সেউজীয়া সপোনৰ অপমৃত্যুলৈ মই খুউব ভয় কৰো !-(পংকজ বৰা)

-পংকজ বৰা
সেউজীয়া সপোনৰ অপমৃত্যুলৈ মই খুউব ভয় কৰো !

 
 
 
 
 
 
 


 
ৰঙীন চল্যুউচনৰ আশাত ৰৈ ৰৈ
বাৰে পতি ভাঙি যায় মোৰ টাইট্ৰেছনৰ ঠুনুকা কলম
না প্ৰশমন, না ৰঙীন চল্যুউচন
মাথো বিস্ফোৰণ
শব্দৰ বিকট বিদ্ৰোহ

সাধনাৰ কঁঠীয়াতলীত
যেনিয়ে তেনিয়ে
চিটিকি পৰে আশা
চিটিকি পৰে সেউজীয়া সপোন
আৰু বহুতৰ চিৰাচিৰহোৱা হৃদয়বোৰ
পঁচা কলিজাৰ পৰা ওলোৱা হাইদ্ৰ’জেন চালফাইদৰ দুৰ্গন্ধ আৰু
একুৱা ৰেজিয়াৰ কদৰ্য্যতাৰ মাজত পৰি ৰয় কংকালশাৰ সপোনৰ ফচল
হাতে-মুখে চিটিকি পৰা নাইট্ৰিক এচিদৰ ক’লা ক’লা দাগ ৷
হয়টো মোৰেই ভাগ্য ভাল আছিল
কাৰণ ই চায়েনায়ডৰ কোনো আত্মঘাটী ৰিয়েকচন নাচিল ৷
 
তথাপিও আজিকালি পৰীক্ষাগাৰত সোমালেই মোৰ ভয় লাগে
মোৰ নিচিনা খেতিয়কবোৰৰৰ সেউজীয়া সপোনবোৰৰ অপমৃত্যুলৈ মই ভয় কৰো ,
কিজানিবা আত্মঘাটী চায়েনাইদ লৈ মোৰ ধমনীৰ তেজতেই
স্বাচন্দ্যৰে ঘূৰি ফুৰিছে আমাৰ সেউজীয়া সপোনক হত্যা কৰিব খোজা
এদল কুলাংগাৰ বহুৰূপী মৌল !
 
আজিকালি পৰীক্ষাগাৰত সোমাই মই বাৰেপতি থমকি ৰও–
মই কদাপি মৃত্যুলৈ ভয় নকৰো ,
কিন্তু এটা লহপহীয়া সেউজীয়া সপোনৰ অপমৃত্যুলৈ মই খুউব ভয় কৰো  !
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!