আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছো-২ ( প্ৰাঞ্জল কলিতা)

মিজোৰামত প্ৰেমৰ সংজ্ঞা বিচাৰি-
চৌদিশে নীলা পাহাৰ, শুকুলা মেঘবোৰে দোলা দি আছে এই পাহাৰবোৰত।প্ৰতিটো ঋতুতে মিজোৰামত এনে এক পৰিৱেশ বিৰাজ কৰে।কাৰ সাধ্য আছে প্ৰেমত নপৰাকৈ থকাৰ!

বিজয় গৌৰৱত থিয় পাহাৰ, শুকুলা মেঘৰ উপৰিও আছে খৰস্ৰোতা নদী, এন্থুৰিয়াম ফুল আৰু হাঁহিৰে জীৱন জয় কৰিব খোজা এজাক মিজো গাভৰু।মিজোৰামলৈ আহিলে আপুনিও এইবোৰৰ প্ৰেমত এবাৰ হ’লেও পৰিবই, সেয়া ধূৰুপ।মিজোৰামত মোৰ প্ৰেমৰ কাহিনী লিখিলে এখন উপন্যাস হব, আজি লিখিম মাত্ৰ মিজো সকলোৰ প্ৰেমৰ কিছু কথা।
মিজোসকলৰজাতিপ্ৰেম–নিজৰ জাতিৰ প্ৰতি মিজো সকলোৰ দায়বদ্ধতা সঁচাকৈয়ে লেখত ল’বলগীয়া।কোনোবা এখন অচিনাকি গাওঁৰ এজন মিজো যুৱকৰ দুখত ৰাজধানী আইজলৰ মানুহবোৰ যেতিয়া দুখী হয়, অথবা দিল্লীত অধ্যয়নৰত নিজৰ ছোৱালী জনীলৈ কিবা পঠিয়াবলৈ আইজলৰ লেংপুই বিমান বন্দৰত নিজৰ বাপেকে যেতিয়া কোনোবা এজন অচিনা-অজানা মিজো ডেকাৰ হাতত দিল্লীলৈ টোপোলা এটা পঠিয়াই দিয়ে আৰ ডেকাজনেও আনন্দ মুখে টোপোলাটো লৈ যায় তেতিয়াই জাতি প্ৰেমৰ চেতনাই আকাশলৈ মূৰ দাঙি চাই।জাতি প্ৰেমৰ কথা ইমানতে থওঁ, ডেকা-গাভৰুৰ প্ৰেমৰ কথাকে অলপ কওঁ।
প্ৰেমত পৰাৰ হেনো কোনো বয়স নাথাকে, মিজোৰামত ইয়াৰ সৰ্ব্বাধিক উদাহৰণ দেখিছোঁ।কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি সত্তৰোদ্ধৰ ডেকা-গাভৰুলৈকেও।এয়া প্ৰেমৰ আধুনিক ৰূপ নে প্ৰাচীন ৰূপ মই নাজানোঁ, কিন্তু মিজোৰামত ডেকা-গাভৰুৰ প্ৰেমৰ এক সুকীয়া বৈশিষ্ট আছে।আজিলৈকে মই এখনো বিয়া দেখা নাই বা শুনা নাই, যিখন প্ৰেম বিবাহ নহয়।মিজোৰামত বিশেষকৈ আইজলত প্ৰেমিক বা প্ৰেমিকা নথকা ডেকা বা গাভৰু খুব কমেই দেখিব।প্ৰেম মিজোসকলৰ বাবে এটা সামাজিক জীৱনৰ পৰিচয় হৈ পৰিছে।যি দুই এজনৰ প্ৰেমিক বা প্ৰেমিকা নাই তেওঁলোকে যেন উন্মাদৰ দৰে প্ৰিয়জনক বিচাৰি ফুৰিছে।এয়া কোনো কাল্পনিক কাহিনী নহয়, মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰাহে লিখিছোঁ।সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰীজনীৰ পৰা আৰম্ভ কৰি কৰ্মজীৱনৰ পৰা অৱসৰ ল’বলৈ ওলোৱা ব্যক্তিজনলৈকে সকলোৱে যেন এজন দুৰন্তপ্ৰেমী।প্ৰেম সমাজ জীৱনৰ এক পৰিচয় হোৱা হেতুকেই বোধহ্য় সকলোৱে প্ৰেমৰ মহানতা অনুভৱ কৰাৰ সলনি এজন প্ৰেমিক বা প্ৰেমিকা থকাটোত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়।দুই-এজনক বাদ দিলে, মই ডাঠি ক’ব পাৰোঁ আটাইবোৰে প্ৰেমেই প্ৰয়োজনৰ বাবেই আয়োজনৰ দৰেই।প্ৰেমৰ গভীৰতা কিমানজনে বুজি পাই সেয়া সন্দেহৰ আৱৰ্ত্তত, অৱশ্যে প্ৰেম মানে যদি, ঘন্টাৰ পিছত ঘন্টা ধৰি ফোনত কথা পতা, হাতত হাত ধৰি খোজ কঢ়া বা যৌনতা হয় তেন্তে মিজোৰামত প্ৰেম সকলোৱে বুজি পায়।মই কাকো উপলুঙা কৰাৰ হাবিয়াস নাই, কিন্তু আপোনাৰ সতীৰ্থ জনে যদি আপোনাক তেওঁৰ পূৰ্বৰ প্ৰেয়সী জনৰ সতে কেতিয়াবা ৰাস্তাত চিনাকি কৰি দিয়ে অথবা সহকৰ্মীঅ’মিয়ে যদি আপোনাক দ্বিতীয় জন প্ৰেমিকৰ সতে পাৰ কৰা নিশাবোৰৰ গোপন কথাআপোনাক কয়, তেতিয়া আপুনিও হয়তো ভাৱিব প্ৰেমৰ নিশ্চয়কৈ কোনো পৰিধি নাই।মোৰ বন্ধু তিম’থিয়ে কেতিয়াবা মিজোৰামৰ প্ৰেম আৰু প্ৰেম বিবাহ বোৰৰ বিষয়ে কয়, কোনোবা এজনী ছোৱালী বা ল’ৰাক ভাল লাগিলে আপুনি পোনে পোনে প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে, বিশেষ ভাৱিব লগীয়া একো নাই, পিছত ভাল নলগা হলে বিচ্ছেদ কৰিলেই হ’ল।প্ৰেমৰ প্ৰস্তাৱ লৰাজনেই যে দিব লাগিব তেনে কোনো কথা নাই, ছোৱালীবোৰ এই দিশত কিছু আগৰণুৱা বুলি কেতিয়াবা অনুভৱ হয়।প্ৰেমৰ বান্ধোনত বান্ধ খোৱাৰ পিছতেই ঘৰৰ মানুহে গম পাই যায়, ঘৰৰ মানুহেও ইয়াত বিশেষ আপত্তি কৰা দেখা নাযায়।ইয়াতে পাৰ্ক বা ৰেষ্টুৰেন্ট নাই বুলি কলেও ভুল নহয়, গতিকে ডেটিং মাৰিবলৈ প্ৰেমিক বা প্ৰেমিকা জনৰ ঘৰেই উত্ত্ম ঠাই হিচাপে বাচি লোৱা দেখা যায়।প্ৰেম বা ভালপোৱা একে হয়্নে নহয় মই নাজানোঁ, কিন্তু বহুতে বহুতক ভাল পাই থকা মই দেখিছোঁ।আমাৰ সমাজতো ছাগে বহুতে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ ৰ বাহিৰেওবেলেগৰ প্ৰতি দুৰ্বলতা ৰাখে, কিন্তু ৰাজহুৱাকৈ নিজৰ দুৰ্বলতা প্ৰকাশ বোধহয় মিজোবোৰৰ দৰে নকৰে।মই ইয়াত বহু প্ৰেম বিবাহ দেখিছোঁ, কিন্তু প্ৰথম প্ৰেমক বিবাহলৈ ৰূপান্তৰিত হোৱা মই দেখাওঁ নাই আৰু শুনাওঁ মনত নপৰে।
বিয়াৰ পিছতো বহুতেই ইয়াত আনৰ লগত সম্পৰ্ক ৰাখে, কিন্তু বিশেষ অসুবিধাৰ সন্মুখীন হোৱা দেখা নাই।আগতে মিজো গাভৰুবোৰ অনা-মিজো ডেকাৰ প্ৰতি বেছি আকৰ্ষিত হোৱা বুলি শুনিছিলোঁ, এতিয়াও অলপ-চলপ আছে যদিও, সমাজে এই ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতা আৰোপ কৰাত ৰাজহুৱা ভাৱে ইয়াৰ বহি: প্ৰকাশ হোৱা দেখা নাযায়।প্ৰেমে সঁচাকৈয়ে বয়সৰ সীমনানামানে, কোনোবা এজন ৬০ বছৰীয়া পুৰুষলৈ যদি ২০ বছৰীয়া ছোৱালীয়ে প্ৰেমৰ প্ৰস্তাৱ দিছে, তেন্তে কোনোবা মাতৃয়ে আকৌ নিজৰ জীয়েকৰ সহপাঠীৰ প্ৰেমত পৰিছে।এয়া লুকাই-চুৰকৈ হোৱা ঘটনা নহয়, ৰাজহুৱা ভাৱেই হৈছে।নাৰী-পুৰুষৰ হলি-গলিক তেওঁলোকেমুকলিমূৰীয়া স্বভাৱৰ এক প্ৰতিফলন বুলি ক’ব খোজে, কোনোবাই আকৌ পাশ্চাত্য দেশৰ অনুকৰণ বুলি ক’ব খোজে।মই অৱশ্যে এইবোৰ একো বুজি নাপাওঁ।কিন্তু এটা কথা সঁচা, প্ৰেমৰ কাৰণে কোনোবাই আত্মহত্যা কৰা বা বিষন্ন মনে থকা উদাহৰণ ইয়াত বিচাৰি পোৱা টান হব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!