু দূৰৰ কথা৷ গতিকে উপযুক্ত ৰিপ’ৰ্ট আৰু ৰেকৰ্ডসমূহ নাথাকিলে বহু ক্ষেত্ৰত মাতৃ-শিশু উভয়ৰে প্ৰাণলৈ সংশয় আহি পৰে৷ কাৰণ সকলো প্ৰতিষ্ঠানতে সকলো ধৰণৰ পৰীক্ষা তথা ঔষধৰ প্ৰাপ্তি সকলো সময়তে সম্ভৱপৰ নহয়৷ আৰু বহু ক্ষেত্ৰত নৱজাতকৰ মৃত্যুৰ কাৰণ এইটোৱেই হৈ পৰে৷ চৰকাৰীভাৱে সকলো সা-সুবিধা বিনামূলীয়াকৈ উপলব্ধ হোৱা বুলি কলেও ই সমাজৰ সেইটো শ্ৰেণীৰ কিছু সংখ্যক মানুহক হয়তো চুব পৰা নাই যাৰ কথা মনত ৰাখি এনে আঁচনি বনোৱা হয়৷
বৰপেটাৰ এই ঘটনাক স্বাস্থ্যমন্ত্ৰী তথা স্বাস্থ্য বিষয়া সকলে ইয়াক এক সাৱধানবাণী হিচাপে লৈ সষ্টম হোৱা উচিত৷ আমাৰ ৰাজ্যত ঘটি থকা এনেকুৱা বিক্ষিপ্ত দুৰ্ঘটনা বোৰে যাতে উত্তৰ প্ৰদেশৰ দৰে ভয়ংকৰ ৰূপ নলয় তাৰ বাবে নতুন পদক্ষেপ কিছুমান লোৱা উচিত৷ নতুন কলেজ এখন খোলাৰ পৰিৱৰ্তে যদি আগৰে পৰা সেৱা আগবঢ়াই থকা চিকিৎসালয় সমূহৰ য’ত প্ৰয়োজন ত’ত জৰুৰীকালীন ব্যৱস্থাসমূহ উপলব্ধ কৰোৱা যায় সি বহুখিনি লাভদায়ক হ’ব৷ ভিতৰুৱা অঞ্চলবোৰৰ, বিশেষকৈ শিক্ষাত অনগ্ৰসৰ মানুহখিনিক সজাগ কৰিবলৈ যিমানেই ব্যৱস্থা হাতত লোৱা যায় সিমানেই কম৷ এইটো মন কৰিবলগীয়া কথা৷ বহুতে টকা-পইচা নথকাৰ অজুহাতত পৰীক্ষা নকৰাকৈ থাকে৷ বহুতে আকৌ নাজানেই যে নিজৰ তথা পেটৰ সন্তানৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ অৰ্থে এনেকুৱা পৰীক্ষাবোৰ কৰাটো অতি দৰকাৰী৷ গতিকে তেওঁলোকক সজাগ কৰাৰ উপৰিও হাতে-কামে জড়িত কৰাব পাৰিলেহে এই বিপৰ্যয়বোৰ ৰোধ কৰিব পৰা যাব৷
আমাৰ চৰকাৰৰ প্ৰায়ৰিটি বিলাক জুকিয়াই চাবলৈ সময় হৈছে৷ বেহিচাপ খোজবোৰ ওভতাই আনি জুখি মাখি খোজ দিবৰ সময় হৈছে৷ আগতকৈ বহুখিনি উন্নয়ণ হোৱাটো সঁচা৷ কিন্তুু উন্নয়ণৰ কোনো পৰিধি নাই৷ জনধণ তথা সময়ৰ অপব্যয় নকৰি জনগণৰ অৱশিষ্ট সহযোগিতা অটুট থাকোতেই চৰকাৰে জীৱনধাৰণৰ মান উন্নত কৰাত গুৰুত্ব দিয়াটো এতিয়াৰ সময়ৰ আটাইতকৈ ডাঙৰ আহ্বান৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!