কোলাহল (লাকি আহমেদ)
কোলাহল
লাকি আহমেদ
“তই চিন্তা নকৰিবি প্ৰশান্ত মই আছো নহয়..”- নেকিবৰ কথাশাৰীয়েও আশ্বস্ত কৰিব নোৱাৰে প্ৰশান্তক। নেকিবৰ প্ৰ্তিটো উপকাৰ তথা সহানুভুতিৰ অন্তৰালত নিহিত হৈ থকা অভিপ্ৰায়ৰ কথা বুজি পায় সি। নেকিবৰ লালুপ দৃষ্টি যেতিয়া জেছমিনৰ দেহৰ ভাজে ভাজে অশ্লীলভাৱে বাগৰে, ক্ষোভত ভিতৰি ভিতৰি চটফটাই সি। কিন্তু সি যে অসহায়। বিপদৰ দিনত একমাত্ৰ সম্বল বুলিবলৈ আছেগৈ মাথো নেকিব।
জেছমিনৰ চকুত চকু থবলৈও সাহস নহয় আজিকালি প্ৰশান্তৰ। কিবা এক অপৰাধবোধে খেদি ফুৰে তাক অনবৰতে। সি জীৱনটোত পোৱা নোপোৱাৰ হিচাপ নিকাচ কৰে,কিনো দিব পাৰিলে সি তাইক আজিলৈকে..মাথো দুখ..আৰু দুখৰ বাহিৰে। এসময়ত কিমান যে সপোন দেখুৱাইছিল,অজস্ৰ প্ৰ্তিশ্ৰুতিৰে বুৰাই ৰাখিছিল তাইক। হঠাৎ খেলিমেলি লাগি গল সিহঁতৰ জীৱনৰ অংকৰ..অৱশেষ ৰ’লগৈ মাথো এটা প্ৰকাণ্ড শূণ্য। তথাপি কোনো আক্ষেপ নাই জেছমিনৰ জীৱনটোক লৈ, অকপটে স্বীকাৰ কৰি লয় সকলো দুখ কষ্ট, অভাৱ..কেতিয়াও প্ৰ্কাশ নকৰে তাই প্ৰশান্তৰ আগত, কিজানিবা সি দুখ পায়,সি অন্তৰত আঘাত পোৱাতো সৰ্হ্য কৰিব নোৱাৰে তাই। তাই বুজি পায় তাৰ অসহায় অৱস্থাটোৰ কথা।
*****
ঘৰটোত সম্পদ বুলিবলৈ বেতৰ চকী দুখন,পালেং খন,বাচন বৰ্তন কেইপদমান আৰু ষ্ট’ভটোহে বাকী ৰ’লগৈ। টিভি, ফ্ৰিজ আৰু পুৰণা স্কুটাৰখন কেতিয়াবাই উঠাই লৈ গ’ল ফাইণেন্সৰ মানুহে,ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে। কাবুলীৱালা কেইটাৰ পৰাও নিতৌ ভাবুকি ‘পইছা ঘুৰাই লাগে সোনকালে,নহলে দিগদাৰ আছে’। ঘৰৰ ভাৰা দিব নোৱাৰাৰ বাবে বছৰটোত পাঁচটা ভাৰাঘৰ সলনি কৰিব লগা হ’ল,একপ্ৰ্কাৰ খেদিয়ে পঠিয়ালে সিঁহতক ঘৰৰ মালিকে। বৰ্তমানৰ ভাৰাঘৰটোৰ মালিকৰো লাষ্ট ৱাৰ্ণিং “১৫ তাৰিখৰ ভিতৰত ভাৰা নিদিলে ঘৰ খালী কৰিব লাগিব”..! চাৰিওফালে মাথো অন্ধকাৰ দেখে প্ৰশান্তই..কিন্তু সি কৰিবই বা কি? ক’ত পাব টকা? পৰিত্ৰাণৰ উপায় নাপায় মাথো পলায়ন কৰে প্ৰশান্তই..নিজৰ আৰু সকলোৰে পৰা….।
*****
এদিন অজস্ৰ সপোন বুকুত বান্ধি দুয়োখন ঘৰৰ ঘোৰ বিৰোধিতাকো আওকাণ কৰি এজনে আনজনক নিজৰ কৰি লৈছিল। সপোনৰ ডেউকাৰে দুয়ো উৰিছিল উচ্চতাৰ পৰা উচ্চতালৈ। প্ৰশান্তই ঘৰে ঘৰে টিউচন কৰি আৰ্জন কৰা সীমিত উপাৰ্জনেৰে ঠিকেই চলি গৈছিল দুজনীয়া সুখৰ সংসাৰখন। দুখ নাছিল..অভাৱো নাছিল। কিন্তু সময়ে কাঢ়ি নিলে এদিন সকলোবোৰ,তাচপাতৰ দৰে খঢ়ি পৰিল সিঁহতৰ সপোনৰ কাৰেং। এটা দূৰ্ঘটনাই অমানিশা নমাই আনিছিল সিঁহতৰ জীৱনলৈ। চিৰদিনৰ বাবেই এখন ভৰি হেৰুৱালে প্ৰশান্তই। চিকিৎসাৰ নামত সাঁচতিয়া ধন যি আছিল সকলো উদং হল। এপদ দুপদকৈ ঘৰৰ বস্তুবোৰো বিক্ৰী হ’ল। জেছমিনেই ঘৰতে দুই এটা টিউচন কৰি ঘৰখন চলাব লগা হল,কিন্তু তাই আৰ্জন কৰা এঘাৰশ টকাই প্ৰযাপ্ত নাছিল সংসাৰখন চলাবলৈ। সহায় কৰিবলৈ আপোন বুলিবলৈও কোনো নাছিল কাষত, একমাত্ৰ প্ৰশান্তৰ বন্ধু নেকিবৰ বাহিৰে…।
ঠিকেই কয় মানুহে বিপদ যেতিয়া আহে চব ফালৰ পৰা আহে বুলি। এনেই দুৰৱস্থা,তাতেই আকৌ প্ৰশান্তৰ তলপেতত প্ৰচণ্ড বিষটো লাগিল। ডাক্তৰে কৈছে গ’ল-ব্লাডাৰ,চিকিৎসাৰ বাবে কমেও দহ-বাৰ হাজাৰ টকা লাগিব। নাৰ্ছিং হ’মত ভৰ্ত্তি হব লাগিব। পিছে ক’ত পাব সি ইমান টকা?চবৰে ওচৰত ধাৰ,কোনেও আৰু ধাৰ দিবলৈ মান্তি নহয় তাক। নেকিবকে কয় সি কথাটো..
“চাম বাৰু..!”-নেকিবে না নকয়।
“কিন্তু প্ৰশান্ত;তই জানো পৰিশোধ কৰিব পাৰিবি মোৰ ধাৰবোৰ?”
উত্তৰ বিচাৰি নাপায় প্ৰশান্তই!
******
প্ৰশান্তই বুজি পায়..জেছমিনেও বুজে..জেছমিনৰ প্ৰতি থকা নেকিবৰ দূৰ্বলতাৰ কথা। একমাত্ৰ তাইৰ বাবেই যে সি কেতিয়াও কুণ্ঠাবোধ নকৰে প্ৰশান্তক সহায় কৰিবলৈ। সি নহ’লে কি যে হ’ব সিহঁতৰ অৱস্থা।
“জেছ, আমি জানো পৰিশোধ কৰিব পাৰিম নেকিবৰ ধাৰবোৰ…?”- অসহায়ভাৱে চায় সি জেছমিনৰ চকুলৈ!
প্ৰত্যুত্তৰ মাথোন এক বিষন্ন চাৱনি….নিস্তব্ধতা…!
হঠাৎ কোঠাটোৰ ভয়াবহ নিস্তব্ধতা ভেদি কোলাহল কৰি উঠে ফোনটোৱে..।
“নেকিব আহি আছে..”-জেছমিনলৈ চায় কয় সি।
কোঠাটোত পুনৰ ভয়াবহ নিস্তব্ধতাই কোলাহল কৰে..।
জেছমিনে বুজি পায় সকলোবোৰ..প্ৰশান্তৰ মৌনতাই বুজাব খোজা কথাবোৰ। পাৰ ভঙা নদীৰ দৰে দুধাৰি অশ্ৰু বৈ আহে জেছমিনৰ দুচকুৰে।
পেংডালত ভৰ দি দি লাহে লাহে প্ৰশান্ত ওলাই আহে কোঠাটোৰ পৰা!বাহিৰত ঘোপমৰা অন্ধকাৰ..পথটোকে চিনিব নোৱৰি! একা বেঁকা পথটোৰে লাহে লাহে প্ৰশান্ত বিলীন হৈ যায় এন্ধাৰত…….।